ETV Bharat / state

Symptoms of heatstroke: হিট ষ্ট্ৰ’কৰ লক্ষণ তথা ল’ব লগীয়া সাৱধানতাসমূহ কি কি ? - হিট ষ্ট্ৰ’কৰ লক্ষণ

গৰমৰ সময়ছোৱাত বহুলোকৰ হিট ষ্ট্ৰ’ক হোৱা দেখা যায় । হিট ষ্ট্ৰ’কৰ লক্ষণসমূহ কি কি ? ইয়াৰ পৰা বাচিবলৈ কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ? এই সম্পৰ্কে জনালে মেডিচিন বিশেষজ্ঞ ডাঃ মানৱেন্দ্ৰ নায়কে ।

What are the symptoms of heatstroke and precautions to take?
হিট ষ্ট্ৰ’ক হ’লে কি কৰিব লাগে জানি লওক
author img

By

Published : Aug 20, 2023, 4:42 PM IST

হিট ষ্ট্ৰ’ক হ’লে কি কৰিব লাগে জানি লওক

বতৰৰ পৰিৱৰ্তনৰ লগে লগে হোৱা এটা সমস্যা হৈছে হিট ষ্ট্ৰ’ক। পৰিৱেশ আৰু বতৰৰ পৰিৱৰ্তনৰ লগে লগে কিছু লোকৰ দেহত কিছু উপসৰ্গই দেখা দিয়ে । জলবায়ু পৰিবৰ্তন তথা অতিপাত গৰম আৰু উষ্ণতাৰ বাবে বহুলোকৰ হিট ষ্ট্ৰ’ক হোৱা দেখা যায় ।

হিট ষ্ট্ৰ’কৰ লক্ষণ সমূহ কি কি?

হিট ষ্ট্ৰ’কৰ লক্ষণসমূহ হ’ল

১) অতিপাত ঘাম ওলোৱা ।

২) শৰীৰৰ উষ্ণতা বৃদ্ধি হোৱা।

৩) ডিহাইড্ৰেচন হোৱা ।

৪) মূৰ্ছা যোৱা ।

৫) উশাহ-নিশাহৰ অসুবিধা হোৱা আদি হিট ষ্ট্ৰ’কৰ লক্ষণ ।

এনেবোৰ লক্ষণ দেখা দিয়া মাত্ৰকে পলম নকৰি অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা লগতে চিকিৎসালয়লৈ নিব লাগে ।

হিট ষ্ট্ৰ’কৰ পৰা ৰক্ষা পাবলৈ কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে

১) শৰীৰত প্ৰয়োজনীয় চডিয়াম, পটেছিয়ামৰ মাত্ৰা একেই ৰাখিবলৈ প্ৰচুৰ পৰিমাণৰ পানী খাব লাগে ।

২) এজন সাধাৰণ মানুহে গৰমৰ সময়ছোৱাত প্ৰায় ৪ ৰ পৰা ৫ লিটাৰ পানী বা চৰ্বত খাব লাগে ।

৩) ক্ৰ’ণিক হাৰ্টডিজিজ, লিভাৰ ডিজিজ, ডায়েবেটিছ থকা লোক সকলে এই সময়ছোৱাত বিশেষ সতৰ্কতা অৱলম্বন কৰিব লাগে। কাৰণ গৰমৰ সময়ছোৱাত এই লোকসকলৰ শৰীৰৰ মেটাবলিজিম সঘনাই সলনি হয় ।

৪) গৰমৰ সময়চোৱাত নিমখ আৰু টেঙাজাতীয় বস্তু আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয়।

৫) পাৰিলে বেছি ৰ’দত বাহিৰলৈ ওলাই যাব নালাগে । ওলাই গ’লেও ছাতি ব্যৱহাৰ কৰিব লাগে ।

কোনো ব্যক্তিৰ যদি হিট ষ্ট্ৰ’ক হয় তেন্তে তাৎক্ষণিক ভাৱে কি কৰিব লাগে ?

অতিপাত উষ্ণতাৰ বাবে যদি এজন ব্যক্তি অচেতন হৈ যায় তেন্তে তেওঁক তাৎক্ষণিকভাৱে হাস্পতাললৈ নিব লাগে । তাৰোপৰি পানী বা বৰফ জাতীয় বস্তু ব্যক্তিজনৰ শৰীৰত লগাই দিব লাগে । ব্যক্তিজনে পৰিধান কৰা বস্ত্ৰ ঢিলা কৰি দি বাহিৰৰ বতাহ অহা যোৱাৰ ব্যৱস্থা কৰি দিব লাগে ।

লগতে পঢ়ক: Vegetables for diabetes patients: ডায়েবেটিছ ৰোগীৰ বাবে কোনো আশীৰ্বাদতকৈ কম নহয় এই ৩ বিধ শাক-পাচলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.