ETV Bharat / state

ৰাজ্যজুৰি উদযাপন পহিলা জানুৱাৰী, নিমাওমাও বনভোজস্থলী - 1st january 2020 celebration over all news

আজি 2020 চনৰ প্ৰথম দিন অৰ্থাৎ পহিলা জানুৱাৰী ৷ সকলোৱে আদৰিছে নতুন বছৰটোক ৷ কিন্তু বিগত বৰ্ষবোৰৰ তুলনাত নতুনক আদৰাৰ আনন্দ নাই অসমবাসীৰ মাজত ৷ বনভোজস্থলী সমূহত নাই বনভোজৰ আনন্দ ৷

পহিলা জানুৱাৰী
ৰাজ্যজুৰি উদযাপন পহিলা জানুৱাৰী, নিমাওমাও বনভোজস্থলী
author img

By

Published : Jan 1, 2020, 9:25 PM IST

নিউজ ডেস্ক, 1 জানুৱাৰীঃ আজি 2020 চনৰ প্ৰথম দিন অৰ্থাৎ পহিলা জানুৱাৰী ৷ সকলোৱে আদৰিছে নতুন বছৰটোক ৷ কিন্তু বিগত বৰ্ষবোৰৰ তুলনাত নতুনক আদৰাৰ আনন্দ নাই অসমবাসীৰ মাজত ৷ বনভোজস্থলী সমূহত নাই বনভোজৰ আনন্দ ৷ শিৱসাগৰৰ ঐতিহাসিক গড়গাঁৱৰ কাৰেংঘৰতো নাই দৰ্শনাৰ্থীৰ ভিৰ ৷ প্ৰতিবছৰে ডিচেম্বৰ মাহৰ পৰা বিদেশী পৰ্যটক তথা বনভোজ দলসমূহ আহি ভিৰ কৰেহি কাৰেংঘৰৰ বাকৰিত কিন্তু এইবাৰ কাৰেংঘৰত নাই সেই আনন্দমুখৰ পৰিৱেশ ৷ শেহতীয়াকৈ ৰাজ্যত যি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত হৈছে তাৰ প্ৰভাৱতে বনভোজস্থলী সমূহত মানুহৰ উপস্থিত সেৰেঙা হোৱাৰ কথা ব্যক্ত কৰিছে স্থানীয় লোক তথা পুৰাতত্ত্ব বিভাগৰ লোক সকলে ৷

ৰাজ্যজুৰি উদযাপন পহিলা জানুৱাৰী, নিমাওমাও বনভোজস্থলী

ঠিক সেইদৰে পহিলা জানুৱাৰীত বনভোজ খাই স্ফুৰ্তি কৰাৰ পৰিবৰ্তে ছয়গাঁৱৰ এটি ছাত্ৰ সমাজে ৰাইজক নৱ বৰ্ষত উপহাৰ দিলে একোটাকৈ গছপুলি । নৱবৰ্ষক আদৰাৰ নামত একাংশ যুৱকে উশৃংখল চিন্তাৰে আনন্দত মতলীয়া হোৱাৰ বিপৰীতে এইসকল যুৱকে ধনাত্মক চিন্তাৰে ৰাইজৰ মাজত গছপুলি বিতৰণ কৰা চিন্তাই প্ৰশংলা বুটলিলে সকলোৰে ৷

আনহাতে, ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনাই শ শ দৰ্শনাথীয়ে বটদ্ৰৱা থানত আহি আশীষ ল'লে গুৰুজনাৰ ৷ বছৰটো সকলোৰে বাবে কুশল আৰু চৰকাৰৰ সুমতি বিচাৰিলে দৰ্শনাথীয়ে । তাৰোপৰি উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত মঠ মন্দিৰকে ধৰি বিভিন্ন মন্দিৰত নেদেখাজনৰ আশীষ বিচাৰি ভক্তৰ দীঘলীয়া শাৰী । নতুন বছৰটো সুখ শান্তি সমৃদ্ধিৰে উপচি পৰাৰ কামনাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তই ভিৰ কৰে উত্তৰ গুৱাহাটীত ।

গোৱালপাৰাৰ সূৰ্য পাহাৰত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা বনভোজ দলৰ আগমন ঘটে । কিন্তু ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতৰ বাবেই আন বছৰৰ তুলনাত এইবেলি বনভোজ খাবলৈ অহা মানুহ কম বুলি মন্তব্য কৰে স্থানীয়ই ৷ ঠিক একেদৰে আন বছৰৰ তুলনাত এইবাৰ বিশ্বনাথ ঘাটটো নাই কোনো উখল মাখল পৰিৱেশ ৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলৰ বাবেই এনে প্ৰভাৱ পৰে বুলি মন্তব্য কৰে স্থানীয় ব্যৱসায়ীয়ে ৷ লখিমপুৰ বগীনদীৰ চইলটো পূৰ্বৰ তুলনাত বনভোজ প্ৰেমী কম পৰিলক্ষিত হ'ল ৷ টীয়কৰ জাঁজীমুখতো প্ৰায় নিমাওমাও পৰিৱেশ ৷ বনভোজস্থলীৰ পৰাই নাগৰিত্ব সংশোধনী আইন বাতিলৰ কৰিবলৈ আহ্বান জনাই চৰকাৰক ৷

আৰু পঢ়কঃ প্ৰথম চীফ অফ ডিফেন্স ষ্টাফৰ পোছাক মুকলি

Intro:Body:NABUL KONWAR
DATE-1/1/2020
NAZIRA. ASSAM.

নাজিৰা, ১ জানুৱাৰী- আজি ২০২০ চনৰ প্ৰথম দিন ৷ সকলোৱে আদৰিছে নতুন বছৰটোক৷ কিন্তু বিগত বৰ্ষবোৰৰ দৰে নতুনক আদৰাৰ আনন্দ নাই অসম বাসীৰ মাজত৷ বনভোজ স্থলী সমূহত নাই বনভোজৰ আনন্দ৷ শিৱসাগৰ জিলাৰ ঐতিহাসিক গড়গাঁৱৰ কাৰেংঘৰতো নাই দৰ্শনাৰ্থীৰ ভিৰ৷ প্ৰতিবছৰে ডিচেম্বৰ মাহৰ পৰা বিদেশী পৰ্যটক তথা বনভোজ দল সমুহ আহি ভিৰ কৰেহি গড়গাঁৱৰ কাৰেংঘৰৰ বাকৰিত কিন্তু এইবাৰ কাৰেংঘৰত নাই সেই আনন্দমুখৰ পৰিবেশ৷ সেহতীয়াকৈ ৰাজ্যত যি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত হৈছে তাৰ প্ৰভাৱতে বনভোজস্থলী সমূহত মানুহৰ উপস্থিত সেৰেঙা হোৱাৰ কথা ব্যক্ত কৰিছে স্থানীয় লোক তথা পুৰাতত্ত্ব বিভাগৰ লোক সকলে৷Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.