ETV Bharat / state

Controversial Comments 2022: ২০২২ বৰ্ষৰ কেইটামান বিতৰ্কিত মন্তব্য

author img

By

Published : Dec 31, 2022, 4:27 PM IST

চাওঁতে চাওঁতে চকুৰ পলকতে পাৰ হ’ল এটা বছৰ (Year Ender 2022) ৷ চলিত বৰ্ষত বিভিন্ন সময়ত ৰাজ্যৰ ৰাজনীতিত কেবাটাও বিতৰ্কিত মন্তব্যই প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছিল ৷ পুনৰ এবাৰ ঘূৰি চাওঁ আহক 2022 চনৰ বিতৰ্কিত মন্তব্যসমূহ (controversial comments in 2022)...

Etv Bharat
Etv Bharat

ভাল-বেয়াৰ বহু স্মৃতিৰে এটা বৰ্ষক বিদায় দি আন এটা নতুন বৰ্ষক আদৰাৰ বাবে সাজু হৈছে ৰাজ্যবাসী (Year Ender 2022)। ২০২২ বৰ্ষটোক বিদায় দি আদৰা হ'ব ২০২৩ বৰ্ষক । বিদায়ী বৰ্ষটোত বহুজনৰ বহু কথাই ৰাজ্যজুৰি সৃষ্টি কৰিছিল প্ৰতিক্ৰিয়াৰ । ৰাজনৈতিক আৰু অৰাজনৈতিক ক্ষেত্রৰ বিভিন্নজনে বিভিন্ন সময়ত আগবঢ়োৱা বিতৰ্কিত মন্তব্যই বছৰটোত বাতৰিৰ শিৰোনাম দখল কৰিছিল । আনকি প্ৰতিক্ৰিয়াৰ লগতে বিভিন্ন বিতৰ্কিত মন্তব্যক কেন্দ্ৰ কৰি প্ৰতিবাদো হৈছিল (controversial comments in 2022)।

২০২২ বৰ্ষটোত শেহতীয়াকৈ ২ ডিচেম্বৰত ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ (Badaruddin Ajmal contoversy comment on Hindu) এক বিতৰ্কিত মন্তব্যক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । শিলচৰত আজমলে হিন্দুৰ বিবাহ আৰু সন্তান জন্ম দিয়াৰ প্ৰসংগক লৈ অত্যন্ত অমাৰ্জিত মন্তব্য কৰিছিল ।

আনকি তেওঁ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাকো (CM Himanta Biswa Sarma) সাঙুৰি অশালীন মন্তব্য কৰিছিল । তেওঁ কৈছিল যে হিন্দুসকলে সঠিক বয়সত বিয়া নকৰে আৰু ২-৩ গৰাকীৰ লগত অবৈধ সম্পৰ্ক ৰাখে । হিন্দুসকলে ঘৰৰ পৰিয়ালৰ হেঁচাত পৰি ৪০ বছৰ বয়সত বিয়া পাতে আৰু তেতিয়া সন্তান জন্ম দিয়াৰ ক্ষমতা নাথাকে । আনহাতে মুছলমানসকলৰ ছোৱালীবোৰে ১৮ বছৰ বয়সত ল’ৰাবোৰে ২২ বছৰ বয়স বিবাহপাশত আৱদ্ধ হয় । সেইকাৰণে মুছলমানসকলৰ জনসংখ্যা বৃদ্ধি পাইছে বুলি তেওঁ মন্তব্য কৰিছিল ।

লগতে তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক লাভ জিহাদ (Badaruddin Ajmal on Love jihad) কৰিবলৈ ৩-৪ গৰাকীকৈ মুছলমান ছোৱালীক বিবাহ কৰিবলৈ আহ্বান জনাইছিল । সাংসদ আজমলৰ এই অতি নিৰ্লজ্জ বক্তব্যৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ লগতে প্ৰতিবাদ হৈছিল । আজমলক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন হৈছিল । আনহাতে ৰাজ্যৰ বিভিন্ন থানাত বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষে আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । পৰিস্থিতি বিষম দেখি আজমলে নিজৰ বক্তব্যৰ বাবে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছিল ।

