ETV Bharat / state

দেওবাৰে গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু

author img

By

Published : Oct 2, 2021, 2:26 PM IST

দুদিনীয়া ভ্ৰমণসূচী লৈ গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু । তেওঁ পাণবজাৰস্থিত পুৰণি উপায়ুক্তৰ বাসভৱনটো পৰ্যটকৰ দৰ্শনৰ বাবে মুকলি কৰাৰ লগতে শংকৰদেৱ কলাক্ষেত্ৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷

Vice President Naidu to arrive in Guwahati on Sunday
দেওবাৰে গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি নাইডু

গুৱাহাটী, ২ অক্টোবৰ : দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু দেওবাৰে উপস্থিত হ’ব গুৱাহাটীত । দেওবাৰে দিনৰ প্ৰায় ১১ বজাত বৰঝাৰ বিমান বন্দৰত বিশেষ বিমানযোগে অৱতৰণ কৰাৰ পিছত উপ-ৰাষ্ট্ৰপতিগৰাকী পোনে পোনে ৰাওনা হ’ব পাণবজাৰত অৱস্থিত পুৰণি উপায়ুক্তৰ বাসভৱনলৈ । উল্লেখযোগ্য যে, এই বাসভৱনটো ইতিমধ্যে সংৰক্ষণৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ।

এক ঐতিহ্যমণ্ডিত চৰকাৰী এই বাসভৱনটো পৰ্যটকৰ দৰ্শনৰ বাবে দেওবাৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে মুকলি কৰিব । ইয়াৰ পিছতে দিনৰ প্ৰায় ১২.৩০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত তেওঁ অংশ ল’ব । তাৰ পিছতে উপ-ৰাষ্ট্ৰপতিগৰাকী ৰাওনা হ’ব তেওঁৰ মূল অনুষ্ঠানলৈ ।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দিনৰ ৩ বজাত অনুষ্ঠিত হ’ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা প্ৰদান অনুষ্ঠান । এই বছৰৰ পৰা চৰকাৰে প্ৰৱৰ্তন কৰিছে এই নতুন বঁটা । এই অনুষ্ঠানতে উপ-ৰাষ্ট্ৰপতি নাইডুৱে ডঃ নিৰোদ কুমাৰ বৰুৱাক প্ৰদান কৰিব প্ৰথম বৰ্ষৰ গোপীনাথ বৰদলৈ বঁটা । নিশাটো ৰাজভৱনত কটাই সোমবাৰে তেওঁ উভতি যাব দিল্লীলৈ ।

লগতে পঢ়ক : বিশ্বই গান্ধীজীৰ শান্তি বাৰ্তা গ্ৰহণ কৰিব লাগে : এন্টনিঅ’ গুটেৰাৰ্চ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.