গেংষ্টাৰ বিকাশ ডুবেৰ চিতাভষ্ম সংগ্ৰহ কৰিলে পত্নীয়ে
উত্তৰ প্ৰদেশৰ কানপুৰত আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু হোৱা গেষ্টাৰ বিকাশ ডুবেৰ মৃত্যুৰ প্ৰায় ডেৰ মাহৰ পিচত মঙলবাৰে বিকাশ ডুবেৰ পত্নী ৰিচা ডুবেই জ্যেষ্ঠ পুত্ৰ আৰু উকীলৰ সৈতে স্বামীক সৎকাৰ কৰা কানপুৰৰ ভৈৰৱ ঘাটত উপস্থিত হয় ৷
সদ্যজাত সন্তানক মোনাত ভৰাই চিকিৎসালয়ৰ পৰা পলায়নৰ চেষ্টা মাতৃৰ
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত আজব ঘটনা ৷ মঙলবাৰে পুৱাই নিজৰ সদ্যজাত কেচুৱাক মোনাত ভৰাই চিকিৎসালয় খনৰ পৰা পলায়নৰ চেষ্টা কৰে এগৰাকী মহিলাই ৷ কিন্তু পলায়নৰ চেষ্টা কৰাৰ সময়তে নিৰাপত্তাৰক্ষীয়ে কৰায়ত্ত্ব কৰে মহিলা গৰাকীক ৷
ছয়গাঁৱত বাইক সহ 3 দুৰ্ধৰ্ষ গাড়ী চোৰ আটক
ছয়গাঁও আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সাফল্য ৷ আৰক্ষীৰ বাবে ম’ষ্ট ৱাণ্টেড হিচাপে পৰিচিত এটা দুৰ্ধৰ্ষ গাড়ী চুৰি চক্ৰৰ লগত জড়িত থকাৰ অভিযোগত তিনিজন লোকক আটক ৷ আটকাধীন গাড়ী চোৰকেইজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে তিনিখন বাইক ৷
মহাবাহুত জাহ গ'ল পলাশবাৰীৰ বিস্তীৰ্ণ অঞ্চল
অসমৰ বানত ক্ষতিগ্ৰস্তলৈ ১ কোটি টকাৰ সাাহায্য অভিনেতা অক্ষয় কুমাৰৰ
বিধ্বংসী বানে ঘৰ-মাটি বিধ্ৱস্ত কৰাৰ পিছত দিক-বিদিক হেৰুওৱা অসমৰ ৰাইজলৈ আৰ্থিক সাহায্য আগবঢ়াইছে বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে। বানত ক্ষতিগ্ৰস্তলৈ ১ কোটি টকাৰ সাাহায্য আগবঢ়াইছে অভিনেতাগৰাকীয়ে।
সমষ্টি উদ্ধাৰৰ লক্ষ্যৰে দৰঙত অগপৰ ৰণকৌশল
ৰাজ্যত ক'ভিড-19 ৰ ভয়াবহ পৰিস্থিতি অব্যাহত থকাৰ মাজতে আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্য়ে প্ৰায় সমূহ ৰাজনৈতিক দলে ৰণকৌশল প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে ৷ প্ৰতিটো ৰাজনৈতিক দলে সমষ্টি সমূহ নিজৰ অধীনলৈ অনাৰ বাবে গোপনে অভিসন্ধি ৰচনা কৰাত ব্যস্ত হৈ পৰিছে ৷
বিধায়ক শিলাদিত্য দেৱক গ্ৰেপ্তাৰৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ
ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে শাসকীয় দলৰ বিধায়ক শিলাদিত্য দেৱ আৰু বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ উপ-সভাপতি সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷
পেট্ৰল, ডিজেলৰ নামত পানী বিক্ৰি কৰা এটা পেট্ৰল পাম্প
মহানগৰীৰ পেট্ৰ'ল পাম্পত উত্তেজনা ৷ ভেজাল তেল বিক্ৰী কৰাৰ অভিযোগত সৃষ্টি হয় এই উত্তেজনা ৷ ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, মহানগৰীৰ মঠঘৰীয়াস্থিত কাৰ্বন গেটৰ মানস ছাৰ্ভিছ ষ্টেচন নামৰ পেট্ৰ'ল পাম্পটোত তেলৰ লগত পানী মিলাই বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰে গ্ৰহাকসকলে ৷
বৰাক উপত্যকাত এইমচ্ স্থাপনৰ দাবীত প্ৰতিবাদ
মঙলবাৰে শিলচৰত ডি ৱাই এফ আই নামৰ সংগঠনটোৰ ফালৰ পৰা শিলচৰ মেডিকেল কলেজৰ উন্নয়ন, কাছাৰৰ ক'ভিড-19 আক্ৰান্ত নোহোৱা লোকক হাৰাশাস্তি প্ৰদান কৰা বন্ধ কৰা, শিলচৰ মেডিকেল কলেজৰ খালী থকা পদসমূহত অতি সোনকালে নিযুক্তি দিয়া, বৰাক উপত্যকাত এখন পূৰ্ণাংগ এইমচ্ স্থাপন কৰা আদি বিভিন্ন দাবীৰে শিলচৰৰ ক্ষুদিৰামৰ প্ৰতিমূৰ্তিৰ সমীপত এক বিক্ষোভ কাৰ্যসূচীৰ ৰূপায়ন কৰে ৷
চিৰাঙত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰঃ শংকিত বিটিচি বাসী
বিটিচিৰ পৰিষদীয় নিৰ্বাচনকলৈ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ বিগত দিনকেইটাত বিটিআৰ অঞ্চলত উদ্ধাৰ হৈছে বৃহৎ পৰিমানৰ মাৰনাস্ত্ৰ ৷ বিটিআৰৰ অন্তৰ্গত বিভিন্ন ঠাইত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে এই সমুহ আগ্নেয়াস্ত্ৰ আৰু মাৰণাস্ত্ৰ৷