গুৱাহাটী,5 জুলাই : দেশজুৰি অব্যাহত আছে প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ সজাগতা সপ্তাহ ৷ অসমতো ৰাজ্যৰ কৃষি বিভাগে এই সজাগতা সপ্তাহ অব্যাহত ৰাখিছে ৷ এই সজাগতা অভিযানৰ লগতে অসমত চলি থকা কৃষি বিভাগৰ কেন্দ্ৰীয় আঁচনি সমূহৰ অগ্ৰগতিৰ বুজ লবলৈ ইতিমধ্যেই গুৱাহাটীত আহি উপস্থিত হৈছে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পুৰোষোত্তম ৰূপালা ৷ সোমবাৰে মন্ত্ৰী গৰাকীয়ে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এক পৰ্যালোচনা বৈঠকত ভাগ লৈ কেন্দ্ৰীয় আঁচনি সমূহৰ অগ্ৰগতিৰ বুজ লয় ৷
সোমবাৰৰ এই পৰ্যালোচনা বৈঠকত উপস্থিত থাকে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে বিভাগটোৰ শীৰ্ষ স্তৰীয় আমোলা-বিষয়া সকল ৷ বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, সমগ্ৰ দেশৰ লগতে প্ৰধানমন্ত্ৰী কৃষি বীমা আঁচনিৰ যি ব্যৱস্থা কৰা হৈছে, এইক্ষেত্ৰত কেন্দ্ৰই অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাবে বিশেষ ব্যৱস্থা হাতত লৈছে ৷ ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে এই অঞ্চলৰ কৃষকক সকাহ দিয়া বা উপকৃত কৰা ৷
মন্ত্ৰী পুৰোষোত্তম ৰূপালাই জনাই যে, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰে দেশৰ আন ৰাজ্য সমূহত এই ফচল বীমাৰ প্ৰিমিয়ামৰ পঞ্চাশ শতাংশ কেন্দ্ৰীয় চৰকাৰে আৰু বাকী পঞ্চাশ শতাংশ ৰাজ্য চৰকাৰ সমূহে আদায় দিব লাগে । কিন্তু অসম তথা উত্তৰ পূৱৰ ক্ষেত্ৰত প্ৰিমিয়ামৰ 90 শতাংশ আদায় দিব কেন্দ্ৰীয় চৰকাৰে । ৰাজ্য চৰকাৰ সমূহে মাত্ৰ 10 শতাংশ আদায় দিব লাগিব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷
আনহাতে, "পি এম কিষাণ" আঁচনিৰ পৰা যাতে ৰাজ্যখনৰ এজনো প্ৰকৃত খেতিয়ক বাদ পৰি নাযায় তাৰ প্ৰতি চৰকাৰে কঠোৰ দৃষ্টি ৰাখিছে বুলি উল্লেখ কৰি এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক নিৰ্দেশো দিয়া হৈছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পুৰোষোত্তম ৰূপালাই ৷
লগতে পঢ়কঃ নতুন চৰকাৰৰ দুমাহ নহওঁতেই দুই মন্ত্ৰীৰ বিৰুদ্ধে পদত্যাগৰ দাবী