গুৱাহাটী, ২৭ জুন : অসম বিজেপিৰ (Bjp) সভাপতি হিচাপে শনিবাৰে নিযুক্তি লাভ কৰাৰ পাছতে দেওবাৰে দলৰ ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হয় ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা । কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতে প্ৰাক্তন সভাপতি (State President) ৰণজিৎ কুমাৰ দাসে নৱ নিযুক্ত সভাপতিগৰাকীক আদৰণি জনায় । লগতে দলৰ আন আন বিষয়ববীয়া আৰু কৰ্মকৰ্তাই আদৰণি জনাই ৰাজ্যিক বিজেপিৰ নৱ নিযুক্ত সভাপতিগৰাকীক ।
ভাষণ প্ৰসংগত বিদায়ী সভাপতি ৰণজিৎ কুমাৰ দাসে কয়- ১৯৯১ চনৰে পৰাই তেওঁ দলৰ বিভিন্ন দায়িত্ব সুকলমে পালন কৰি আহিছে । দলে ভৱেশ কলিতাক ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিছে । তেওঁ নিশ্চয় এই দায়িত্ব সুকলমে পালন কৰিব । এই দায়িত্ব দিয়াৰ বাবে সকলো আনন্দিত ।
ৰণজিৎ কুমাৰ দাসে লগতে কয়, অসমত বিজেপিক সুদৃঢ় কৰাত যথেষ্ট অৰিহণা আছে । দলৰ প্ৰায় ৪২ লাখ কাৰ্যকৰ্তাক একেলগে কাম কৰাৰ আহ্বান জনায় দাসে ৷ সকলোকে দলৰ দৰ্শনৰে আগুৱাই দলটোক শক্তিশালী কৰিবলৈ আহ্বান জনাই প্ৰাক্তন সভাপতি গৰাকীয়ে ৷
আনহাতে, নৱনিযুক্ত সভাপতি ভৱেশ কলিতাই বিদায়ী সভাপতি ৰণজিৎ কুমাৰ দাসৰ বলিষ্ঠ নেতৃত্বৰ কথা দোহাৰি কয় যে, দলৰ এক পদ এক নীতি অনুসৰণ কৰি ৰাষ্ট্ৰীয় নেতৃত্বই পৰৱৰ্তী সভাপতি হিচাপে দায়িত্ব দিছে । এয়া দলৰ মন্দিৰ আৰু মন্দিৰলৈ দৰ্শনৰ বাবে অহা বুলি ভৱেশ কলিতাই প্ৰকাশ কৰে । সাধাৰণ এজন কাৰ্যকৰ্তাৰ পৰা দলৰ সেৱাত নিয়োজিত হৈ আহি আজি দলৰ ৰাজ্যিক সভাপতিৰ পদত অধিষ্ঠিত হোৱাৰ কথা প্ৰকাশ কৰে ৰঙিয়াৰ বিধায়কগৰাকীয়ে ।
লগতে পঢ়ক : বেদখলমুক্ত হ'ল বন বিভাগৰ ৩,৪০০ হেক্টৰ ভূমি