কামৰূপ,16 নৱেম্বৰঃ কামৰূপ জিলাৰ সীমান্তবৰ্ত্তী বৰক্ষেত্ৰীৰ চুঙোৰবডী এজন যুৱক নাম ইযাছিন আলী । পেছাত এজন এল আই ছিৰ এজেন্ট আৰু শ্ৰমিক কৰ্মী । এই ইযাছিনে উদ্ভাৱন কৰি উলিয়াইছে এক অভিনৱ প্ৰযুক্তি যাৰ সহায়ত পানীৰ অপচয় ৰোধৰ লগতে আৰু বিদ্যুতৰ অপচয় ৰোধৰ ক্ষেত্ৰত এক যুগান্তকাৰী উদ্ভাৱন হিচাপে অভিহিত হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে ৷
ইয়াছিনে এই প্ৰযুক্তিটোৰ নাম "AUTO COVER WATER CONSERVATION TECHNOLOGY" বুলি নামকৰণ কৰিছে ৷ অৰ্থাৎ মটৰেদি ঘৰৰ পানীৰ টেংকিত পানী উঠোৱাৰ পিছত পানী ভৰ্তি হলে এই কৌশল ব্যৱহাৰৰ ফলত নিজে নিজে বন্ধ হৈ পৰিব পানী উঠোৱা মটৰটো । তদুপৰি টেংকিত যেতিয়া পানী খালী হৈ থাকিব, তেতিয়া এই প্ৰযুক্তিৰ জৰিয়তে মটৰৰ সহায়ত পানী টেংকিত প্ৰযোজনীয পানী ভৰ্তি হলে নিজে নিজে বন্ধ হৈ যায় পানীৰ মটৰটো । এক উল্লেখযোগ্য উদ্ভাৱনৰ উদ্ভাৱক হিচাবে আত্মপ্ৰকাশ কৰা ইয়াছিনে এই মটৰ কণ্ট্ৰল প্ৰযুক্তিৰ সফল ৰূপ দিবলৈ বিগত ছমাহে অহৰহ চেষ্টাত লাগি আছিল আৰু শনিবাৰে সফলতা লাভ কৰে ৷
শুকুৰবাৰে স্থানীয় লোকসকলৰ উপস্থিতিত "AUTO COVER WATER CONSERVATION TECHNOLOGY" ৰ প্ৰথম পৰীক্ষামূলক প্ৰয়োগ কৰি সফল হয় ইয়াছিন । দুখীয়া পৰিয়ালৰ ইযাছিনৰ এনে অভিনৱ প্ৰচেষ্টাক আদৰণি জনাইছে স্থানীয় লোকসকলে ।
উল্লেখযোগ্য এটা ষ্ট্ৰীলৰ বলবাতি, এটা বল আৰু দুডাল তাঁৰৰ সহায়ত বিদ্যুতৰ জৰিয়তে পানী আৰু বিদ্যুতৰ অপচয় যথেষ্ট ৰোধ হ'ব বুলি দাবী কৰে উদ্ভাৱকগৰাকীয়ে ৷
আৰু পঢ়ক বিদ্যালয়ৰ পৰা চিকিৎসালয় পৰ্যন্ত: কি নাই গোৱালপাৰাৰ ডিটেনচন কেম্পত !