গুৱাহাটী, ৪ নৱেম্বৰ : ভাৰতীয় কলা-সংস্কৃতি বিশ্বৰ অন্যতম চহকী আৰু সমৃদ্ধময় সমল । কলা-সংস্কৃতিয়ে এখন সুস্থ-সবল সমাজ গঢ়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে । সংস্কৃতিত আছে শান্তি, একতা আৰু সঞ্জীৱনী সুধা । সংস্কৃতি একো একোখন সমাজৰ, জাতিৰ আৰু দেশৰ দাপোণস্বৰূপ । - এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (Union Minister Sarbananda Sonowal) ।
দেওবাৰে সামাজিক-সাংস্কৃতিক সংস্থা 'আম্ৰপালী (ছ'চাইটী ফ'ৰ আৰ্টছ)'(Amrapali Society for Arts)এ অসম চৰকাৰৰ সহযোগত গুৱাহাটীৰ বর্ষাপাৰাৰ ছাউথ পইণ্ট স্কুলত (South Point School Guwahati) আয়োজন কৰা সপ্তম বাৰ্ষিক অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী বিমল বড়া, বিশিষ্টা সংগীত শিল্পী মনীষা হাজৰিকা, ছাউথ পইণ্ট স্কুলৰ অধ্যক্ষকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি ।
উল্লেখ্য যে অনুষ্ঠান উপলক্ষে ৰাজ্যখনৰ বিভিন্ন জিলাক সামৰি বিভিন্ন প্ৰতিযোগিতা আৰু অনুষ্ঠানৰ আয়োজন কৰা হৈছিল । এইবাৰৰ প্ৰতিযোগিতা তথা অনুষ্ঠানসমূহত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ(Central Jail Guwahati) কয়দীসকলকো সামৰি লোৱা হৈছিল । আজিৰ এই বাৰ্ষিক অনুষ্ঠানত বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপৰি উপস্থিত বিশিষ্ট ব্যক্তিসকলে ।
তদুপৰি সাংস্কৃতিক তথা অন্যান্য ক্ষেত্ৰত উল্লেখযোগ্য অৰিহণা আগবঢ়োৱা কেইবাগৰাকী ব্যক্তিক আম্ৰপালী বঁটা(Amrapali award) তথা সম্বৰ্ধনা প্ৰদান কৰা হয় । ভাষণত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ ভাৰতৰ কলা-সংস্কৃতিৰ চৰ্চা, প্ৰসাৰ আৰু উৎকৰ্ষ সাধনৰ জৰিয়তে নতুন প্ৰজন্মক উদ্বুদ্ধ কৰাৰ ক্ষেত্ৰত 'আম্ৰপালী (ছ'চাইটী ফ'ৰ আৰ্টছ)'এ সবল ভূমিকা গ্ৰহণ কৰি আহিছে ।
তেওঁ লগতে কয় যে আমি সংস্কৃতিৰ মাজেৰে মানৱতাবোধ আৰু ভাতৃত্ববোধক শক্তিশালী কৰিব লাগিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত আমাৰ চৰকাৰে সকলো জাতি-জনগোষ্ঠীৰ চহকী কলা-সংস্কৃতি, ঐতিহ্য-পৰম্পৰা, লোকবিশ্বাস আদিৰ সুৰক্ষা, সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে বিভিন্ন সময়োচিত পদক্ষেপ হাতত লৈছে । যিয়ে বহন কৰিছে 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ নিদৰ্শন ।
শিক্ষা, ক্ৰীড়া আৰু সংস্কৃতি- এই তিনিটা উপাদানেৰে ছাত্ৰ-ছাত্ৰীসকলৰ সামগ্ৰিক উৎকৰ্ষ সাধনত গুৰুত্ব দিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শিক্ষানুষ্ঠানসমূহক বিশেষ আহ্বান জনায় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে বিশিষ্ট ব্যক্তিসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাৰ লগতে আম্রপালীৰ দ্বাৰা পৰিৱেশিত 'পঞ্চ মহাভূতা' শীর্ষক সাংস্কৃতিক নৃত্য-নাটৰ অনুষ্ঠানো উপভোগ কৰে ।
লগতে পঢ়ক : Namghar Samaroh: নামঘৰ সমাৰোহত মুখ্যমন্ত্ৰী