ৰঙিয়া, 9 নৱেম্বৰ : ৰঙিয়াৰ পৰা সন্ধানহীন হৈছে এগৰাকী ব্যৱসায়ী । গুৱাহাটীলৈ যোৱাৰ পথত সন্ধানহীন হৈছে ব্যৱসায়ীগৰাকী । নিৰুদ্দিষ্ট ব্যৱসায়ীগৰাকীৰ ঘৰ ৰঙিয়াত ৷ এই ঘটনাই সমগ্ৰ ৰঙিয়াত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
ঘটনাৰ বিৱৰণী অনুসৰি, নিৰুদ্দিষ্ট ব্যৱসায়ীগৰাকীৰ নাম মেৰাজ আলী ৷ ইতিমধ্যে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰা হৈছে ৷ যদিও এতিয়ালৈকে ব্যৱসায়ীগৰাকীৰ কোনো সম্ভেদ নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকসকল ।
পিছত উপায়বিহীন হৈ ৰঙিয়া থানাত গোচৰ দিয়ে ব্যৱসায়ীগৰাকীৰ পত্নীয়ে । কিন্তু আৰক্ষীয়ে আলীৰ কোনো সম্ভেদ উলিয়াব নোৱাৰিলে ৷ হাতত সন্ধানহীন স্বামীৰ ফটো আৰু লগত একমাত্ৰ সন্তানক লৈ ব্যৱসায়ীগৰাকীৰ পত্নীয়ে বিভিন্ন ঠাইত স্বামীক বিচাৰি হাবাথুৰি খাই ফুৰিছে ৷
কিন্তু ক'লৈ গ’ল এই ব্যৱসায়ীগৰাকী ! তেওঁ কোনো মানৱ সৰবৰাহকাৰীৰ কবলত পৰিছে নেকি ? নে নিৰুদ্দেশৰ অন্তৰালত কোনো দুষ্টচক্ৰ জড়িত হৈ আছে ! এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি ভাগি পৰিছে পৰিয়ালবৰ্গ ।
লগতে পঢ়ক : দ্বিতীয় দিনাও লামডিং বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান