ETV Bharat / state

Youth commits suicide: প্ৰেমিকাৰ সন্মুখতে আত্মহত্যা কৰিলে প্ৰেমিকে

author img

By

Published : Oct 12, 2022, 8:18 PM IST

পুনৰ গুৱাহাটী মহানগৰীত আত্মহত্যাৰ ঘটনা । এইবাৰ হোটেলত প্ৰেমিকাৰ সন্মুখতে আত্মহত্যা কৰিলে প্ৰেমিকে ৷ এই ঘটনাই এতিয়া জোকাৰি গৈছে সমগ্ৰ মহানগৰী(Suicide at Paltanbazar hotel) ৷ মহানগৰীৰ পল্টন বজাৰৰ হোটেল বৃন্দাবনত সংঘটিত হৈছে এই আত্মহত্যাৰ ঘটনা ।

youth commits suicide at guwahati hotel
Youth commits suicide: মহানগৰীৰ হোটেলত যুৱকৰ আত্মহত্যা

গুৱাহাটী,১২ অক্টোবৰ: বুধবাৰে পুৱতি নিশা পল্টন বজাৰৰ বৃন্দাবন হোটেলত সংঘটিত হয় এই চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা । অৰিজিৎ ডেকা নামৰ সৰ্থেবাৰীৰ এজন যুৱকে হোটেলখনৰ ২০২ নম্বৰ কোঠাত চিলিং ফেনত নিজৰ পেন্টৰ বেল্টেৰে চিপ লৈ আত্মহত্যা কৰে । ইয়াৰ পাছতেই অৰিজিতে এই পথ বাছি লোৱাৰ কথা ফোনযোগে তেওঁৰ জ্যেষ্ঠ ভগ্নীক অৱগত কৰে অৰিজিতৰ প্ৰেমিকাগৰাকীয়ে(Youth commits suicide in front of girlfriend) ।

জানিব পৰা মতে আত্মহত্যাৰ পূৰ্বে প্ৰেমিকাৰ সৈতে কাজিয়াত লিপ্ত হৈছিল অৰিজিত । সেই কাজিয়াৰ পৰিণতিতে অৰিজিতে আত্মহত্যাৰ দৰে চৰম পথ বাছি লয় বুলি এক তথ্য পোহৰলৈ আহিছে । প্ৰেমিকাগৰাকীয়ে অৰজিতৰ জ্যেষ্ঠ ভগ্নীক অৱগত কৰোৱাৰ ঠিক এঘণ্টাৰ পাছতে হোটেলখনত উপস্থিত হয় তিনিজন যুৱক । তাৰ পাছতেই সেই যুৱককেইজনৰ সৈতে অৰজিতৰ প্ৰেমিকাগৰাকীয়ে অৰিজিতক লৈ যায় আৰ্য হাস্পতাললৈ ।

কিন্তু চিকিৎসকে অৰিজিতক মৃত বুলি ঘোষণা কৰে । যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে অৰজিতৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হয় । সমগ্ৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ মহানগৰীত ।

হোটেল কৰ্তৃপক্ষ আৰু চিকিৎসকৰ মন্তব্য

ইফালে বৃন্দাবন হোটেল কৰ্তৃপক্ষই এই ঘটনাক গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে । বৃন্দাবন হোটেল কৰ্তৃপক্ষৰ মতে অৰজিতে আত্মহত্যা কৰা নাই । পূৰ্বৰ শাৰীৰিক অসুস্থতাৰ পৰিপ্ৰেক্ষিতত মুমুৰ্ষু অৱস্থাত পৰিয়ালৰ লোকে অৰিজিতক চিকিৎসালয়লৈ নিয়া বুলি দাবী কৰে হোটেল কৰ্তৃপক্ষই ।

আনহাতে হোটেল কৰ্তৃপক্ষৰ মতে যোৱা ১০ অক্টোবৰত প্ৰেমিকাৰ সৈতে অৰিজিতে বুক কৰিছিল হোটেলখনৰ ২০২ নম্বৰ কোঠাটো । সেই কোঠাতেই প্ৰেমিকাৰ সৈতে ৩ দিন ধৰি হোটেলখনতে কটাইছিল অৰিজিতে । সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে পল্টন বজাৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

