গুৱাহাটী,23 এপ্ৰিল: মহানগৰীত ভুৱা চিকিৎসকৰ দৌৰাত্ম ৷ ভুৱা প্ৰমাণ পত্ৰৰে দীৰ্ঘদিনৰ পৰা চিকিৎসা চলাই থকা মহানগৰীৰ দুই চিকিৎসকক গ্ৰেপ্তাৰ কৰে ক্ৰাইম ব্ৰাঞ্চে ৷ ভুৱা প্ৰমাণ পত্ৰ দেখুৱাই প্ৰতীক্ষা হাস্পতালত দীৰ্ঘদিনৰ পৰা চিকিৎসা চলাই থকা ভুৱা ডিগ্ৰীধাৰী চিকিৎসক ক্ৰমে মনোৰঞ্জন ৰয় আৰু হৃষীকেশ ভূঞাৰ বিৰুদ্ধে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে তৰিছিল গোচৰ ৷ গোচৰৰ ভিত্তিতে ক্ৰাইম ব্ৰাঞ্চে চলোৱা তদন্তত বুধবাৰে ওৰে নিশা জেৰা চলাই বৃহস্পতিবাৰে পাথৰ কুৱেৰীৰ পৰা গ্ৰেপ্তাৰ কৰে দুয়োকে ৷
উল্লেখ্য যে, 2019 চনৰ পৰা প্ৰতীক্ষা হাস্পতালত কাম কৰি অহা দুই চিকিৎসকে হোমিওপেথিক ডিগ্ৰী লৈ MBBS বুলি পৰিচয় দি আহিছিল ৷ ভঙাগড় থানাত ৰুজু কৰা গোচৰৰ ভিত্তিত সম্প্ৰতি তদন্ত অব্যাহত ৰাখিছে দুই ভুৱা চিকিৎসকৰ বিৰুদ্ধে ৷
লগতে পঢ়ক: সুদৰ ব্যৱসায় কৰি ৰঙাঘৰলৈ মিঠু দাস