গুৱাহাটী,২০ জুন: ৰাভা দিৱস উপলক্ষে শণিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত মহানগৰীত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান । ৰাভা দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ গোটানগৰ নামবাৰী হাইস্কুলত আয়োজিত অনুস্থানটোতে কৃতী ছাত্ৰ-ছাত্ৰীকো সম্বৰ্ধনা জনোৱা হয় । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰায় অৰ্ধশতাধিক শিক্ষাৰ্থীক মানপত্ৰ প্ৰদান আৰু সম্বৰ্ধনা জনোৱা হয় ।
এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা কমল ভৰালী,গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি প্ৰদীপ কলিতা, সাধাৰণ সম্পাদক প্ৰদীপ মজুমদাৰ,উপদেষ্টা বীৰেন দাস,উপ সভাপতি দীনমণি ভূঞা,যুটীয়া সম্পাদক লংকেশ্বৰ বৰ্মন,আঞ্চলিক সমিতিৰ সভাপতি কুলদ্বীপ বৰুৱা,সাধাৰণ সম্পাদক চাহিল চহৰীয়া আৰু জাতীয় মহিলা পৰিষদৰ উপদেষ্টা বিনীতা দেৱী ।
লগতে চাওকঃ বাঘজান তৈলক্ষেত্ৰ বন্ধৰ নিৰ্দেশ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