ETV Bharat / state

কোন হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি ?

author img

By

Published : Dec 15, 2019, 3:37 PM IST

ৰাজ্যিক বিজেপিৰ নেতৃত্ব পৰিৱৰ্তনক লৈ চলিছে আলোচনা৷ কোন হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি ? এই লৈ একাংশৰ মাজত চলিছে সৰৱ চৰ্চা ৷ পৰৱৰ্তী ৰাজ্যিক সভাপতিৰ দৌৰত কেবাজনো আৰ এছ এছ নেতাৰ নাম ৷

WHO WILL BE NEXT STATE BJP PRESIDENT?
কোন হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি ?

নিউজ ডেস্ক, 15 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ ব্যস্ততাৰ মাজতে ৰাজ্যিক বিজেপিৰ নেতৃত্ব পৰিৱৰ্তনক লৈ চলিছে আলোচনা৷ কোন হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি ? একাংশৰ মতে পুনৰ ৰাজ্যিক সভাপতিৰ পদত বৰ্তমানৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে অধিষ্ঠিত কৰাৰ বিপৰীতে একাংশই সভাপতি সলনি হোৱাটো বিচাৰিছে ৷ দলৰ মজিয়াত সভাপতিক লৈ চলিছে ব্যাপক চৰ্চা চলিছে৷ বৰ্তমানৰ সভাপতি ৰঞ্জিত দাসৰ কাৰ্যকাল ইতিমধ্যে 14 ডিচেম্বৰত উকলি গৈছে যদিও এই পৰ্যন্ত কেন্দ্ৰীয় নেতৃত্বই সভাপতি সলনি হোৱাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ৷ 2017 চনৰ 24 চনত ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ৰঞ্জিত দাস পুনৰ সভাপতি হোৱাটো বিচৰা নাই দলটোৰে একাংশ কৰ্মীয়ে৷ বিপৰীতে একাংশই পুনৰ ৰঞ্জিত দাসকে সভাপতিৰ আসনত বৰ্তি থকাটো বিচাৰিছে৷ যদিও 14 ডিচেম্বৰত ৰঞ্জিত দাসে সভাপতিৰ পদ এৰিব লাগিছিল বিপৰীতে তেওঁক দলৰ শীৰ্ষ নেকতৃত্বই অহা 24 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া বুথ পৰ্যায়ৰ সভাৰ দায়িত্ব অৰ্পণ কৰিছে ৷ উল্লেখ্য যে, ৰাজ্যিক বিজেপিৰ জিলা পৰ্যায়ৰ পৰা আৰ্মভ কৰি মণ্ডল কমিটি, বুথ কমিটি সকলোৰে নিৰ্বাচন সমাপ্ত হৈছে ৷ 11 ছেপ্তম্বৰৰ পৰা আৰম্ভ হোৱা নিৰ্বাচনী প্ৰক্ৰিয়াৰ অন্তত নিৰ্বাচিত বিষয়ববীয়াসকলৰ ইতিমধ্যে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ৷ সমান্তৰালভাৱে অসম ৰাজ্যিক বিজেপিৰ মুঠ 39 খন সাংগঠনিক জিলাৰ বিজেপিৰ কৰ্মকৰ্তাসকলকো নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত হৈছে ৷

কোন হ'ব ৰাজ্যিক বিজেপিৰ সভাপতি ?
দলৰ অভ্যন্তৰত সভাপতি পদৰ বাবে উত্থাপন হৈছে কেবাজনো লোকৰ নাম৷ বিশেষ সূত্ৰে জানিব পৰা অনুসৰি পূৰ্বৰ ৰাজ্যিক সভাপতি প্ৰাক্তন সাংসদ ৰমেন ডেকা, বৰ্তমানৰ মংগলদৈৰ বৰ্তমানৰ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া,ফণীন্দ্ৰ নাথ শৰ্মা, ভৱেশ কলিতাৰ নাম পৰৱৰ্তী সভাপতিৰ প্ৰাৰ্থী হিচাপে উচ্চাৰিত হৈছে৷ ইয়াৰ ভিতৰত মংগলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ফণীন্দ্ৰ শৰ্মা আৰু ভৱেশ কলিতা মূলত আৰ এছ এছৰ লগত জড়িত নেতা হিচাপে জনাজাত ৷ সেইফালৰ পৰা এই তিনি জন নেতাৰ ভিতৰতে কোনোবা এজনক নিৰ্বাচিত কৰাৰ সম্ভাৱনা আছে ৷ কিন্তু একাংশৰ মতে বৰ্তমানৰ কেন্দ্ৰীয় নেতৃত্বই ৰঞ্জিত দাসৰ কাৰ্যকাল বৃদ্ধি কৰাৰ সম্ভাৱনা আছে বুলি জনাইছে ৷ 2021 চনলৈকে ৰঞ্জিত দাসকে ৰাজ্যিক সভাপতি পদত বিচাৰিছে বহুতেই ৷ কিন্তু সময়েহে ক'ব কোন ৰাজ্যিক সভাপতিৰ পদত থাকিব ৷ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই প্ৰকৃত চিত্ৰখন ৷

লগতে চাওকঃ অগপৰ তিনি মন্ত্ৰীৰ পদত্যাগৰ দাবী অগপ তৃণমূল কৰ্মীৰ

Intro:Body:

WHO WILL BE NEXT STATE BJP PRESIDENT?

