ৰঙিয়া,28মেঃ বহিঃৰাজ্যৰ পৰা আজি ৰঙিয়াত ৰে'লৱে ষ্টেচনত উপস্থিত হয় দ্বিতীয় খন যাত্ৰীবাহি ৰে'ল ৷ যাত্ৰীবাহী ৰেল খন অন্ধ্ৰ প্ৰদেশৰ পৰা আবিছিল বুলি জানিবলৈ পোৱা গৈছে ৷
বৃহস্পতিবাৰে ৰঙিয়া ৰে'লৱে ষ্টেচনত উপস্থিত হয় দ্বিতীয় খন যাত্ৰীবাহি ৰে'ল ৷ উক্ত যাত্ৰীবাহী ৰে'লখন অন্ধ্ৰ প্ৰদেশৰ পৰা আহিছিল বুলি জানিবলৈ পোৱা গৈছে ৷ উক্ত ৰেলখনত কামৰূপ , বাক্সা , নলবাৰী , দৰং আদি জিলাৰ প্ৰায় ৫০ গৰাকী যাত্ৰী আহে । ষ্টেচনত উপস্থিত হোৱাৰ লগতে যাত্ৰী সকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ৷ তাৰোপৰি, কৰ্তব্যৰত প্ৰশাসনৰ বিষয়া আৰু কৰ্মচাৰীসকলে যাত্ৰী সকলৰ নাম-ঠিকনা, বয়স পঞ্জীয়ন কৰে যাত্ৰী সকলৰ । ইয়াৰ পিছতে নিজ নিজ জিলাত থকা কোৱোৰেন্টাইন কেন্দ্ৰসমূহলৈ এই যাত্ৰী সকলক বাছ যোগে নিয়াৰ ব্যৱস্থা কৰা হয় বুলি নিৰ্বাচনী বিষয়া ৰিপনজ্যোতি নাথে সাংবাদিকৰ আগত সদৰি কৰে ।
লগতে পঢ়ক- সনাতন ডেকা হত্যাকাণ্ডৰ চতুৰ্থজন অভিযুক্ত আটক