সেইদৰে ১৮ নৱেম্বৰত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে কৰিছিল আন এক (MLA Ramakanta Deori controversy comment) বিতৰ্কিত মন্তব্য । মৰিগাঁৱত তিৱা যুৱ পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অংশ গ্ৰহণ কৰি বিধায়ক ৰমাকান্ত দেউৰীয়ে ৰাজহুৱাভাৱে জনজাতি লোকক হিংসাত্মক কাম কৰাৰ বাবে উচতনি দিছিল । যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । মুকলি সভাত বিধায়ক দেউৰীয়ে কৈছিল -'আমাৰ ভূমিপুত্ৰসকলে ফৰেষ্টৰ মাটি দখল কৰি বহি থাকিলে জোৰ জবৰদস্তি উঠাই দিয়ে । গতিকে এইবাৰ উঠাব আহিলে ফৰেষ্টৰ মানুহক দা-যাঁঠি লৈ টুকুৰা-টুকুৰি কৰি কাটি দিবি ।’ এজন বিধায়কৰ এনে বক্তব্যকলৈ সৰ্বত্র প্ৰতিক্ৰিয়া হৈছিল । পাছত তেওঁ ক্ষমা খুজিবলৈ বাধ্য হৈছিল ।

ৰাজনৈতিক ব্যক্তিৰ উপৰি অৰাজনৈতিক ব্যক্তিৰ বিতৰ্কিত মন্তব্যক কেন্দ্ৰ কৰিও ২০২২ বৰ্ষটোত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । ১৯ অক্টোবৰত দক্ষিণপাট গৃহাশ্ৰমী সত্ৰীয়া অধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে মাজুলী সন্দৰ্ভত কোৱা কেইটামান বক্তব্যক কেন্দ্ৰ কৰি সমগ্র মাজুলীৰ লগতে ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল (Satradhikar Janardan Deva Goswami controversy)।

প্ৰথম অৱস্থাত সত্ৰীয়াগৰাকীয়ে মাজুলীত খ্ৰীষ্টানৰ আগ্ৰাসনৰ প্ৰসংগত সংবাদমাধ্যমত মন্তব্য দিবলৈ গৈ কৈছিল যে মাজুলীত যদি কেৰ’লৰ ধ্বনি শুনিব পাৰোঁ, আজান যদি শুনিব পাৰোঁ, তেন্তে দুৰ্গা পূজাৰ মন্ত্ৰ শুনাতো আপত্তি নাই বুলি মন্তব্য কৰিছিল । এই মন্তব্যৰ পিছতেই সমগ্র মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত তীব্ৰ বিৰোধিতা অব্যাহত থকা সময়তে পুনৰ দ্বিতীয়বাৰৰ বাবে জনাৰ্দন দেৱ গোস্বামীয়ে আন এক বিতৰ্কিত মন্তব্য কৰিছিল ।

তেওঁ কৈছিল যে আমাক জোৰ কৰি অকল শংকৰদেৱক গুৰু বুলিবলৈ বাধ্য নকৰিব । শংকৰদেৱক আমি গুৰু বুলি কোৱা নাই। তেওঁ তিৰোতা, ব্ৰাহ্মণ আৰু ৰজাক শৰণ দিয়া নাই । শংকৰদেৱে নামঘৰ প্ৰতিষ্ঠা কৰিছিল। দামোদৰদেৱে সত্ৰ প্ৰতিষ্ঠা কৰিছিল । শংকৰদেৱ এগৰাকী ভাল সাতোৰবিদ তথা মল্লযোদ্ধাও আছিল বুলি তেওঁ বিতৰ্কিত মন্তব্য কৰিছিল । পুনৰ এই মন্তব্যৰ পিছতেই সমগ্ৰ অসমজুৰি সত্ৰাধিকাৰগৰাকী সমালোচনাৰ পাত্র হৈছিল । বিভিন্নজনে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল জনাৰ্দন দেৱ গোস্বামীক ।

