ETV Bharat / state

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি... - শীৰ্ষ দহটা বাতৰি

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten news at 5 pm
পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Sep 19, 2021, 5:06 PM IST

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

গুৱাহাটীৰ পৰা মাজুলী পালেহি দুখনকৈ অত্যাধুনিক জাহাজ

শনিবাৰে গুৱাহাটীৰ পৰা মাজুলী পালেহি দুখনকৈ জাহাজ(Ship) ৷ 8 ছেপ্টেম্বৰত নিমাতীঘাটত সংঘটিত হোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ(Ferry Accidenr) পাচত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma) এটা ইঞ্জিনযুক্ত ফেৰীসমূহ বন্ধ কৰি দিয়াৰ নিৰ্দেশ দিছিল ৷ যাৰ ফলস্বৰূপে যাত্ৰীসকলে পাৰাপাৰ হোৱাত অসুবিধাৰ সন্মুখীন হৈছিল ৷ শেহতীয়াকৈ চৰকাৰৰ ঘোষণা অনুসৰি, মাজুলীলৈ অহা দুখন অত্যাধুনিক জাহাজ কমলাবাৰী ঘাটৰ সন্মুখেৰে নিমাতীঘাটলৈ ৰাওনা হৈছে । ইয়াৰে এখন যাত্ৰীবাহী জাহাজ আৰু আনখন মালবাহী জাহাজ ।

সমস্যাৰে জৰ্জৰিত মহানগৰীৰ হৰিজন সম্প্ৰদায়ৰ লোকসকল...

গুৱাহাটী মহানগৰীৰ ফটাশিলত থকা গুৱাহাটী পৌৰনিগম(GMC)ৰ পুৰণি হৰিজন(Harijan) ক’লনীৰ দুৰাৱস্থা ৷ চৰকাৰী প্ৰতিশ্ৰুতি আজিলৈকে ফলপ্ৰসু হৈ নুঠিল ক’লনীটোত ৷ জৰাজীৰ্ণ আৱাস গৃহ, খোৱাপানীৰ সমস্যা, শৌচালয়ৰ অভাৱ, নলা-নৰ্দমাৰ অভাৱকে ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত ক’লনীটোৰ আৱাসীসকলে যেন যুঁজ দি আছে জীৱন-মৰণৰ সৈতে ৷

ডিব্ৰুগড়ৰ বকুল বাইপাছত ৰকেট লাঞ্চাৰ উদ্ধাৰ

ডিব্ৰুগড়ৰ বকুল বাইপাছত উদ্ধাৰ হৈছে ৰকেট লাঞ্চাৰ । ইয়াৰ পাছতে সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য ।

মুখ্যমন্ত্ৰীৰ লগতে পঞ্জাৱত দুজনকৈ উপ-মুখ্যমন্ত্ৰী নিযুক্তিৰ সম্ভাৱনা

পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ কমিটি(Punjab Pradesh Congress Committee)ৰ মুৰব্বী নৱজ্যোৎ সিং সিদ্ধু(Navjot Singh Sidhu)ৰ সৈতে কেইবামাহ ধৰি হোৱা বাক-বিতণ্ডাৰ অন্তত পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদ ত্যাগ কেপ্টেইন অমৰিন্দৰ সিঙৰ(Captain Amarinder Singh) ৷ সিঙৰ পদত্যাগৰ পাচতে পঞ্জাৱত মুখ্যমন্ত্ৰীৰ লগতে দুজনকৈ উপ-মুখ্যমন্ত্ৰী নিযুক্তি দিয়াৰ সম্ভাৱনা ৷

অৰুণাচল প্ৰদেশৰ চেচাত ডাৱৰ বিস্ফোৰণ

ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ভূমিস্খলনত মূল পথটোৰ কেইবাটাও অংশত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰে ৷ দুদিন ধৰি ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা । পথৰ দাঁতিত আৱদ্ধ বহু যান-বাহন ৷

নিলয় দত্তৰ মৃত্যুত সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ শোক প্ৰকাশ

বিশিষ্ট অধিবক্তা নিলয় দত্তৰ মৃত্যুত শোক প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যই ৷ আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে দেওবাৰে নলবাৰীত উপস্থিত হৈ বিশিষ্ট আইনজ্ঞগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে । ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই বিশিষ্ট আইনজ্ঞ, অসম চুক্তিৰ ৬ নং দফা সমিতিৰ উচ্চস্তৰীয় সমিতিৰ অন্যতম সদস্য তথা ক্ৰীড়া সংগঠক নিলয় দত্তৰ মৃত্যু অসমৰ বাবে বৃহৎ ক্ষতি বুলি উল্লেখ কৰে । ভট্টাচাৰ্যই নিলয় দত্তৰ মৃত্যুত আইন জগতৰ পৰা এটি তৰা খহি পৰিল বুলি মন্তব্য কৰাৰ লগতে ব্যক্তিগতভাৱে এগৰাকী অভিভাৱক হেৰুৱালো বুলি মন্তব্য কৰে ৷

ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব CTET-২০২১

চলিত বৰ্ষৰ ১৬ ডিচেম্বৰৰ পৰা অথবা আগন্তুক বৰ্ষৰ ১৩ জানুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ'ব ১৫ সংখ্য়ক CTET পৰীক্ষা ৷ ক'ত আৰু কেনেকৈ এই পৰীক্ষাৰ বাবে কৰিব আবেদন ?

দেশত পুনৰ কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি : এদিনতে 30,773 জন নতুনকৈ আক্ৰান্ত

বিগত 24 ঘণ্টাত ভাৰতত 30,773 জনকৈ লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত ৷ 309 জনৰ মৃত্যুৰ সৈতে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটা লোকৰ মুঠ সংখ্যা 4,44,838 লৈ বৃদ্ধি ৷ সমগ্ৰ ৰাষ্ট্ৰত আৰোগ্য লাভৰ হাৰ(recovery rate) 97.68 শতাংশ আৰু দৈনিক আক্ৰান্তৰ হাৰ 1.97 শতাংশ ৷

পৰ্ণ’গ্ৰাফী গোচৰত নিৰ্দোষীৰ দাবীৰে জামিন আবেদন দাখিল ৰাজ কুন্দ্ৰাৰ

পৰ্ণ’গ্ৰাফী(Pornography) ৰ গোচৰত অভিযুক্ত ৰাজ কুন্দ্ৰাই(Raj Kundra) শনিবাৰে এখন আদালতত জামিন আবেদন দাখিল কৰে ৷ তেওঁ নিজকে নিৰ্দোষী বুলি দাবী উত্থাপন কৰে ৷ তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই, সেইবাবে আদালতৰ পৰা জামিন বিচাৰিছে কুন্দ্ৰাই ৷ শেহতীয়াকৈ মুম্বাই অপৰাধ শাখাই(Mumbai Crime Branch) ৰাজ কুন্দ্ৰা আৰু গোচৰত অভিযুক্ত আন তিনিজনৰ বিৰুদ্ধে এক চাৰ্জশ্বীট দাখিল কৰিছিল । সোমবাৰে জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব আদালতে ৷

IPL 2021 : খেলপথাৰত নামিব চেন্নাই চুপাৰ কিংছ বনাম মুম্বাই ইণ্ডিয়ানছ

কৰ’ণা মহামাৰীৰ বাবে ভাৰতত IPL বন্ধ কৰিব লগা হোৱাৰ পিছত দ্বিতীয় লীগৰ প্ৰথমখন খেলত দেওবাৰে মুখা-মুখি হ’ব চেন্নাই চুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.