COVID 19: বিশ্বৰ সামগ্ৰিক তথ্য
21 জুলাইৰ দিনটোলৈকে বিশ্বজুৰি 148,55,107 গৰাকী লোক আক্ৰান্ত হয় কৰ'ণা ভাইৰাছত ৷ আক্ৰান্তসকলৰ ভিতৰত মৃত্যুক সাৱটি লৈছে 6,13,248 গৰাকী লোকে ৷
জুবিন গাৰ্গ আৰু খগেন গগৈৰ এটা ভাইৰেল ভিডিঅ'...
শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ এটা বিশেষ ভিডিঅ' ৷ য'ত জুবিন গাৰ্গে বিহুগীত জুৰিছে বিহুসম্ৰাট খগেন গগৈৰ সৈতে ৷ এই ভিডিঅ'য়ে এতিয়া মন্ত্ৰমুগ্ধ কৰিছে দুয়োগৰাকী শিল্পীৰে অনুৰাগীসকলক ৷
ৰাজস্থান ৰাজনৈতিক সংকট : আজিয়ে ৰায়দান কৰাৰ সম্ভাৱনা
ৰাজস্থানৰ ৰাজনৈতিক সংকট সম্পৰ্কত আজি ৰাজস্থান উচ্চ ন্যায়ালয়ত আৰম্ভ হৈছে শুনানি ৷ উল্লেখ্য যে, শচীন পাইলট আৰু 18 গৰাকী কংগ্ৰেছৰ বিধায়কে ন্যায়ালয়ৰ কাষ চপাৰ পাচতে আৰম্ভ হৈছে শুনানি ৷
বানৰ শেহতীয়া খবৰঃ এইপৰ্যন্ত মৃত্য়ু 85, ক্ষতিগ্ৰস্ত 24,48,128 গৰাকী
উন্নত হোৱা নাই ৰাজ্যৰ বান পৰিস্থিতি ৷ ৰাজ্যৰ প্ৰায় 24 খন জিলাত অব্যাহত আছে বানৰ সংহাৰী ৰূপ ৷ বিগত বৰ্ষৰ তুলনাত এইবৰ্ষত বানে যথেষ্ঠ তাণ্ডৱ সৃষ্টি কৰি প্লাৱিত কৰিছে ৰাজ্যৰ অধিকাংশ অঞ্চল ৷
নিশা বানপীড়িতৰ খবৰ ল'লে মুখ্যমন্ত্ৰীয়ে
পশ্চিম নলবাৰীৰ পুখুৰাত সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুঢ়াদিয়া নদীৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰে ৷ পানী কমিলেই ভগ্ন মথাউৰিটো নিৰ্মাণ কৰাৰ আশ্বাস দিয়ে ।
কলগাছিয়াত বেঁকী নৈৰ চতুৰ্থটো বানৰ সংহাৰী ৰূপ
বেঁকী নৈৰ বাঢ়নী পানীত মাহটোৰ ভিতৰত চতুৰ্থবাৰৰ বাবে জলমগ্ন জনীয়া সমষ্টিৰ শতাধিক গাওঁ।
বাক্সাৰ দোঙাৰগাঁৱত বনৰীয়া হস্তীৰ আক্ৰমণত আহত শিশু
সোমবাৰে বাক্সাৰ গোৰেশ্বৰ দাউৰাইঝাৰত এটা বনৰীয়া হাতীৰ মৃত্যুৰ পাছতেই লগৰীয়া হাতী এটাই সন্ত্ৰাসৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ বন্যহস্তীটোৱে আক্ৰমণ কৰে ২ নং দোঙাৰগাঁৱৰ কেইবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে এগৰাকী কণমানী শিশুক ৷
স্থগিত হ’ল আইচিচি টি-20 বিশ্বকাপ
চলিত বৰ্ষত অষ্ট্ৰেলিয়াত হ’বলগীয়া পুৰুষ টি-20 বিশ্বকাপ বাতিল ৷ কৰ’ণা ভাইৰাছৰ বাবেই স্থগিত কৰা হ’ল পুৰুষ টি-20 বিশ্বকাপ প্ৰতিযোগিতা ৷ সোমবাৰে আইচিচিৰ এক বৈঠকৰ পাচত টি-20 বিশ্বকাপ স্থগিত কৰাৰ কথা ঘোষণা কৰা হয় ৷
কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিলে মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ৷ কৃষিমন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাচাক লগত লৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে ৷
হোজাইত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ
ৰাজ্যত কৰ‘ণা আৰু বানপানীৰ সংহাৰৰ মাজতেই হোজাইত বন্যহস্তীয়ে নিদ্ৰা হৰিছে ৰাইজৰ ৷ সোমবাৰে নিশা হোজাইৰ দীঘলবালি অঞ্চলত বনৰীয়া হস্তীয়ে চলালে তাণ্ডব ।