ETV Bharat / state

অগপতে জন্মিছো,অগপতে মৃত্যুবৰণ কৰিম : ৰমেন্দ্ৰ নাৰায়ণ কলিতা

author img

By

Published : Nov 22, 2020, 7:48 PM IST

ৰাজ্যত সমাগত বিধান সভাৰ নিৰ্বাচন ৷ শাসকীয় বিজেপি দলৰ লগতে অগপ, কংগ্ৰেছ আৰু নতুনকৈ গঠিত হোৱা ৰাজনৈতি দল সমূহে তৎপৰতা বৃদ্ধি কৰা দেখা পোৱা গৈছে ৷ তাৰমাজতে ব্যাপক চৰ্চা লাভ কৰিছে অগপ-বিজেপিৰ মিত্ৰতা থাকিব নে নাই ৷ দুয়োটা দলৰ বিভিন্ন পৰ্যায়ৰ নেতাই ভিন্ন সময়ত মিত্ৰতাৰ সৰ্ন্দভত বিৰূপ মন্তব্য কৰা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ অগপৰ দখলত থকা চাৰিটা সমষ্টি বিজেপিয়ে এইবাৰ প্ৰাৰ্থীত প্ৰদান কৰিব বুলি কোৱাৰ পিছতে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ডাঃ কমলা কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে ৷

agp-meeting-at-west-guwahati
অগপতে জন্মিছো,অগপতে মৃত্যুবৰণ কৰিমঃ ৰমেন্দ্ৰ নাৰায়ণ কলিতা

দক্ষিণ কামৰূপ,22 নৱেম্বৰ : শেহতীয়াভাৱে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিজেপিত যোগদান কৰিব বুলি যি চৰ্চা চলি আছে এয়া আছলতে অন্য দলৰ এক কু-অভিসন্ধী হে । অগপৰ ভাৱমূৰ্তি জনমানসত বিনষ্ট কৰিবলৈ এয়া এক অপপ্ৰচাৰ বুলি মন্তব্য কৰে দেওবাৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷ লগতে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সদৰি কৰে যে, মিত্ৰতা থাকক বা নাথাকক পশ্চিম গুৱাহাটীত হাতী আৰু অগপৰ পতাকা থাকিবই । অগপতে জন্মিছো আৰু অগপতে মৃত্যুবৰণ কৰিম ৷

আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক সাংসদ দিলীপ শইকীয়াই বৰ্তমান অগপৰ শাসনত থকা পশ্চিম গুৱাহাটী পাটাচাৰকুছি, কমলপুৰ আৰু বঢ়মপুৰ সমষ্টি বিজেপিয়ে এইবাৰ বিচাৰিব বুলি যি মন্তব্য কৰিছিল সেই মন্তব্যৰ বিৰোধিতা কৰে অগপ নেতৃত্বই। যাৰ বিৰুদ্ধে দেওবাৰে পশ্চিম গুৱাহাটী সমষ্টিত অগপই পশ্চিম গুৱাহাটী যুৱ বিধান পৰিষদৰ অধিবেশন অনুষ্ঠিত কৰি আগন্তুক নিৰ্বাচনৰ বাবে ৰণডংকা বজায় । এই অধিবেশনত উপস্থিত থাকে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰামেন্দ্ৰ নাৰায়ণ কলিতা, ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, অগপৰ কেন্দ্ৰীয় সম্পাদক কমলা কলিতা ।

ইপিনে বৰ্তমান সময়ত অগপৰ হাতত থকা কোনো এটা সমষ্টিয়ে বিজেপিক এৰি দিয়া নহ’ব। কাৰণ অগপ এতিয়া আগত কৈ শক্তিশালী হৈছে যাৰবাবে আগন্তুক নিৰ্বাচনত বৰ্তমানতকৈও অধিক আসন অগপই বিচাৰিব বুলি জানিবলৈ দিয়ে অগপৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক কমলা কলিতাই ।

আনহাতে ৰাজ্যসভাৰ সাংসদ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কয় যে, ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবলৈ বিজেপিৰ একাংশ নেতাই অগপৰ বিৰুদ্ধে নানান অপপ্ৰচাৰ চলাই আছে। আসন এৰি দিয়া নিদিয়াকলৈ বিজেপি আৰু অগপৰ মাজত এতিয়ালৈকে কোনো ধৰণৰ আনুষ্ঠানিক আলোচনা হোৱা নাই।

লগতে পঢ়কঃআজি অনুষ্ঠিত হ'ল আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.