ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Sep 11, 2021, 1:12 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten news at 1 pm
1 বজাৰ শীৰ্ষ দহটা বাতৰি

নিমাতীৰ বিননি: বিশ্বনাথত উদ্ধাৰ জান বৰুৱাৰ নিথৰ দেহ

বিশ্বনাথৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ পাৰত ষষ্ঠ সংযোজনৰ বিশ্বনাথ ঘাটত উদ্ধাৰ মৃতদেহ ৷ মৃতদেহটোক লৈ সমগ্ৰ বিশ্বনাথত তীব্ৰ চাঞ্চল্য ৷ মৃতদেহটো বুধবাৰে যোৰহাট নিমাতীঘাটত সংঘটিত নাওঁ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা জান বৰুৱাৰ বুলি চিনাক্ত কৰা হৈছে ৷

9/11 আক্ৰমণৰ 20 টা বছৰ

2001 চনত 11 ছেপ্তেম্বৰৰ দিনটোতে অল-কায়দাৰ দ্বাৰা বৰ্বৰ আক্ৰমণৰ বলি হৈছে আমেৰিকা ৷ 19 গৰাকীকৈ লোকে চাৰিখন বাণিজ্যিক এয়াৰলাইনৰ বিমান হাইজেক কৰি বিশ্ব বাণিজ্য কেন্দ্ৰ আৰু দ্য পেন্টাগনত আত্মঘাতী আক্ৰমণ চলাইছিল ৷

লক্ষ্য পেৰিছ অলিম্পিক : পুনৰ অনুশীলনত ব্যস্ত লাভলীনা

দেশবাসীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে সাজু হৈছে টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা ৷ পেৰিছ অলিম্পিকত স্বৰ্ণ জয়ৰ লক্ষ্যৰে এতিয়া পুনৰ বাংগালুৰুত কঠোৰ অনুশীলনত ব্যস্ত হৈছে লাভলীনা ৷

ফেৰী চিণ্ডিকেটত জড়িতসকলক শাস্তি প্ৰদানৰ আহ্বান সমুজ্জ্বল কুমাৰ ভট্টাচার্যৰ

নিমাতীঘাটৰ ফেৰী ঘটনাৰ অন্তৰালত কি আছে, সেই লৈ সংবাদমেল এক সংবাদ মেলত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচার্য ৷ ড৹ ভট্ৰাচাৰ্যৰ লগতে উপস্থিত থাকে কেইবাজনো সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ কৰ্ম-কৰ্তা ৷ সংবাদমেলত নিমাতী নাও দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰবক্তা পৰিমিতা দাসৰ বিষয়ে উল্লেখ কৰাৰ লগতে ফেৰীখনত কিমান লোক আছিল তাৰ কোনো তথ্য নাই বুলি তেওঁ উল্লেখ কৰে ৷

গুৱাহাটী-মৈৰাবাৰীৰ মাজত পুনৰ আৰম্ভ হ’ব ৰে’লসেৱা

নগাঁওবাসীলৈ সুখবৰ । মৈৰাবাৰী-গুৱাহাটীলৈ পুনৰ চলিব যাত্ৰীবাহী ৰে’ল । পিছে এইবাৰ কলংপাৰ পেচেঞ্জাৰ এক্সপ্ৰেছৰ বিপৰীতে চলিব গুৱাহাটী-মৈৰাবাৰী পেচেঞ্জাৰ এক্সপ্ৰেছ ।

অসম চুক্তি আৰু APSC কেলেংকাৰীৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ বিপ্লৱ কুমাৰ শৰ্মাৰ

ৰাজ্য কঁপাই যোৱা এপিএচি কেলেংকাৰীৰ ন্যায়িক তদন্ত কৰি থকা বিপ্লৱ কুমাৰ শৰ্মাই সদৰি কৰে যে, অতি শীঘ্ৰে এই এপিএচি কেলংকাৰী তদন্তৰ অন্ত পৰিব ৷ তেওঁ লগতে ইংগিত প্ৰদান কৰে যে, এই কেংলকাৰীত বৰ্তমানলৈকে অভিযুক্ত হৈ থকা 45 গৰাকী ৰাজপত্ৰিত বিষয়াৰ বাহিৰে আন কেইবাজনো ৰাজপত্ৰিত বিষয়া তদন্তৰ আওতালৈ আহিব পাৰে ৷

আৰক্ষীৰ পোচাকত চেকা; আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাৰ বাসগৃহত তালাচী

আৰক্ষীৰ পোচাকত লাগিছে দাগ ৷ দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগত আটক হৈছে কোকৰাঝাৰৰ আবকাৰী অধীক্ষক হিমানজ্যোতি বৰা ৷ শুকুৰবাৰে ২৫ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাতে হাতে লোটে ধৰা পৰে হিমানজ্যোতি ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

কাৰাগাৰৰ পৰা পলাতক সন্তোষ সিঙক পুনৰ গ্ৰেপ্তাৰ ডিফু আৰক্ষীৰ

পলাতক সন্তোষ সিঙক শুকুৰবাৰে পুনৰ ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত নাথৰ নেতৃত্বত যোৱা এটা দলে গ্ৰেপ্তাৰ সন্তোষ সিঙক ৷

কৰিমগঞ্জত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতী

কৰিমগঞ্জৰ লক্ষী বজাৰত উদ্ধাৰ হৈছে অগ্নিদগ্ধ অৱস্থাত এগৰাকী যুৱতী ৷ জানিবপৰা মতে, যুৱতী গৰাকীৰ দেহৰ 60 শতাংশ অগ্নিদগ্ধ হয় ৷ ৰহস্যজনকভাৱে অগ্নিদগ্ধ অৱস্থাত যুৱতীগৰাকী উদ্ধাৰ হোৱাক লৈ এতিয়া সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

ত্ৰিপুৰাৰ বিক্ষিপ্ত ঘটনাৰ বাবে মানিক সৰকাৰক দোষাৰোপ মুখ্যমন্ত্ৰীৰ

ত্ৰিপুৰাত সংঘটিত বিক্ষিপ্ত ঘটনাৰ বাবে দায়ী মানিক সৰকাৰ নেতৃত্বৰ চিপিএম দল । অস্তিত্ব হেৰুওৱাৰ ভয়ত হিংসাত্মক কাৰ্যকলাপৰ আশ্ৰয় লৈছে চিপিএম দলে । এই গুৰুতৰ অভিযোগ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.