বানত প্ৰাণ হেৰুৱালে 110 গৰাকীয়ে
দেওবাৰলৈকে 53 টা ৰাজহ চক্ৰত বানত বুৰ গৈছে 1,307 খন গাঁৱৰ প্ৰায় 10,52,645 গৰাকী লোক ৷ লগতে 72,578.59 হেক্টৰ কৃষি ভূমি সম্পূৰ্ণৰূপে বিনষ্ট হৈছে বানত ৷ ৰাজ্যত বন্যাৰ্তৰ সুবিধাৰ্থে স্থাপন কৰা 122 টা সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে 29,220 গৰাকী লোকে ৷ বৰ্তমানলৈকে বানত প্ৰাণ হেৰুৱাইছে 110 গৰাকী লোকে ৷
বিহাৰত গংগা, মহানন্দা, বুঢ়ী গণ্ডক, বাগমতী আৰু কুশিৰ লগতে উত্তৰ বিহাৰত কেইবাখনো নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেদি বৈছে ৷
বানত উটিল দলং: বিশখন গাঁৱৰ মাজত সংযোগ বিচ্ছিন্ন
বঙাইগাঁৱৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত নাম্বাৰপাৰা-গোলাপাৰা সংযোগী মানাহ নদীৰ ওপৰত থকা কাঠৰ দলংখন শনিবাৰে নিশা বাঢ়নী পানীয়ে উটুৱাই লৈ যায় ৷ দীৰ্ঘদিনে জৰাজীৰ্ণ অৱস্থাত থকাৰ ফলতে দলঙখন সহজে উটুৱাই লৈ যায় বানে ৷
কাকীত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
কাকীৰ 4 নং টঙনীয়াৰ এখন পথাৰৰ কাষতে উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ ৷ টঙীয়াৰ আব্দুল শুকুৰ নামৰ লোক গৰাকীৰ পুত্ৰ আলিম উদ্দিন নামৰ যুৱক জনৰ মৃতদেহ উদ্ধাৰক লৈ সম্প্ৰতি অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ ৷
চিৰাঙত ডাইনী সন্দেহত দুই পৰিয়ালক আক্ৰমণ
চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতা ভূৰবস্তিত ডাইনী সন্দেহত ভয়ংকৰ ঘটনা । ডাইনী সজাই দুটা পৰিয়ালৰ লোকক মাৰপিট গাঁওবাসীৰ ।
বাক্সা জিলাৰ তামুলপুৰত দেওবাৰে পুৱা হাতী-মানুহৰ সংঘাতত প্ৰাণ গ'ল এগৰাকী স্থানীয় লোকৰ ৷ উল্লেখ্য যে, অঞ্চলটোত দীৰ্ঘদিনৰ পৰাই বন্যহস্তীৰ তাণ্ডৱ অব্যাহত আছে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷
কেৰালাত কৰ'ণা আক্ৰান্ত মহিলাই প্ৰসৱ কৰিলে যমজ সন্তান
কেৰালাত মহামাৰী কৰ'ণাত আক্ৰান্ত মহিলাই প্ৰসৱ কৰিলে যমজ সন্তান ৷ কেৰালাৰ কান্নুৰ পৰিয়াৰাম মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা মহিলা গৰাকীৰ সন্তান দুটি বৰ্তমান সম্পূৰ্ণ সুস্থ বুলি জানিবলৈ দিয়ে চিকিৎসকে ৷
পথ নিৰ্মাণৰ নামত লাখটকীয়া ফলক আঁৰিয়ে সামৰিলে দায়িত্ব
আমগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত ভূঞাহাট গাঁও পঞ্চায়তত আঠ লাখ টকা ব্যয় সাপেক্ষে ফেভাৰ ব্লকেৰে নিৰ্মাণ কৰিবলৈ লোৱা হৈছিল এটা পথ ৷ কিন্তু পথ নিৰ্মাণৰ নামত ফলক আঁৰিয়ে দায়িত্ব সামৰিছে পঞ্চায়ত প্ৰতিনিধিয়ে ৷ উক্ত পথ নিৰ্মাণৰ বাবদ ২০১৭-১৮ বৰ্ষতে ধন আবণ্টিত হৈছিল যদিও আজি পৰ্যন্ত নিৰ্মাণ নহ’ল পথছোৱা ৷
ভাৰত ভূূটান সীমান্তত বৃদ্ধি বনৰীয়া হাতীৰ উপদ্ৰৱ
বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ খাদ্যৰ অভাৱৰ বাবে এইদৰে হাতীৰ জাক অঞ্চলটোলৈ অহাটো এতিয়া নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷
দেশৰ ক্ৰীড়া পুৰস্কাৰ নিৰ্বাচনী কমিটীত অসম কন্যা মনালিছা বৰুৱা মেহতা
ক্ৰীড়া পুৰস্কাৰৰ বাবে নিৰ্বাচন কৰা দেশৰ সৰ্বোচ্চ ক্ষমতা সম্পন্ন 12 জনীয়া কমিটীখনত সদস্য হিচাপে আছে টীম ইণ্ডিয়াৰ প্ৰাক্তন বিস্ফোৰক বেটছমেন বীৰেন্দ্ৰ ছেহৱাগ, টীম ইণ্ডিয়া হকীৰ প্ৰাক্তন অধিনায়ক চৰ্দাৰ সিং, পেৰা এথলেটিকছৰ দীপা মালিক ৷