ETV Bharat / state

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP TEN NEWS 3 PM

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP TEN NEWS 3 PM
তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Jun 19, 2020, 3:18 PM IST

১৩ দিনৰ অন্তৰালত ৭ টকাকৈ বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য

পেট্ৰ'লৰ মূল্য শুকুৰবাৰে প্ৰতিলিটাৰত ৫৬ পইছা আৰু ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৩ পইছা বৃদ্ধি পায় । ইয়াৰ সমান্তৰালকৈ দুসপ্তাহতকৈও কম সময়ৰ ভিতৰতে বৃদ্ধিৰ পৰিমাণ ক্ৰমে পেট্ৰ'লত ৭.১১ টকা আৰু ডিজেলত ৭.৬৭ টকা হয় ।

ড্ৰেগনলেণ্ডৰ সামগ্ৰীৰ ই-কৰ্মাচ নিষিদ্ধ কৰাৰ বাবে কেন্দ্ৰক আহ্বান

চীনে ভাৰতৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক প্ৰায় 17 মিলিয়ন আমেৰিকান ডলাৰৰ সামগ্ৰী বিক্ৰী কৰে ৷ ইয়াৰে অধিকাংশ খেলা সামগ্ৰী, ঘৰুৱা সামগ্ৰী, মোবাইল, বৈদ্যুতিক আৰু বৈদ্যুতিন সামগ্ৰীৰ লগতে অন্যান্য সামগ্ৰী ৷

ভূমিস্খলনৰ ফলত বন্ধ কামাখ্যাৰ মূল প্ৰৱেশ পথ

বৃহস্পতিবাৰে নিশা হোৱা এজাক ধাৰাষাৰ বৰষুণৰ ফলত মহানগৰীৰ ঠায়ে ঠায়ে সংঘটিত হয় ভূমিস্খলনৰ ঘটনা ৷ মালিগাঁৱৰ দুটাকৈ স্থানৰ লগতে কামাখ্যা মন্দিৰৰ চৌহদতো হয় ভূমিস্খলন ৷ পাহাৰৰ মাটি খহি পৰাত বন্ধ হৈ পৰে কামাখ্যালৈ যোৱা মূল প্ৰৱেশ পথ ৷

হোজাইৰ কোৱাৰান্টাইন কেন্দ্ৰৰ লোকৰ বৃক্ষৰোপন

জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে কোৱেৰান্টাইন কেন্দ্ৰটোত থকা সকলোৱে মিলি শুকুৰবাৰে কেন্দ্ৰটোৰ চৌদিশ চাফ-চিকুণ কৰাৰ লগতে বৃক্ষ ৰোপণ কৰে ৷

চীনৰ সৈতে ব্যৱসায়ীক সম্পৰ্ক ছেদ কৰাৰ ইংগিত ড'নাল্ড ট্ৰাম্পৰ

বৃহস্পতিবাৰে এটা টুইটৰ জৰিয়তে ট্ৰাম্পে আমেৰিকাৰ ব্যৱসায়ীক প্ৰতিনিধি ৰৱাৰ্ট লাইথিঝাৰে এদিন পূৰ্বে কৰা মন্তব্য অস্বীকাৰ কৰে । ৰৱাৰ্ট লাইথিঝাৰে "বিশ্বৰ বৃহত্তৰ অৰ্থনৈতিক ব্যৱস্থাৰ সৈতে সম্বন্ধ এৰা সম্ভৱ নহয়" বুলি উল্লেখ কৰিছিল ।

বানৰ সৈতে মোকাবিলা কৰিবলৈ কিদৰে সাজু হৈছে চৰকাৰ-প্ৰশাসন !

চলিত বছৰৰ মে' মাহত অহা বছৰৰ প্ৰথমটো বানে ব্যাপক ক্ষতি কৰিছে ৰাজ্যৰ কৃষি ক্ষেত্ৰত । প্ৰথমটো বানত ১৮ খনকৈ জিলাৰ ৭৯৫৭০.৫৮ হেক্টৰ কৃষিভূমি ডুব গৈছিল বাঢ়নী পানীত ।

ব্যক্তিগত কাৰ্যসূচীৰে জাঁজীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

জাঁজীৰ গড়মূৰ ব্ৰাক্ষ্মণগাঁৱৰ শ্ৰীশ্ৰীশিৱ ও অন্নপূৰ্ণা মন্দিৰত শুকুৰবাৰে উপস্থিত হৈ আশীৰ্বাদ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ উক্ত মন্দিৰতে মাজুলীৰ গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীহৰিদেৱ গোস্বামীৰ সৈতে এক বাৰ্তালাপত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

মাস্ক পৰিধান সম্পৰ্কে সচেতন নহয় ৰঙিয়াবাসী

কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি মুঠেও সচেতন কামৰূপৰ ৰঙিয়াৰ একাংশ লোক ৷ চৰকাৰে Covid 19 ৰ পৰা সুৰক্ষা পাবলৈ বাধ্যবাধকতা জাৰি কৰিছিল মাস্ক পৰিধানৰ ক্ষেত্ৰত ৷ কিন্তু চৰকাৰৰ নিৰ্দেশনা নামানি উন্মুক্ত হৈ ঘূৰি ফুৰে ৰঙিয়াৰ অধিকাংশ লোক ৷

বিহাৰৰ চক ফাটেহ গাঁৱত অন্তিম সৎকাৰ সেনা জয় কিশোৰৰ

বিহাৰৰ পাটনাৰ বৈশালীৰ চক ফাটেহ গাঁৱত গালৱান ভেলীত হোৱা ভাৰত-চীনৰ সংঘৰ্ষত প্ৰাণ আহুতি দিয়া ২০ গৰাকী ভাৰতীয় সেনাৰ মাজৰ এগৰাকী জোৱান জয় কিশোৰৰ অন্তিম সৎকাৰৰ বাবে শুকুৰবাৰে সহস্ৰাধিক লোক উপস্থিত হয় ।

9 বছৰ পাচত পুনৰ "2011 বিশ্বকাপৰ ফাইনেল" মেচ ফিক্সড থকাৰ বিস্ফোৰক অভিযোগ

শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰীড়ামন্ত্ৰীৰ মহিন্দানন্দ আলুথগামগেৰ বিস্ফোৰক মন্তব্যই এতিয়া জোকাৰণি সৃষ্টি কৰিছে ক্ৰিকেট মহলত । 2011 চনৰ এদিনীয়া বিশ্বকাপত ভাৰতৰ হাতত শ্ৰীলংকাৰ পৰাজয় সহজ ভাৱে ল'ব পৰা নাই সেই সময়ৰ ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.