ETV Bharat / state

কনটেইন্টমেন জ'ন ঘোষণা : কামৰূপ প্ৰশাসনৰ পক্ষপাতিত্বমূলক আচৰণৰ অভিযোগ

author img

By

Published : Jun 5, 2020, 12:36 PM IST

কোভিড-19 ত আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ পাছতে জিলাখনৰ গ্ৰাম্য অঞ্চলত বিভিন্ন ঠাইত পাঁচশ মিটাৰলৈকে কনটেইন্টমেন জ'ন ঘোষণা কৰিছে প্ৰশাসনে । কিন্তু ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ ক্ষেত্ৰত জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক নৰম হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

Accusation against Kamrup Administration while declaring containment zones
কনটেইন্টমেন জ'ন ঘোষণাৰ ক্ষেত্ৰত কামৰূপ জিলা প্ৰশাসনৰ পক্ষপাতিত্ত্বমুলক আচৰণৰ অভিযোগ

গুৱাহাটী, 5 জুন: ৰাজ্যৰ আন সমূহ ঠাইৰ লগতে গুৱাহাটীটো ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ যাৰ বাবে বিভিন্ন ঠাইক কনটেইন্টমেন জ'ন হিচাপে ঘোষণা কৰিছে সংশ্লিষ্ট প্ৰশাসনে ৷ কিন্তু কনটেইন্টমেন জ'ন ঘোষণাৰ ক্ষেত্ৰত কামৰূপ জিলা প্ৰশাসনে পক্ষপাতিত্বমূলক আচৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে উত্তৰ গুৱাহাটীৰ একাংশ সচেতন লোকে ৷ উল্লেখ্য যে, কোভিড-19 ত আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ পাছতে জিলাখনৰ গ্ৰাম্য অঞ্চলত বিভিন্ন ঠাইত পাঁচশ মিটাৰলৈকে কনটেইন্টমেন জ'ন ঘোষণা কৰিছে প্ৰশাসনে । কিন্তু ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ ক্ষেত্ৰত জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক নৰম হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । আনহাতে কোভিড-19 ত আক্ৰান্ত হোৱা শ্ৰমিক কেইজনৰ মালিকে আন বহুটো বিসংগতি কৰাৰ অভিযোগ উত্থাপন কৰি তেঁওৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৰাইজে ৷

উল্লেখ্য যে, বিগত 2 জুন তাৰিখেই ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কখনত চাৰিজনকৈ লোকৰ দেহত ধৰা পৰিছিল কোভিড-19 ৰ অৱস্থিতি ৷ কিন্তু ঘটনাৰ 3 দিন উকলি যোৱাৰ পাছতো প্ৰশাসনে উক্ত অঞ্চলটোক কন্টেইমেন্ট জ'ন হিচাপে ঘোষণা নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় অঞ্চলবাসী ৷ ৰাজ্যৰ বহু নামী দামী উদ্যোগপতিৰ উদ্যোগ থকা ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কখনি কনটেইন্টমেন জ'ন ঘোষণা কৰিবলৈ উপায়ুক্ত গৰাকীৰ সাহস নোহাৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, ইণ্ডাষ্ট্ৰিয়েল পাৰ্কখনিৰ মাথো ৩৮ নম্বৰ প্লটটো কনটেইন্টমেন জন কৰিয়ে দায়িত্ব সামৰিলে কামৰূপ জিলা প্ৰশাসনে ।

লগতে পঢ়কঃ গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰাবাসৰ 13 জনৰ দেহত COVID-19

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.