ETV Bharat / state

ৰাজ্যৰ ৰাজনীতিৰ দুগৰাকী মহীৰূহ চিকিৎসাধীন: আশু আৰোগ্যৰ বাবে সৰ্বত্ৰে প্ৰাৰ্থনা

author img

By

Published : Jul 13, 2022, 5:03 PM IST

Updated : Jul 13, 2022, 5:17 PM IST

চিকিৎসাধীন হৈ আছে অসমৰ সাম্প্ৰতিক ৰাজনৈতিক ক্ষেত্ৰৰ আটাইতকৈ বৰ্ষীয়ান দুগৰাকী মহীৰূহ ৷ যি দুগৰাকী ৰাজনীতিকে দীৰ্ঘকালৰ বাবে অসম বিধান সভাৰ সদস্য হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল ৷ দুয়োগৰাকী আছিল কেবিনেট মন্ত্ৰী ৷

ৰাজ্যৰ ৰাজনীতিৰ দুগৰাকীৰ মহীৰূহ চিকিৎসাধীন

নিউজ ডেস্ক: ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ বৰ্ষীয়ান দুগৰাকী নেতা সম্প্ৰতি গুৰুতৰভাৱে অসুস্থ ৷ ইয়াৰে এজন প্ৰাক্তন শিক্ষামন্ত্ৰী আৰু আনজন প্ৰাক্তন শ্ৰম আৰু নিয়োগ মন্ত্ৰী ৷ তাতোকৈ ডাঙৰ কথা ইয়াৰে এগৰাকীয়ে একেৰাহে 6 টাকৈ কাৰ্যকাল অৰ্থাৎ 30 টা বছৰ বিধায়ক হিচাবে এটা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছিল ৷ ঠিক তেনেদৰে আন গৰাকীয়ে 4 টাকৈ কাৰ্যকাল অৰ্থাৎ দুটা দশকজুৰি বিধায়কৰূপে নিৰ্বাচিত হৈ আহি দপদপাই আছিল অসম বিধানসভাৰ মজিয়াত ৷ অসমৰ ৰাজনীতিৰ এই দুয়োগৰাকী মহীৰূহ সম্প্ৰতি গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ আছে হাস্পতালত ৷

উল্লেখ্য যে, বাৰ্ধক্যজনিত কাৰণত যোৱা 2 জুলাইৰ পৰা ডিব্ৰুগড়স্থিত আস্থা হাস্পতালত চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্য়মন্ত্ৰী প্ৰয়াত যোগেন হাজৰিকা(Jogendra Nath Hazarika) মন্ত্ৰীসভাৰ সেই সময়ৰ শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা (Premadhar Bora) ৷ 1967, 1972, 1978 আৰু 2001 চনৰ বিধানসভা নিৰ্বাচনত বিহপুৰীয়া সমষ্টিৰ পৰা(Bihpuria Assembly constituency) নিৰ্দলীয় প্ৰাৰ্থীৰূপে অৱৰ্তীৰ্ণ হোৱা বৰ্ষীয়ান নেতাগৰাকীয়ে 2021 চনৰ বিধানসভা নিৰ্বাচন পৰ্যন্ত প্ৰতিদ্বন্দিতা আগবঢ়াই আহিছিল ৷

সদা শুভ্ৰ পোচাক পৰিহিত প্ৰেমধৰ বৰা এগৰাকী সভাশুৱনি ব্যক্তিত্ব ৷ বিধানসভাৰ মজিয়াতো প্ৰেমধৰ বৰাৰ আছিল এক সুকীয়া পৰিচয় ৷ দল-মত নিৰ্বিশেষে সকলোৱে সমীহ কৰিছিল বৰ্ষীয়ান নেতাগৰাকীক ৷ বিধায়ক হিচাবে নথকাৰ সময়তো এইগৰাকী জ্যেষ্ঠ নেতা আজিকোপতি অসম বিধানসভাৰ পিতামহ হিচাবেই পৰিচিত হৈ আহিছে ৷

