ETV Bharat / state

এক বজাৰ শীৰ্ষ দহটা বাতৰি... - শীৰ্ষ দহটা বাতৰি

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten news at 1 pm
এক বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Sep 23, 2021, 1:08 PM IST

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

ডিঙিত গামোচা লৈ ৱাশ্বিংটনত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে ডিঙিত গামোচা লৈ বিশেষ বিমানযোগে নিউয়ৰ্কত উপস্থিত হয় ৷ নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাষণ প্ৰদান কৰিব মোডীয়ে ৷ প্ৰধানমন্ত্ৰীয়ে কোৱাড সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে হোৱাইট হাউচত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব ।

বিটিআৰৰ শিক্ষা বিভাগত ব্যাপক ৰদবদল

বিটিআৰ পৰিষদীয় চৰকাৰৰ শিক্ষা বিভাগত ব্যাপক সালসলনি । বুধবাৰে এক নিৰ্দেশনাযোগে কেইবাগৰাকীও শিক্ষা বিষয়াক বদলি কৰা হৈছে আন ঠাইলৈ । কোকৰাঝাৰ জিলা শিক্ষা বিষয়া তথা বিদ্যালয় পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মক একে পদতে ওদালগুৰি জিলালৈ বদলি কৰা হৈছে ।

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত ৫৭ জন চোৰাং চিকাৰীৰ আত্মসমৰ্পণ

বিশ্ব গঁড় দিৱসৰ দিনটোতে বিটিআৰ চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰে ৫৭ জন চোৰাং চিকাৰীয়ে ৷ চোৰাং চিকাৰী কেইজনক আৰ্থিক সমৰ্থন আগবঢ়াবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে । আনকি নিযুক্তিৰ ক্ষেত্ৰতো অগ্ৰাধিকাৰ দিয়াৰ বাবে ব্যৱস্থা লৈছে বিটিআৰ চৰকাৰে ।

মহানগৰী আৰক্ষীৰ জালত দালালৰাজত জড়িত আমছুৰ স্বয়ম্ভূ সভাপতি

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচত দালালৰাজৰ(Land Broker) বিৰুদ্ধে কঠোৰ স্থিতি মহানগৰ আৰক্ষীৰ । এইবাৰ আৰক্ষীৰ জালত পৰিছে ইকবাল হুছেইন নামৰ এজন স্বয়ম্ভূ আমছুৰ সভাপতি । পঢ়ক এই বিশেষ প্ৰতিবেদন...

ভূমি পট্টা প্ৰদানৰ দাবীত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ভূমিহীন ৰাইজক ভূমি পট্টা প্ৰদানৰ দাবীত উত্তাল শিৱসাগৰ ৷ অসম চৰকাৰৰ নিৰ্দেশমৰ্মে সমগ্ৰ ৰাজ্যজুৰি মাটিৰ দালালক আটক কৰি দালালৰাজ শেষ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেয়া সকলোৱে একেমুখে প্ৰশংসা কৰিছে । এনে সময়তে বুধবাৰে জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই ভূমিহীন ৰাইজক পট্টা প্ৰদানৰ দাবীত ৰূপায়ণ কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷

উল্টাপানীৰ ঘটনাক লৈ উত্তাল কোকৰাঝাৰ

কোকৰাঝাৰৰ উল্টাপানীৰ ঘটনাক লৈ উত্তাল হৈ আছে সমগ্ৰ জিলাখন । বুধবাৰে এবছুসহ ১৩ টা সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবীৰ লগতে কোনো নিৰীহ লোকক ভুৱা এনকাউণ্টাৰত হত্যা নকৰিবলৈ আৰক্ষীক আহ্বান স্থানীয় সংগঠনসমূহৰ ।

G4 আৰু G20 বৈঠকত ভাগ ল'ব দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে

জি-৪ বৈদেশিক মন্ত্ৰীসকলৰ বিশেষ বৈঠক আৰু জি-২০ বৈঠকত ভাৰতে অংশগ্ৰহণ কৰিব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ভাগ ল'ব এই বৈঠকত ।

ভাৰতী এয়াৰটেলৰে অপ্টিকেল নেটৱৰ্ক সম্প্ৰসাৰণ চুক্তি স্বাক্ষৰ তেজছৰ

মুখ্য মহানগৰীয় বজাৰত টেলিকম অপাৰেটৰৰ অপ্টিকেল নেটৱৰ্ক(Optical network) ক্ষমতা বৃদ্ধিৰ বাবে ভাৰতী এয়াৰটেল(Bharti Airtel)ৰ সৈতে কাম কৰিব তেজছ নেটৱৰ্কে(Tejas Networks) । বৃহস্পতিবাৰে তেজছ নেটৱৰ্কৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে । ইতিমধ্যে, ভাৰতী এয়াৰটেলৰ সৈতে অপ্টিকেল নেটৱৰ্ক সম্প্ৰসাৰণ চুক্তি স্বাক্ষৰ কৰিছে তেজছে ।

ক'ভিড-১৯ : দেশৰ শেহতীয়া তথ্য

ভাৰতত বুধবাৰে পুনৰ বৃদ্ধি পাইছে ক’ভিড 19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷ বুধবাৰে ভাইৰাছবিধত আক্ৰান্ত হয় ৩১,৯২৩ গৰাকী লোক ৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশিত বুলেটিনত প্ৰকাশ পাইছে এই তথ্য ৷

শ্বপিয়ানত নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ । নিৰাপত্তা বাহিনীৰ গুলীত এটা সন্ত্ৰাসবাদী নিহত । সন্ত্ৰাসবাদীটোৰ নাম অনায়ত আশ্ৰফ দাৰ । এজন লোকৰ ওপৰত গুলীচালনা কৰি সন্ত্ৰাসবাদীটোৱে পলায়ন কৰিছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.