ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি... - top ten news at 11 am

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten news at 11 am
11 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Mar 31, 2021, 11:06 AM IST

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুখ্য নিৰ্বাচন আয়ুক্তক অভিযোগ কংগ্ৰেছৰ

মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থিত্বক অযোগ্য ঘোষণাৰ দাবী কংগ্ৰেছৰ ৷ মন্ত্ৰী ড৹ শৰ্মাই হাগ্ৰামা মহিলাৰীক জেললৈ প্ৰেৰণ কৰাৰ কথা ৰাজহুৱাকৈ কৈ নিয়া-ৰ তদন্তৰ আওতালৈ অনাৰ ভাবুকি স্বৰূপ বক্তব্যৰ পাছতে মুখ্য নিৰ্বাচন আয়ুক্তক অভিযোগ পত্ৰ দাখিল কৰে কংগ্ৰেছে ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন: ৩৪ গৰাকীয়ে দাখিল কৰিলে মনোনয়ন

সমগ্ৰ ৰাজ্য এতিয়া আক্ৰান্ত নিৰ্বাচনী জ্বৰত ৷ অসম বিধানসভাৰ নিৰ্বাচনৰ লেখীয়াকৈ পূৰ্ণ প্ৰস্তুতি চলিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ৷ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ 34 গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন ৷

হোজাইত বিধ্বংসী অগ্নিকাণ্ড

হোজাইৰ উদালী তিনিআলি বজাৰত বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত ৷ অগ্নিকাণ্ডত জাহ গ'ল লক্ষাধিক টকাৰ সা-সম্পত্তি ৷ অগ্নিকাণ্ডত 14 খন বিপণী সম্পূৰ্ণৰূপে ভস্মীভূত ৷

বিজ্ঞাপন বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ দিলীপ শইকীয়াৰ

দৈনিক বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ সন্দৰ্ভত মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সাংসদ দিলীপ শইকীয়াই ৷ সাংসদ গৰাকীয়ে কয়, আদাক দেখি উঠিল গা কাটুৰীয়ে বোলে মোকো খা ৷ মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ দলগাঁও সমষ্টিত বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব যদিও বাকী কেইটা সমষ্টিত আশানুৰূপ চমকপ্ৰদ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বিজেপি ৷ কংগ্ৰেছ দলে হাজাৰ চেষ্টা কৰিলেও বিজেপিৰ সমান হ'ব নোৱাৰে ৷

বিজেপিলৈ মুকলি সমৰ্থন চিলাৰায় উন্নয়ন মঞ্চৰ

চিৰাঙত চিলাৰায় উন্নয়ন মঞ্চৰ সংবাদমেল ৷ নিৰ্বাচনত বিজেপি দললৈ মুকলি সমৰ্থন সংগঠনটোৰ ।

উৰিষ্যাৰ 32 শিক্ষাৰ্থীৰ দেহত ক’ভিডৰ অৱস্থিতি

উৰিষ্যাত 32 জন শিক্ষাৰ্থীৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছে ৷ জিলা প্ৰশাসনে ছীল কৰিলে শিক্ষানুষ্ঠানখন ৷

ৰাহুল গান্ধী অবিবাহিত সমস্যা সৃষ্টিকাৰী লোক: জইচ জৰ্জ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক "অবিবাহিত সমস্যা সৃষ্টিকাৰী লোক" আখ্যা দিলে প্ৰাক্তন সাংসদ জইচ জৰ্জে । এই সন্দৰ্ভত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে কয় যে, তেওঁলোকে ৰাহুল গান্ধীক ৰাজনৈতিক আদৰ্শগত কাৰণতহে সমালোচনা কৰে, ব্যক্তিগতভাৱে নহয় । আনহাতে, বিৰোধী দলৰ নেতা ৰমেশ চেন্নিথালাই কয় যে, প্ৰাক্তন সাংসদ জইচ জৰ্জৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰা উচিত ।

এইমছত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ বাইপাছ অস্ত্ৰোপচাৰ সম্পন্ন

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক শুকুৰবাৰে বুকুৰ বিষৰ বাবে সেনাৰ গৱেষণা আৰু ৰেফাৰেল চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷ শনিবাৰে তেওঁক দিল্লী এইমছলৈ স্থানান্তৰ কৰা হয় ৷ এইমছৰ চিকিৎসকৰ দলে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰি বাইপাছ অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লয় ।

মধ্যপ্ৰদেশৰ খাণ্ডৱাত শিহৰণকাৰী দুৰ্ঘটনা: শিৰচ্ছেদ এগৰাকী কণমানিৰ

এখন ট্ৰাক আৰু এখন যাত্ৰী বাছৰ সংঘৰ্ষত শিৰচ্ছেদ হৈ থিতাতে নিহত এগৰাকী 11 বছৰীয়া কণমানিৰ ৷ এই ঘটনাই বুকু কঁপাই গৈছে সমগ্ৰ দেশবাসীৰ ৷

টিংখাঙত মৰিয়াই হত্যা এজনক

যুৱতীক শাৰীৰিক নিৰ্যাতনৰ অপচেষ্টা । টিংখাঙত মৰিয়াই মৰিয়াই এজনক হত্যা । একে গাঁৱৰে ২৯ পুৰুষ মহিলাক গ্ৰেপ্তাৰ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.