ETV Bharat / state

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি... - পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten news at 5 pm
পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Sep 9, 2021, 5:03 PM IST

কান্দি কান্দি পৰিমিতাক স্মৰণ কৰিলে আত্মীয়ই

এক শোকাকুল পৰিবেশৰ মাজত অৱশেষত নগাঁৱৰ পৰা পুৰণি গুদামৰ মোমায়েকৰ ঘৰত উপস্থিত হ’ল পৰিমিতা দাসৰ নশ্বৰ দেহ ৷ যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী পথত পুৰনিগুদামৰ মামাকৰ ঘৰত ক্ষন্তেক সময়ৰ বাবে তেওঁৰ নশ্বৰ দেহ ৰখা হ’ল । ইয়াৰ লগে লগে এক শোকাকুল পৰিবেশ বিৰাজ কৰিলে ঘৰ খনত ৷

অনুৰূপ ঘটনাৰ বাবে তিনিবছৰত দুবাৰ নিলম্বিত কাৰ্যবাহী অভিযন্তা বিক্ৰমাদিত্য চৌধুৰী

একেজন বিষয়াৰ আমোলতে উত্তৰ গুৱাহাটীৰ দৰে ভয়াৱহ নাও দুৰ্ঘটনা সংঘটিত হ'ল নিমাতীঘাটত । ২০১৮ চনৰ ছেপ্টেম্বৰতো কর্তব্যত প্রদর্শন কৰা চূড়ান্ত দায়িত্বহীনতা আৰু গাফিলতিৰ বাবে তেওঁক নিলম্বিত কৰা হৈছিল । উত্তৰ গুৱাহাটীৰ শিহৰণকাৰী ঘটনাৰ দৰে যোৰহাটৰ নিমাতীঘাটত দুর্ঘটনাত পতিত হোৱা ফেৰীখনৰো নাছিল প্রয়োজনীয় চৰকাৰী নথিপত্র ।

ছাত্ৰৰ প্ৰতিবাদত উত্তপ্ত মাজুলীৰ পৰিৱেশ: আৰক্ষীৰ লাঠী চালনা

বুধবাৰৰ জাহাজ দূৰ্ঘটনাৰ পিছত উত্তপ্ত হ’ল মাজুলীৰ পৰিৱেশ ৷ ৰাজপথলৈ প্ৰতিবাদকৰিবলৈ ওলাই আহিল হাজাৰ-হাজাৰ ছাত্ৰ-ছাত্ৰী তথা মাজুলীবাসী ৰাইজ ৷ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক বাধা দিবলৈ গৈ লাঠী চালনা কৰিলে আৰক্ষীয়ে ৷

The tragic ferry accident: মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পদত্যাগ দাবী ভূপেন বৰাৰ

বিগত সময়ত হৈ যোৱা অনুৰূপ ঘটনাৰ পৰা কিয় শিক্ষা নল'লে ৰাজ্য চৰকাৰে ? গুৱাহাটীত সংঘটিত নাও দুৰ্ঘটনাৰ বাবে নিলম্বন কৰা বিক্ৰমাদিত্য চৌধুৰী নিমাতীঘাটৰ দুৰ্ঘটনাৰ বাবেও পুনৰবাৰ নিলম্বিত হৈছে ৷ এই বিষয়ত সংবামেলযোগে প্ৰশ্ন উত্থাপন কৰিলে ভূপেন বৰাই ৷

নগাঁৱত সতীৰ্থক গুলীয়াই পাছত আত্মহত্যা CRPF জোৱানৰ

নগাঁৱৰ কাতিমাৰী চিআৰপিএফ কেম্পত পুনৰ উত্তেজনা । ৰহস্যজনকভাৱে আত্মহত্যা কৰিলে চিআৰপিএফ জোৱানে । আত্মহত্যাৰ পূৰ্বে সতীৰ্থকো গুলীয়াইছিল জোৱানজনে ।

৪ অক্টোবৰত ৰাজ্যসভাৰ নিৰ্বাচন : পূৰ্ণ হব বিশ্বজিৎ দৈমাৰীৰ খালি আসন

বিশ্বজিৎ দৈমাৰীয়ে এৰি অহা ৰাজ্যসভাৰ আসনৰ বাবে ৪ অক্টোবৰত অনুষ্ঠিত হব নিৰ্বাচন ৷ অসমৰ সৈতে একেদিনাই পশ্চিমবংগ, তামিলনাডু, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশতো নিৰ্বাচন অনুষ্ঠিত হ'ব ৷

NEET-UG পৰীক্ষা সন্দৰ্ভত চৰকাৰক কিয় সমালোচনা কৰিলে শচী থাৰুৰে ?

NEET-UG পৰীক্ষাৰ নিৰ্ধাৰিত তাৰিখকলৈ সম্প্ৰতি দেশত বিতৰ্ক অব্যাহত আছে । পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া দিনটোকলৈ সন্তুষ্ট নহয় একাংশ ছাত্ৰ-ছাত্ৰী । ইয়াৰ মাজতে কংগ্ৰেছ নেতা শচী থাৰুৰে চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

মহিলা ক্ৰিকেটত তালিবানৰ নিষেধাজ্ঞা : পুৰুষ দলৰ সৈতে নেখেলাৰ সিদ্ধান্ত

তালিবানে আফগানিস্তানৰ মহিলাক ক্ৰিকেট খেলাত অনুমতি নিদিলে আফগানিস্তানৰ পুৰুষ দলৰ সৈতে অনুষ্ঠিত হ'বলগীয়া খেল বাতিল কৰিব ক্ৰিকেট অষ্ট্ৰেলিয়াই ৷ বুধবাৰে তালিবানৰ সাংস্কৃতিক আয়োগৰ মুৰব্বী আহমেদুল্লাহ ৱাছিকে মহিলাই ক্ৰিকেট খেলাটো প্ৰয়োজনীয় নহয় বুলি মন্তব্য কৰি তালিবানে মহিলাই ক্ৰিকেট খেলাৰ ওপৰত বাধা আৰোপ কৰা কথা প্ৰকাশ কৰিছিল । তেওঁৰ এই মন্তব্যৰ পিছতে ক্ৰিকেট অষ্ট্ৰেলিয়াই নিজৰ মতামত আগবঢ়ায় ।

T20 World Cup : ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচিত খেলুৱৈসকল...

ভাৰতীয় ক্ৰিকেট দলৰ(Indian Cricket Team) প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক(MS Dhoni) অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপত(T20 World Cup) ভাৰতীয় দলৰ বাবে পৰামৰ্শদাতা(Mentor) হিচাপে নিযুক্তি দিয়া হৈছে । এইবাৰ দলটোত আৰ অশ্বিনকো(R Ashwin) অন্তৰ্ভুক্ত কৰা হৈছে ৷

জন্মদিনত মাতৃক স্মৰণ কৰি আবেগিক হৈ পৰিছে খিলাড়ী অক্ষয় কুমাৰ

আজি 54 বছৰত ভৰি দিলে অভিনেতা অক্ষয় কুমাৰে(Akshay Kumar) ৷ জন্মদিনৰ দিনটোত এদিন পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰা মাতৃ অৰুণা ভাটিয়াক মনত পেলাই আবেগিক হৈ পৰে অভিনেতাগৰাকী ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.