পত্নী-পুত্রৰ সৈতে নিশা কটাই পুৱাই মাতৃৰ কাষলৈ ঢাপলি মেলিলে অখিল গগৈয়ে
ডেৰ বছৰৰ দীঘলীয়া সময়ৰ অন্তত পৰিয়ালৰ সৈতে মিলন অখিল গগৈ(AKHIL GOGOI)ৰ । শুকুৰবাৰে গুৱাহাটীৰ নিজৰাপাৰস্থিত ঘৰত উপস্থিত হৈ নিশা কটালে পত্নী আৰু পুত্ৰৰ লগত । শনিবাৰে পুৱাই যোৰহাটত থকা মাতৃ প্ৰিয়দা গগৈৰ ওচৰলৈ ঢাপলি মেলিলে অখিল গগৈয়ে ।
ৰে’ল বিভাগত পুনৰ বহিঃৰাজ্যৰ যুৱকক নিযুক্তি
উত্তৰ পূৱ-সীমান্ত ৰে’লৱেৰ ৰঙিয়া মাণ্ডলিক ৰে’ল প্ৰবন্ধকৰ অধীনত ২৪ জনকৈ বহিঃৰাজ্যৰ যুৱকক নিযুক্তি দিয়াক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
শোণিতপুৰ জিলাত সম্পূৰ্ণ লকডাউনৰ নাই কোনো সম্ভাৱনা
ক'ভিড সংক্ৰমণৰ হাৰ বৃদ্ধি পালেও শোণিতপুৰত জিলাত বৰ্তমানলৈকে লকডাউন ঘোষণা কৰাৰ কোনো সম্ভাৱনা নাই ৷ শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেছ চন্দ্ৰ দাসে সদৰী কৰিছে এই কথা ৷
শিলচৰত ক’ভিড প্ৰতিষেধক প্ৰদানক কেন্দ্ৰ কৰি উত্তেজনা
শিলচৰত পুৱাৰে পৰা দীঘলীয়া শাৰী পাতি থকা ৰাইজ ভেকচিন প্ৰদান নকৰাৰ বাবে উত্তেজিত হৈ পৰে ৷ উত্তেজিত ৰাইজে শিলচৰ মেডিকেল কলেজলৈ যোৱা পথছোৱা অৱৰোধ কৰে ৷ যাৰ ফলত এম্বুলেঞ্চ সহ শতাধিক যান-বাহন আৱদ্ধ হৈ পৰে ৰাজপথত ৷
শিক্ষা বিষয়ক বিভিন্ন সমস্যা লৈ শিক্ষামন্ত্ৰীলৈ স্মাৰকপত্ৰ বিধায়ক চক্ৰধৰ গগৈৰ
অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ কাৰ্যালয়ত সাক্ষাৎ কৰি মৰাণ সমষ্টিৰ শিক্ষা আৰু শৈক্ষিক অনুষ্ঠানৰ সমস্যা সম্পৰ্কে আলোচনা কৰি বিভিন্ন বিষয় সম্বলিত এখনি স্মাৰকপত্ৰ প্ৰদান কৰে মৰাণৰ বিধায়ক গৰাকীয়ে ।
মুখ্যমন্ত্রীৰ উপস্থিতিত বঙাইগাঁও শোধনাগাৰ আৰু প্ৰশাসনৰ মাজত চুক্তি স্বাক্ষৰ
বৰ্তমানৰ ক'ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ সমস্যা হৈছে অক্সিজেন (Oxigen)ৰ নাটনি । সেয়ে ক'ভিড (Covid 19) ৰোগীৰ চিকিৎসাত সহায়ক হোৱাকৈ ৰাজ্যৰ বিভিন্ন স্থানত স্থাপন কৰা হৈছে অক্সিজেন উৎপাদন প্ৰকল্প (Oxygen production plant) ।
ক'ভিড নিৰ্দেশনা অধিক কঠোৰভাৱে বলবৎ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
ৰাজ্যৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত ভিডিঅ' কনফাৰেঞ্চযোগে মুখ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক ৷ ক'ভিড প্ৰতিষেধক গ্ৰহণ নকৰা পৰ্যন্ত অংগনবাদী কৰ্মীৰ মাহিলী পাৰিশ্ৰমিক মুকলি নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷
উচ্চতৰ মাধ্যমিকৰ উচ্চস্তৰীয় কমিটিয়ে দাখিল কৰিলে প্ৰতিবেদন
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ আৰ্হি প্ৰস্তুতৰ বাবে চৰকাৰে গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটিয়ে আজি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়ত অন্তিম লানি বৈঠকত মিলিত হয় । দীঘলীয়া আলোচনাৰ অন্তত প্ৰস্তুত কৰা প্ৰতিবেদন আজি কমিটিয়ে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুক অৰ্পন কৰে ।
বিজন ধৰৰ বিৰুদ্ধে চলা তদন্ত ৪ সপ্তাহৰ বাবে স্থগিত
শুকুৰবাৰে বাওঁ মৰ্চাৰ আহ্বায়ক বিজন ধৰ(BIJAN DHAR)ৰ বিৰুদ্ধে চলা তদন্ত ৪ সপ্তাহৰ বাবে স্থগিত কৰিলে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে । চি পি আই এম(CPIM)ৰ প্ৰাক্তন মন্ত্ৰী ভানু লাল সাহাৰ বিৰুদ্ধে এখন এজাহাৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে আদালতে ।
টুইটাৰে বন্ধ কৰিলে মন্ত্ৰী ৰবি শংকৰ প্ৰসাদৰ একাউণ্ট
কেন্দ্ৰীয় আইন আৰু ন্যায়, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি আৰু যোগাযোগ মন্ত্ৰী ৰবি শংকৰ প্ৰসাদৰ একাউণ্ট বন্ধ কৰি ৰাখিলে টুইটাৰে । প্ৰায় এঘণ্টাৰ বাবে টুইটাৰে বন্ধ কৰি ৰাখিলে মন্ত্ৰীগৰাকীৰ টুইটাৰ একাউণ্ট ।