সেইদৰে গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেছ মেৱানীক (Jignesh Mewani controversy tweet) লৈয়ো এপ্ৰিল মাহত অসমত ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি অসম আৰক্ষীৰ হাতত ২০ এপ্ৰিলৰ নিশা গ্ৰেপ্তাৰ হৈছিল বিধায়ক জিগনেছ মেৱানী। উল্লেখ যে ১৮ এপ্ৰিলত তেওঁ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে দুটা বিতৰ্কিত টুইট কৰিছিল । যি টুইট চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কৰা বিতৰ্কিত টুইটে দেশত এক চাঞ্চল্যৰ সৃষ্টি কৰিছিল । এই টুইটৰ বিৰোধিতা কৰি মেৱানীৰ বিৰুদ্ধে বিটিচিৰ বিজেপিৰ নেতা অৰূপ কুমাৰ দে’ই কোকৰাঝাৰ থানাত এজাহাৰ দাখিল কৰিছিল ।

সেই এজাহাৰৰ ভিত্তিত তাৎক্ষণিকভাৱে কোকৰাঝাৰ আৰক্ষীয়ে বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি ২০ এপ্ৰিলৰ নিশা গুজৰাটৰ পৰা বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰলৈ আনে । পৰৱৰ্তী সময়ত তেওঁ জামিন লাভ কৰিছিল। তেওঁ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বিতৰ্কিত টুইটত উল্লেখ কৰিছিল যে নৰেন্দ্ৰ মোদী নাথুৰাম গডছেৰ সমৰ্থক ।

আনহাতে বিভিন্ন সময়ত বিতৰ্কিত মন্তব্যৰে চৰ্চাত থকা বিতৰ্কিত লেখিকা শিখা শৰ্মাই ১৪ ফেব্ৰুৱাৰীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অমাৰ্জিত মন্তব্য কৰাকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল (Sikha sarma controversy comment)। তেওঁৰ বিৰুদ্ধে ডবকা থানাত ৰুজু হৈছিল গোচৰ । ইফালে ৩১ আগষ্টত মহাপুৰুষজনাক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবে আটক হৈছিল নাট্যকাৰ বিপ্লৱ জ্যোতি ভূঞা। নগাঁও আৰক্ষীয়ে তেওঁক আটক কৰিছিল । নগাঁৱৰ ননৈৰ বিপ্লৱ জ্যোতি ভূঞাই সামাজিক মাধ্যমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লৈ কেতবোৰ বিতৰ্কিত মন্তব্য কৰিছিল ।
চলিত বৰ্ষৰ ৩০ মাৰ্চৰ নিশা এক ফোন কলৰ যোগে অসমীয়া ভাষা আৰু অসমীয়াক কটু মন্তব্য কৰিছিল বিহাৰী সম্প্ৰদায়ৰ অৰবিন্দ সিং নামৰ এজন ব্যক্তিয়ে । তাৰ পাছতে ভাইৰেল হোৱা অডিঅ’ ক্লিপটোক লৈ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । ঘটনা সন্দৰ্ভত তিনিচুকীয়া সদৰ থানাত কেইবাটাও দল-সংগঠনে দাখিল কৰিছিল এজাহাৰ । তাৰ পাছত অসমীয়া ভাষা আৰু অসমীয়াক লৈ কটু মন্তব্য কৰা বিতৰ্কিত অৰবিন্দ সিঙে আত্মসমৰ্পণ কৰিছিল তিনিচুকীয়া সদৰ থানাত ।

২০২২ বৰ্ষত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত ৰাজনৈতিক মন্তব্যক লৈয়ো অসমতেই নহয় দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । ২৩ নৱেম্বৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গুজৰাটৰ নিৰ্বাচনী প্ৰচাৰত বিজেপি দলৰ হৈ অংশ গ্ৰহণ কৰিছিল । গুজৰাটৰ কেইবাখনো নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লাভ জিহাদকে ধৰি ৰাহুল গান্ধীৰ ওপৰতো বহু মন্তব্য আগবঢ়াইছিল ।

