ছয়গাঁও ৩০, মেঃ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত ছয়গাঁও মহাবিদ্যালয়ৰ সমীপত শনিবাৰে পুৱা সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে, শুৱালকুছি গন্ধমৌ গাঁৱৰ নজৰুল হুছেইন নামৰ লোকজনে নিজৰ এ এচ ০১ এ ৱাই ৪০৮০ নম্বৰৰ এল্টো গাড়ীখনেৰে চাকৰি সূত্ৰে পত্নী অমিয়া বেগমক লগত লৈ ছমৰীয়ালৈ আহি আছিল।

ছয়গাঁৱৰ মহাবিদ্যালয়ৰ ওচৰত ৰাষ্ট্ৰীয় ঘাই পথত হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে গাড়ীখন। ফলত থিতাতে নিহত হয় চালকৰ আসনত থকা নজৰুল ইছলাম নামৰ লোকজন। আনহাতে গুৰুতৰভাৱে আহত মহিলা গৰাকীৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ।
লগতে পঢ়কঃ হোজাইত বনৰক্ষীৰ জালত চোৰাং কাঠ ভৰ্তি টাটা মেজিক