ETV Bharat / state

প্ৰসংগ যৌতুকঃ নুনমাটিত কেৰাচিন ঢালি নৱ-বিবাহিতা বোৱাৰীক হত্যা

author img

By

Published : Nov 22, 2020, 9:20 PM IST

মহানগৰীত যৌতুকৰ বাবে বোৱাৰী হত্যা ৷ যৌতুক নিদিয়াৰ বাবে স্বামীৰ পৰিয়ালে কেৰাচিন ঢালি হত্যা কৰিলে নৱ-বিবাহিত বোৱাৰীক ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত স্বামীক ৷

woman-killed-for-dowry-in-noonmati-guwahati-husband-arrested
নুনমাটিত কেৰাচিন ঢালি নৱ-বিবাহিতা বোৱাৰীক হত্যা

গুৱাহাটী, 22 নৱেম্বৰ : পুনৰ ৰাজ্যত যৌতুকৰ বাবে বোৱাৰী হত্যাৰ অভিযোগ উত্থাপন হৈছে ৷ যৌতুকৰ বাবে নৱ-বিবাহিতা বোৱাৰীক কেৰাচিন ঢালি স্বামীয়ে জ্বলাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷

ভুক্তভোগী বোৱাৰীৰ পৰিয়ালৰ মন্তব্য

অভিযোগ অনুসৰি, তিনিমাহ পূৰ্বে নুনমাটি আনন্দ নগৰৰ নিবাসী নবিজুল হকে মঠঘৰীয়া শান্তি নগৰৰ এগৰাকী ছোৱালী লগত প্ৰেম সূত্ৰে বিবাহ পাশত আৱদ্ধ হৈছিল । ছোৱালী গৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি, বিবাহৰ পিছৰে পৰাই স্বামী নবিজুল হকৰ পৰিয়ালৰ লোকে যৌতুক দাবী কৰি আহিছিল পত্নীৰ পৰিয়ালৰ গৃহত । অইনদিনাৰ দৰে শনিবাৰে নিশাও যৌতুকক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্রপাত হৈছিল পতি-পত্নীৰ মাজত ৷ পতি-পত্নীৰ কাজিয়া পৰৱৰ্তী সময়ত মাৰপিটত পৰিণত হোৱাত স্বামী আৰু পৰিয়ালৰ লোকে অগ্নি সংযোগ কৰি হত্যা কৰাৰ অভিযোগ প্ৰদান কৰিছে ভুক্তভোগীৰ পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক : কৰিমগঞ্জত কঠোৰ নিৰাপত্তাৰ মাজত অনুষ্ঠিত SI পৰীক্ষা

শনিবাৰৰ নিশা মহিলা গৰাকীয়ে জলন্ত অৱস্থাত চিঞৰ-বাখৰ কৰাত স্থানীয় লোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাই যদিও চিকিৎসাধীন অৱস্থাত মহিলা গৰাকীৰ মৃত্যু হয় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷

ইপিনে, ঘটনা সন্দৰ্ভত মৃত বোৱাৰী গৰাকীৰ পৰিয়ালে নুনমাটি থানাত এখন এজাহাৰ দাখিল কৰিছে । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ 304(B)/34 ধাৰাৰ অধীনত 732/20 নম্বৰৰ এটা গোচৰ ৰুজু কৰি ভুক্তভোগীক আটক কৰিছে ৷

লগতে পঢ়ক : অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত সালসলনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.