বিধানসভাৰ মজিয়াত সদায়ে এফাঁকি ঘোষাৰে ভাষণ আৰম্ভ আৰু শেষ কৰা প্ৰেমধৰ বৰা আছিল শাসক-বিৰোধী সকলোৰে বাবে শ্ৰদ্ধাৰ ৷ মূল্যবোধৰ ৰাজনীতিৰে চাৰিবাৰৰ বিধায়ক হোৱা প্ৰেমধৰ বৰাৰ ভাষণৰ সময়ত বিধানসভাৰ মজিয়া হৈ পৰিছিল নীৰৱ, নিঃশব্দ ৷ ইয়াৰোপৰি ‘মৰ্টন ককা’ হিচাবে পৰিচিত হৈ আহিছে 89 বছৰীয়া প্ৰেমধৰ বৰা (Former Education minister Premadhar Bora)৷ কোনোদিনেই দল-বাগৰাৰ ৰাজনীতি নকৰা বৰ্ষীয়ান নেতাগৰাকীৰ হাতত প্ৰতিটো মূহুৰ্ততে আছিল একোটা মৰ্টনৰ টেমা আৰু ধূপৰ বাকচ ৷ তেওঁৰ কাষলৈ অহা প্ৰতিজন লোককেই দুই-চাৰিটা মৰ্টনেৰে আপ্যায়ন কৰে, য’লৈকে যায় জ্বলাই থৈ আহে একোডাল ধূপ ৷

আনহাতে, ৰক্তক্ষৰণত ভূগি চিকিৎসাধীন হৈ আছে ডুমডুমা সমষ্টিৰ(Doom Dooma Assembly constituency) পৰা 6 বাৰকৈ বিধায়ক হিচাবে নিৰ্বাচিত হোৱা দিলেশ্বৰ তাঁতি (Former Labour Minister Dileswar Tanti)৷ 11 জুলাইত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাৰ শ্ৰম আৰু নিয়োগ বিভাগৰ মন্ত্ৰীগৰাকীক ৷ 1978 চনৰ পৰা 2006 চনলৈকে ডুমডুমা বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা তাঁতি চাহ জনগোষ্ঠীয় সম্প্ৰদায়ৰ মাজত এগৰাকী অত্যন্ত জনপ্ৰিয় নেতা হোৱাৰ লগতে অসম চাহ মজদুৰ সংঘৰো তেওঁ আছিল সাধাৰণ সম্পাদক ৷

ওৰেতো ৰাজনৈতিক জীৱনত এজন নিষ্ঠাৱান কংগ্ৰেছ কৰ্মী হিচাবেই কাৰ্যনিৰ্বাহ কৰি আহিছে বৰ্ষীয়ান নেতাগৰাকীয়ে ৷ মূল্যবোধৰ ৰাজনীতিৰে পৰিচালিত এই নেতাগৰাকীয়েও ক্ষমতাৰ স্বাৰ্থত কৰা নাছিল দল সলোৱাৰ ৰাজনীতি ৷

কোনোদিনে কোনো দুৰ্নীতিৰ অভিযোগত অভিযুক্ত নোহোৱা অসমৰ ৰাজনীতিৰ এই দুগৰাকী মহীৰূহৰ গাত সামাজিক জীৱনতো আজিকোপতি লগা নাই কোনো দাগ ৷ ওৰেতো জীৱন এক নিৰ্দিষ্ট আদৰ্শৰে পৰিচালিত হৈ অহা ৰাজনীতিবিদ দুগৰাকী সুস্থ হোৱাৰ কামনা কৰিছে ৰাজ্যবাসীয়ে ৷

লগতে পঢ়ক: Jaswant Singha at Guwahati: প্রচাৰৰ বাবে যশোৱন্ত সিনহা গুৱাহাটীত উপস্থিত

Last Updated : Jul 13, 2022, 5:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.