গোলাঘাটত মহিলাসহ গ্ৰেপ্তাৰ তিনি অভিযুক্ত চোৰ
ঘৰত মানুহ নথকাৰ সুযোগ লৈ গোলাঘাটত চুৰিকাণ্ড সংঘটিত কৰা 3 জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ এগৰাকী মহিলাসহ 3 জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
ৰূপহীহাটত ভয়ংকৰ ৰূপ ধাৰণ খহনীয়াৰ
বাৰিষাৰ প্ৰলয়ংকৰী বানৰ পিছতে একপ্ৰকাৰ তাণ্ডৱৰ সৃষ্টি কৰিছে খহনীয়াই ৷ নগাঁও জিলাৰ ৰূপহীহাটৰ এক বৃহৎ অঞ্চল খহনীয়াৰ কবলত পৰি নিচিহ্ন হোৱাৰ উপক্ৰম হৈছে ৷
আমেৰিকা উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাৱে মনোনীত হ'ল কমলা হেৰিছ
আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী মনোনীত প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা হিচাপে ইতিহাস ৰচিলে ভাৰতীয় মূলৰ মহিলা কমলা হেৰিছে।
চৰকাৰক বিদ্যালয় প্ৰাদেশীকৰণৰ বিষয়টো পুনৰ বিবেচনা কৰি চাবলৈ আহ্বান বঞ্চিত শিক্ষকৰ
ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ঘোষণা কৰিলে প্ৰাদেশীকৃত বিদ্যালয়সমূহৰ নাম ৷ এই ঘোষণাৰ পাচতে বহু শিক্ষকৰ মুখত হাঁহি বিৰিঙি উঠিল যদিও, একাংশ শিক্ষকৰ মুখত ফুটি উঠিল হতাশাও ৷
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ডঃ হিমন্ত বিশ্ব শৰ্মা বিৰুদ্ধে উত্থাপন কৰিলে কেতবোৰ প্ৰশ্ন ৷ তেওঁ কয় যে "প্ৰণাম" আঁচনি বনোৱা তথা সততে ভাৰতীয় সভ্যতাৰ কথা কোৱা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে ৰাজহুৱাকৈ তেখেতৰ স্বাস্থ্যৰ সম্বন্ধে কৰা টুলুঙা মন্তব্যই, তেওঁৰ ভিতৰত লুকাই থকা কু-আচৰণ সকলোৰে আগত উদঙাই দিলে ৷
কৰ'ণাত আক্ৰান্ত ধুবুৰীৰ আৰক্ষী অধীক্ষকৰ সংস্পৰ্শলৈ আহিছিল মুখ্যমন্ত্ৰী
ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ দেহত ক'ভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্বাস্থ্যক লৈ প্ৰশ্নৰ উদ্বেগ হৈছে।
৭৬ সংখ্যক জন্ম বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক স্মৰণ
৭৬সংখ্য়ক জন্ম বাৰ্ষিকীত সমগ্ৰ দেশবাসীয়ে সুঁৱৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ওপজা দিনটোত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে।
বকোৰ আলোকজাৰীত বজ্ৰপাত পৰি নিশা ভয়ংকৰ অগ্নিকাণ্ড
বকো আৰক্ষী থানাৰ অন্তৰ্গত আলোকজাৰীত বুধবাৰে নিশা এটা পকী বাসগৃহৰ ওপৰত বজ্ৰপাত পৰি সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷
বিশিষ্ট কংগ্ৰেছ নেতা তথা সমাজকৰ্মী বংশী গগৈৰ দেহাৱসান
বিশিষ্ট সমাজকৰ্মী আৰু কংগ্ৰেছ নেতা বংশী গগৈ আৰু নাই। জীৱনৰ দীৰ্ঘ সময় সামাজিক কৰ্মৰে ব্যস্ত হৈ থকা খুমটাই সমষ্টিৰ অন্তৰ্গত বাতিপৰিয়াৰ বংশী গগৈ খুমটাইবাসীৰ বাবে খুবেই পৰিচিত আছিল।
আগ্ৰা বাছ হাইজেক: আৰক্ষীৰ জিম্মাত মুখ্য অভিযুক্ত
মঙলবাৰে নিশা 10:30 মান বজাত আগ্ৰাৰ ৰায়ভা টোল প্লাজাৰ সমীপৰ পৰা যাত্ৰীসহ দুৰ্বৃত্তই হাইজেক কৰে এখন বাছ ৷