অৰজিতৰ মৃত্যুৰ পাছতেই পৰিয়ালৰ লোকে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । অৰিজিৎ ডেকাৰ মৃত্যুৰ সন্দৰ্ভত তেওঁৰ খুড়াকে কয় যে একেটা কোঠাতে দুয়ো থকাৰ পিছতো আত্মহত্যা কৰাটো এক সন্দেহজনক বিষয় । মৃত অৰজিতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক বিভাগত অধ্যয়ন কৰি আছিল বুলি জানিবলৈ দিয়ে খুড়াকে ।

অৰজিতৰ খুড়াকৰ মন্তব্য

মেকানিকেল ইনিঞ্জিনিয়াৰিঙৰ প্ৰথম ষান্মাষিকৰ ছাত্ৰ আছিল সৰ্থেবাৰীৰ অৰিজিত(Arijit Deka of Sarthebari commits suicide) । দুয়ো প্ৰেমৰ সম্পৰ্কৰ কথা খুড়াকে পূৰ্বে গম পোৱা নাছিল বুলি উল্লেখ কৰে । অৱশ্যে অৰিজিতৰ জ্যেষ্ঠ ভগ্নীয়ে তেওঁলোক দুয়োৰে মাজত থকা সম্পৰ্কৰ কথা জ্ঞাত বুলি উল্লেখ কৰে । আনকি দুয়োৰে মাজত হোৱা কাজিয়াৰ কথাও অৰজিতৰ জ্যেষ্ঠ ভগ্নীয়ে জানে বুলি উল্লেখ কৰে ।

উল্লেখ্য যে, গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আত্মহত্যাৰ দৰে ঘটনাই(Suicides are rise in Guwahati) । কিন্তু লক্ষণীয়ভাৱে প্ৰতিটো ঘটনাই সোমাই পৰিছে ৰহস্যৰ আৱৰ্তত । বিগত তিনিটা দিনত ধাৰাবাহিকভাৱে মহানগৰীত সংঘটিত হৈছে তিনিটাকৈ আত্মহত্যাৰ ঘটনা । ৯ অক্টোবৰত আই আই টি গুৱাহাটীত অন্ধপ্ৰদেশৰ পূব গোদাবৰীৰ গুডলা মহেশ সাইৰাজ নামৰ ছাত্ৰজনে আত্মহত্যা কৰে(IIT Guwahati student suicided) ।

ইফালে বিশ্বকৰ্মা পূজাৰ দিনটোত সূৰ্য নাৰায়ণ প্ৰেম কিশোৰ নামৰ আন এজন বি টেক শিক্ষাৰ্থীয়ে আই আই টি গুৱাহাটীৰ উমিয়াম হোষ্টেলত আত্মহত্যা কৰিছিল(IIT Guwahati student suicide in hostel) । সেই ঘটনাৰ তদন্ত চলি থকাৰ মাজতে ১১ অক্টোবৰত পোহৰলৈ আহে ভিডিঅ’ সাংবাদিকৰ মৃত্যুৰ খবৰ(Video journalist died in Guwahati) ।

লাচিত নগৰত নিশা ছয় মহলীয়া বিল্ডিঙৰ পৰি এজন ভিডিঅ’ সাংবাদিকৰ মৃত্যুৰ খবৰটোক প্ৰথমাৱস্থাত আত্মহত্যা বুলি সন্দেহ কৰা হয় যদিও পাছত পৰিয়ালৰ লোকে অবৈধ সম্পৰ্কৰ বাবে পৰিকল্পিতভাৱে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰে । মহানগৰীত দিনক দিনে বৃদ্ধি পোৱা আত্মহত্যাৰ ঘটনা তথা প্ৰতিটো ঘটনাই এনেদৰে ৰহস্যৰ আৱৰ্তত সোমাই পৰাতো নিশ্চয়কৈ চিন্তনীয় বিষয় ।

লগতে পঢ়ক: President Draupadi Murmu: দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.