ETV Bharat / state

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP TEN NEWS 3 PM

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP TEN NEWS 3 PM
তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Jun 18, 2020, 3:12 PM IST

কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা পলায়নৰ চেষ্টা চলোৱা এজন কৰ'ণা আক্ৰান্তৰ মৃত্যু

কৰ'ণাত আক্ৰান্ত লোকজনক হাস্পতাললৈ নিবৰ সময়তে পলায়নৰ চেষ্টা চলায় । কোৱাৰেন্টাইন কেন্দ্ৰৰ বিদ্যালয় গৃহৰ চিলিঙেৰে পলায়নৰ চেষ্টা চলাওতেই মজিয়াত পৰি গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় লোকজন ।

10 বছৰীয়া পৰশমণিৰ কান্ধত পৰিয়ালৰ গধুৰ দায়িত্ব

আপুনি মই কল্পনা কৰিব নোৱাৰাকৈ জীৱন সংগ্ৰামৰ ৰূঢ় বাস্তৱৰ এখন ছবি এয়া ৷ কঠোৰ জীৱন সংগ্ৰামেৰে মাজেৰে সোণোৱালী শৈশৱ পাৰ কৰিছে এটি শিশুৱে ৷

গোলাঘাট নাৰ্চিং হ'মত পুনৰ 5 জনৰ দেহত কোভিড-19 পজিটিভ

গোলাঘাটত কোভিড-19ক কেন্দ্ৰ কৰি আতংকিত পৰিৱেশ ৷ দুজন কোভিড-19 ত আক্ৰান্তৰ সংস্পৰ্শলৈ অহা 5 গৰাকী লোকৰ দেহত বুধবাৰে কোভিড-19 ৰ অৱস্থিতি ধৰা পৰাৰ পাছতেই হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে গোলাঘাট নাৰ্চিং হ'মত ৷

পুলৱামাত সন্ত্রাসবাদী আৰু ভাৰতীয় সেনাৰ মাজত সংঘৰ্ষ

বিগত কেইমাহ মানৰ পৰাই জম্মু কাশ্মীৰৰ পুলৱামা জিলাত ভাৰতীয় সেনাই সন্ত্রাসবাদীৰ বিৰুদ্ধ অভিযান অব্যাহত ৰাখিছে । বৃহস্পতিবাৰে পুুৱা পুনৰ সন্ত্রাসবাদী আৰু সেনাৰ মাজত সংঘৰ্ষ হয় ।

ডা৹ টি. আও গ্ৰাম্য ক্ৰীড়াংগণ নিৰ্মাণৰ শুভাৰম্ভণী বিধায়ক কেশৱ মহন্তৰ

আনুষ্ঠানিকভাৱে শুভাৰম্ভণী কৰা হয় কলিয়াবৰ মহকুমাৰ ডা৹ টি. আও গ্ৰাম‍্য ক্ৰীড়াংগণৰ নৱ-নিৰ্মাণৰ কাম ৷ বিধায়কৰ "স্বাক্ষৰ আঁচনি"ৰ 10 কোটি টকাৰ ব‍্যয় সাপেক্ষ ডা৹ টি. আও গ্ৰাম‍্য ক্ৰীড়াংগণৰ নৱ-নিৰ্মাণৰ শুভাৰম্ভণী কৰে মন্ত্ৰী কেশৱ মহন্তই ।

মহানগৰীত এবিভিপিৰ উদ্যোগত গালৱান ভেলীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলী

চীন আৰু ভাৰতৰ মাজৰ সীমা বিবাদৰ পৰিনতিত শ্বহীদ হোৱা 20 গৰাকী ভাৰতীয় সৈনিকক শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ৷

কাজিৰঙাত চোৰাং চিকাৰী প্ৰতিৰোধৰ সফলতা সম্পৰ্কীয় সংবাদমেল

বুধবাৰে বিয়লি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঠাল চাং বন শিৱিৰত অনুষ্ঠিত হয় এখন সংবাদমেল ৷ সংবাদমেলত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু জিলা প্ৰশাসনৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া ৷

উৰুখা পঁজাত জীৱন সংগ্ৰাম শংকৰী সংস্কৃতিৰ সাধকৰ

উৰুখা পঁজাত জীৱন সংগ্ৰাম কৰা টীয়কৰ এগৰাকী শংকৰী সংস্কৃতিৰ সাধকে দুশ বছৰীয়া সাঁচিপাতৰ পুথি দান কৰিলে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সংগ্ৰহালয়লৈ ৷

ধৰনীধৰ গোস্বামীক মৰণোত্তৰভাৱে প্ৰাপ্য সন্মান প্ৰদান কৰিব অসম চৰকাৰে

জীৱিত কালতে হওঁক অথবা মৃত্যুৰ পাছত বিগত বছৰে প্ৰাপ্য সন্মান প্ৰদান কৰা নহ'ল ধৰনীধৰ গোস্বামীক ৷ সেয়ে বুধবাৰে বিজেপি সাংসদ দিলীপ শইকীয়াই প্ৰয়াত ধৰণীধৰ গোস্বামীৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ প্ৰতিকৃতিত মাল্যৰ্পন কৰি সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে যে মুখ্যমন্ত্ৰীৰ জৰিয়তে অসম চৰকাৰে সন্মানিত কৰিব উপেক্ষিত মহীৰূহগৰাকীক l

অইল ইণ্ডিয়া লিমিটেডক সকীয়নি লুৰিণজ্যোতি গগৈৰ

গোলাঘাট নুমলীগড়ত অইল ইণ্ডিয়া লিমিটেডে নুমলী কুঁৱৰী গড় আৰু হস্তী দণ্ডী ধ্বংস কৰা কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ। বুধবাৰে ক্ষেত্ৰ পৰিদৰ্শন কৰি অইলৰ এই কাৰ্যক বন্ধ কৰাৰ হুংকাৰ দিয়ে লুৰিণজ্যোতি গগৈয়ে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.