কুবেৰনগৰৰ ৰেলীত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্রী শৰ্মাই ৰাহুল গান্ধীৰ (Assam CM controversy comment on Rahul Gnadhi) বিষয়ে এক বিতৰ্কিত মন্তব্য কৰি কৈছিল যে ৰাহুল গান্ধী দেখাত ইৰাকৰ ছাদ্দাম হুছেইনৰ দৰে হৈছে । তেওঁ কৈছিল যে গান্ধী বংশধৰৰ ওচৰত মহাত্মা গান্ধী বা চৰ্দাৰ পেটেলৰ প্ৰতিচ্ছবি থাকিব লাগে, ইৰাকীৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত ছাদ্দাম হুছেইনৰ নহয় । আনহাতে তেওঁ লাভ জিহাদ সন্দৰ্ভত কঠোৰ আইন প্ৰস্তুত কৰা উচিত বুলি সদৰি কৰি আন কেৰবোৰ বিস্ফোৰক মন্তব্য কৰিছিল। যাক লৈ দেশজুৰি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

সেইদৰে ইয়াৰ পূৰ্বেও মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ পিতৃৰ পৰিচয় সন্দৰ্ভত উত্তৰাখণ্ডত বিতৰ্কিত মন্তব্য কৰিছিল । ১১ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডৰ এখন নিৰ্বাচনী সভাত ভাগ লৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আক্ৰমণৰ লক্ষ্য কৰি লৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীক । নিৰ্বাচনী সভাত ৰাহুল গান্ধীৰ পিতৃ পৰিচয়ক লৈ মুখ্যমন্ত্রী শৰ্মাই প্ৰশ্ন তুলিছিল । মুখ্যমন্ত্ৰীগৰাকীৰ এনে মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছিল কংগ্ৰেছ দল ।

তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক অপসৰণৰ দাবী জনাইছিল । মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছৰ নেতা তথা এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰৌশনলাল বিট্টুৱে মহাৰাষ্ট্ৰৰ ৰামনগৰ থানাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । অসমতো কংগ্ৰেছে জোৰদাৰ প্ৰতিবাদ কৰিছিল । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হাতীগাঁও থানাত দাখিল কৰা হৈছিল এজাহাৰ ।

ইফালে ২২ এপ্ৰিলত বিহুক লৈ প্ৰাক্তন মন্ত্ৰী তথা পূৱ গুৱাহাটী বিধানসভা সমষ্টিত বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই কৰিছিল বিতৰ্কিত মন্তব্য । গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ভোটধিকাৰ সাব্যস্ত কৰি তেওঁ বিতৰ্কিত মন্তব্য কৰিছিল । বিধায়ক ভট্টাচাৰ্যৰ মতে বিহু এটা হিন্দু পৰ্ব । মুছলমানসকল অতিথিহে । তেওঁ কৈছিল যে হনুমান জয়ন্তীৰ লগত যদি বিহু পতাত আপত্তি আছে তেন্তে ঈদৰ লগত পতাতো কিমান সমীচিন । যদি বিহু হিন্দু পৰ্ব নহয়েই তেন্তে বিহুত কিয় হৰি, ৰামৰ নাম লোৱা হয় বুলি তেওঁ কৈছিল । ইয়াকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

আনহাতে বিভিন্ন সময়ত বিভিন্ন বক্তব্যৰ বাবে চৰ্চাত থকা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে (Sivasagr MLA Akhil Gogoi) ১৯ জুলাইত তেওঁৰ এক বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা খুজিছিল । উল্লেখ যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত ১৮ জুলাইৰ দিনা এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে কেতবোৰ বিতৰ্কিত মন্তব্য কৰিছিল । তাৰ পিছতে ৰাজ্যৰ আদিবাসী সম্প্ৰদায়ৰ বিধায়ক তথা বিভিন্নজনে অখিল গগৈক উভতি ধৰিছিল । অখিল গগৈক চাহ বাগিচা অঞ্চলত নিষিদ্ধ কৰাৰো হুংকাৰ দিছিল । অৱশেষত ক্ষমা বিচাৰে অখিল গগৈয়ে । তেওঁ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক কাঠৰ মূঢ়া বুলি সমালোচনা কৰিছিল । এনেদৰে বিভিন্নজনৰ বহুকেইটা বিতৰ্কিত মন্তব্যৰে বিদায়ী বৰ্ষটো বিশেষভাৱে চৰ্চাত আছিল ।

লগতে পঢ়ক: Amit Shah on Gujarat victory: গুজৰাটৰ ঐতিহাসিক জয়ে 2024 ৰ লোকসভা নিৰ্বাচনত প্ৰভাৱ পেলাব; শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.