পুনৰ ৰাজ্যিক বিজেপিৰ সভাপতিৰ আসনত ৰঞ্জিত দাস!

নিউজ ডেস্ক, 15 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ হুলস্থূলৰ মাজতে ৰাজ্যিক বিজেপিৰ ৰাজ্যিক নেতৃত্ব পৰিৱৰ্তনক লৈ চলিছে আলোচনা৷ কোন হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি ? একাংশৰ মতে পুনৰ ৰাজ্যিক সভাপতিৰ পদত বৰ্তমানৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে অধিষ্ঠিত কৰাৰ বিপৰীতে একাংশই সভাপতি সলনি হোৱাটো বিচাৰিছে ৷ দলৰ মজিয়াত সভাপতিক লৈ চলিছে ব্যাপক চৰ্চা চলিছে৷ বৰ্তমানৰ সভাপতি ৰঞ্জিত দাসৰ কাৰ্যকাল ইতিমধ্যে 14 ডিচেম্বৰত উকলি গৈছে যদিও এই পৰ্যন্ত কেন্দ্ৰীয় নেতৃত্বই সভাপতি সলনি হোৱাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ৷ 2017 চনৰ 24 চনত ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ৰঞ্জিত দাস পুনৰ সভাপতি হোৱাটো বিচৰা নাই দলটোৰে একাংশ কৰ্মীয়ে৷ বিপৰীতে একাংশই পুনৰ ৰঞ্জিত দাসকে সভাপতিৰ আসনত বৰ্তি থকাটো বিচাৰিছে৷ যদিও 14 ডিচেম্বৰত  ৰঞ্জিত দাসে সভাপতিৰ পদ এৰিব লাগিছিল বিপৰীতে তেওঁক দলৰ শীৰ্ষ নেকতৃত্বই অহা 24 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া বুথ পৰ্যায়ৰ সভাৰ দায়িত্ব অৰ্পণ কৰিছে ৷ উল্লেখ্য যে, ৰাজ্যিক বিজেপিৰ জিলা পৰ্যায়ৰ পৰা আৰ্মভ কৰি মণ্ডল কমিটি, বুথ কমিটি সকলোৰে নিৰ্বাচন সমাপ্ত হৈছে ৷ 11 ছেপ্তম্বৰৰ পৰা আৰম্ভ হোৱা নিৰ্বাচনী প্ৰক্ৰিয়াৰ অন্তত নিৰ্বাচিত বিষয়ববীয়াসকলৰ ইতিমধ্যে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে৷ 

সমান্তৰালভাৱে অসম ৰাজ্যিক বিজেপিৰ মুঠ 39 খন সাংগঠনিক জিলাৰ  বিজেপিৰ কৰ্মকৰ্তাসকলকো নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত হৈছে ৷ 

কোন হ'ব ৰাজ্যিক বিজেপিৰ সভাপতি ?

দলৰ অভ্যন্তৰত সভাপতি পদৰ বাবে উত্থাপন হৈছে কেবাজনো লোকৰ নাম৷ বিশেষ সূত্ৰে জানিব পৰা অনুসৰি পূৰ্বৰ ৰাজ্যিক সভাপতি প্ৰাক্তন সাংসদ ৰমেন ডেকা, বৰ্তমানৰ মংগলদৈৰ বৰ্তমানৰ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া,ফণীন্দ্ৰ নাথ শৰ্মা, ভৱেশ কলিতাৰ নাম পৰৱৰ্তী সভাপতিৰ প্ৰাৰ্থী হিচাপে উচ্চাৰিত হৈছে৷ ইয়াৰ ভিতৰত মংগলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ফণীন্দ্ৰ শৰ্মা আৰু ভৱেশ কলিতা মূলত আৰ এছ এছৰ লগত জড়িত নেতা হিচাপে জনাজাত ৷ সেইফালৰ  পৰা এই তিনি জন নেতাৰ ভিতৰতে কোনোবা এজনক নিৰ্বাচিত কৰাৰ সম্ভাৱনা আছে ৷ কিন্তু একাংশৰ মতে বৰ্তমানৰ কেন্দ্ৰীয় নেতৃত্বই ৰঞ্জিত দাসৰ কাৰ্যকাল বৃদ্ধি কৰাৰ সম্ভাৱনা আছে বুলি জনাইছে ৷ 2021 চনলৈকে ৰঞ্জিত দাসকে ৰাজ্যিক সভাপতি পদত বিচাৰিছে বহুতেই ৷ কিন্তু সময়েহে ক'ব কোন ৰাজ্যিক সভাপতিৰ পদত থাকিব ৷ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই প্ৰকৃত চিত্ৰখন ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.