ETV Bharat / state

আমিনগাঁৱত তীব্ৰবেগী বাহনৰ খুন্দাত ক্ষতিগ্ৰস্ত ব্যৱসায়িক প্ৰতিষ্ঠান - মাৰুটি অল্টো

নিশা আমিনগাঁৱৰ পানীপাৰাত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তীব্ৰ বেগী মাৰুতী অল্টো গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়ালে ব্যৱসায়িক প্ৰতিষ্ঠানত ৷ তীব্ৰবেগী বাহন খনে খুন্দিওৱাৰ ফলত চূৰ্ণ বিচূৰ্ণ হৈ পৰিল মৌচুমী ফেব্ৰিকো নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন ৷ অত্যধিক সুৰাপানেই ঘটনাৰ মূখ্য কাৰণ বুলি জানিব পৰা গৈছে ৷

আমিনগাঁৱত তীব্ৰবেগী বাহনৰ খুন্দাত চূৰ্ণ বিচুৰ্ণ ব্যৱসায়িক প্ৰতিষ্ঠান

author img

By

Published : Sep 28, 2020, 12:51 PM IST

কামৰূপ, 28 চেপ্তেম্বৰ: অত্যধিক সুৰাপানৰ ফলত নিশা আমিনগাঁৱৰ পানীপাৰাত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তীব্ৰ বেগী মাৰুতী অল্টো গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই এখন ব্যৱসায়িক প্ৰতিষ্ঠানত খুন্দা মৰাত চূৰ্ণ বিচূৰ্ণ হৈ পৰে মৌচুমী ফেব্ৰিকো নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন ৷ দুৰ্ঘটনাটোৰ ফলত গাড়ীখনৰ ভিতৰত থকা সমৰ কলিতা আৰু ব্ৰজেন ভৰালী নামৰ দুই যুৱকৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷ দুই যুৱকৰ ঘৰ শিঙিমাৰীত বুলি জানিব পৰা গৈছে ৷

তীব্ৰবেগী মাৰুটি অল্টোৰ খুন্দাত চূৰ্ণ বিচূৰ্ণ ব্যৱসায়িক প্ৰতিষ্ঠান

দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ নম্বৰ AS-01-BQ-0179 ৷ অত্যাধিক সুৰাপানেই দুৰ্ঘটনাৰ মুখ্য কাৰণ বুলি জানিবলৈ পোৱা গৈছে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুই যুৱকক উদ্ধাৰ কৰিছে ৷ দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি ঘটনাস্থলীত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ৷ মাৰুটি অল্টো খনে ব্যৱসায়িক প্ৰতিষ্ঠানখনত খুন্দা মৰাৰ ফলত হোৱা লোকচানৰ বাবে এতিয়া স্থানীয় ৰাইজে ক্ষতিপূৰণৰ দাবী কৰিছে ৷
লগতে পঢ়ক: জালুকবাৰী আৰক্ষীৰ জালত দুটা বহিঃৰাজ্যৰ এ টি এম হেকাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.