হিমন্ত বিশ্ব শৰ্মা বিসম্বাদত পি এইচ ডি কৰা নেতা : গৌৰৱ গগৈ
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বকোত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন ৷ বকোৰ সোঁণতলীত মহাজোঁটৰ সমৰ্থিত প্ৰাৰ্থী নন্দিতা দাসৰ নিৰ্বাচনী প্ৰচাৰ সভা ৷
হাগ্ৰামাক চিৰদিনৰ বাবে হুজুৰে বন্দী কৰিছে: হিমন্ত বিশ্ব শৰ্মা
দেওবাৰে বিজনী বিধান সভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায়ৰ হৈ বিশাল ৰোড শ্ব' কৰি নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কংগ্ৰেছ এতিয়া এ আই ইউ ডি এফৰ বি টীম । হিমন্তক ২৪ ঘন্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে বাধা দিছে কিন্তু হাগ্ৰামাক চিৰদিনৰ বাবে হুজুৰে বন্দী কৰিছে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ।
কংগ্ৰেছ প্ৰাৰ্থী অসীমা বৰদলৈৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ
নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত কংগ্ৰেছ প্ৰাৰ্থী অসীমা বৰদলৈৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ ৷ নিৰ্বাচনকলৈ যথেষ্ট আশাবাদী অসীমা ৷ 21 ত নিৰ্বাচিত হৈ জনতাৰ সেৱা আগবঢ়াই যোৱাৰ সংকল্প কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ ৷
অৱশেষত দলগাঁৱত ট্ৰেংকুইলাইজ কৰা হ’ল দ্বিতীয়টো গঁড়
অৱশেষত দেওবাৰে বিশেষজ্ঞ দলে দলগাঁৱৰ বৰুৱাঝাৰ গাঁৱত ট্ৰেংকুইলাইজ কৰিবলৈ সক্ষম হ'ল দ্বিতীয়টো গঁড় ৷ দুটা গঁড়ে আতংকৰ সৃষ্টি কৰিছিল দলগাঁৱৰ কেইবাখনো গাঁৱত । গঁড় দুটাৰ এটা শনিবাৰে ট্ৰেংকুইলাইজ কৰা হৈছিল ৷
ছত্তিশগড়ৰ সংঘৰ্ষত ২১ গৰাকী জোৱান সন্ধানহীন:মুখ্যমন্ত্ৰী বাঘেল
ছত্তিশগড়ৰ বিজাপুৰ জিলাৰ জংঘলত মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত পাঁচজন নিৰাপত্তা বাহিনীৰ জোৱান নিহত হয় । ঘটনাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ বাঘেলে । তেওঁ জনোৱা মতে ৰায়পুৰলৈ স্থানান্তৰিত হোৱা ৭ গৰাকী আহত জোৱান বিপদমুক্ত আনহাতে ২১ জন এতিয়াও সন্ধানহীন আৰু উদ্ধাৰকাৰী দলে তেওঁলোকক বিচাৰি অভিযান অব্যাহত ৰাখিছে ।
ধৰ্ম পৰিহাৰ কৰি বিবাহপাশত আৱদ্ধ দুই সম্প্ৰদায়ৰ প্ৰাৰ্থী
সকলো বাধা আওকাণ কৰি একেখন মণ্ডপতে হিন্দু-মুছলিম ধৰ্মীয় ৰীতিৰে সন্তানৰ বিয়া পাতিলে কোলহাপুৰৰ মোজাৱৰ আৰু যাদৱ পৰিয়ালে ৷ সকলো ধৰ্মীয় বাধা প্ৰতিহত কৰি জাতি ধৰ্মৰ বৈচিত্ৰতা উদযাপন কৰি সমাজৰ বাবে এক উদাহৰণ দাঙি ধৰিছে পৰিয়াল দুটাই ৷
পুনৰ বিতৰ্কত বিজেপি নেত্ৰী সোণালী ফ'গাত
কৃষকসকলক লৈ মন্তব্য কৰি পুনৰ বিতৰ্কত সোমাই পৰিছে বিজেপি নেত্ৰী সোণালী ফ'গাত ৷ হিছাৰত উপ মুখ্যমন্ত্ৰী দুষ্যন্ত চৌতালাৰ ভ্ৰমণত কৃষকসকলে বিশেষ একো প্ৰভাৱ পেলাব নোৱাৰিলে বুলি মন্তব্য কৰাৰ পাছতে বিতৰ্কত সোমাই পৰিছে বিজেপি নেত্ৰী গৰাকী ৷
ভাৰত-ম্যানমাৰ সীমান্তত বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ
ভাৰত-ম্যানমাৰ মিজোৰাম সীমান্তত অসম ৰাইফলছৰ চেৰছিপ বেটেলিয়নৰ অভিযান ৷ ৭০ মিমিৰ ২ কাৰ্টন ১২ গুজ গান কাৰ্ট্ৰিজৰ লগতে এখন বাইক উদ্ধাৰ ৷
নিৰ্যাতনৰ সন্মুখীন কেৰালাৰ প্ৰথমগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থী...
মালপুৰম জিলাৰ ভেংগাৰা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা অনন্যা কুমাৰী এলেক্সে তেওঁৰ দল ডিএছজেপিৰ একাংশ নেতাৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ তোলে । প্ৰথমগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থী এলেক্সে নেতাসকলৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে ।
কৰ'ণাত আক্ৰান্ত বলীউড ছুপাৰষ্টাৰ অক্ষয় কুমাৰ
কৰ'ণাত আক্ৰান্ত বলীউড ছুপাৰষ্টাৰ অক্ষয় কুমাৰ । হোম কোৱাৰেন্টাইনত থাকিয়ে ক'ভিড সম্পৰ্কীয় সকলো নীতি নিয়ম অনুসৰণ কৰি থকাৰ কথা প্ৰকাশ কৰে ৫৩ বছৰীয়া অক্ষয়ে ।