ক্ষমতাৰ ৰাগীত বলিয়ান গুপকাৰ দলে ৰাইজক ব্যতিব্যস্ত কৰিছে : স্মৃতি ইৰানী
জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ পূৰ্বে গুপকাৰ দলক সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীৰ । ক্ষমতাৰ ৰাগীত বলিয়ান গুপকাৰ দলে ৰাইজক ব্যতিব্যস্ত কৰিছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । অনুচ্ছেদ ৩৭০ পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক পৰ্যায়ৰ ৰাজনৈতিক দলৰ দ্বাৰা গঠিত এই গুপকাৰ ঘোষণা মিত্ৰজোঁটে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ ৰাইজক বিপথে পৰিচালিত কৰিছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি ‘ৰিয়াজ’
বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰতিযোগিতা তথা প্ৰদৰ্শনীৰ বাবে নিৰ্বাচিত অসমীয়া ছবি ‘ৰিয়াজ’ৰ ৷ এমবি প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হৈছে ছবিখন ৷ যোৰহাটৰ যুৱ ছবি নিৰ্মাতা মৃগাংক বৰাৰ প্ৰযোজনাত নিৰ্মাণ হোৱা ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে স্বাগতা ভৰালী আৰু সৌমাৰ জ্যোতি বৰাই ৷
প্ৰতিবাদ অব্যাহত থাকিব কৰ্ণাটকৰ পথ পৰিবহণ কৰ্মচাৰীৰ
চাৰিদিনীয়া প্ৰতিবাদী কাৰ্যসূচী উঠাই লোৱাৰ কেইঘণ্টামানৰ পিছতে পুনৰ সিদ্ধান্ত সলনি কৰিছে কৰ্ণাটকৰ পথ পৰিবহণৰ কৰ্মচাৰীয়ে । দেওবাৰে নিশা কৰ্মচাৰীসকলে তেওঁলোকৰ দাবী চৰকাৰে মানি নোলোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
শিক্ষকে মধ্যাহ্ন ভোজন আত্মসাৎ কৰাৰ অভিযোগত প্ৰতিবাদত বহিল শিক্ষাৰ্থী
প্ৰধান শিক্ষকৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি কাছাৰত বিদ্যালয় প্ৰাংগনতে অভিভাৱকৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ ঘটনা সংঘটিত হৈছে ৷ প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দি কাছাৰ জিলাৰ ধলাই খুলিচাৰ এম.ই মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকে প্ৰতিবাদ সাব্যস্ত কৰে ৷
কৃষক আন্দোলনত যোগদানৰ বাবে যোৱা জামিয়া ছাত্ৰক ওভতাই পঠালে প্ৰতিবাদীয়ে
বিতৰ্কিত তিনিখন কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ অব্যাহত আছে । এনে অৱস্থাত প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ যোৱা ছাত্ৰ সমাজৰ এটা দলক প্ৰতিবাদস্থলীৰ পৰাই ওভতাই পঠিয়াই প্ৰতিবাদী কৃষকে । উত্তৰ প্ৰদেশৰ গাজিয়াবাদ আৰু দিল্লীৰ গাজীপুৰ সীমাত সংঘটিত হৈছে এই ঘটনা ।
অগপত যোগদান CAA বিৰোধী আন্দোলনত এক সবল ভূমিকা গ্ৰহণ কৰা শিল্পী মনোজ বড়াৰ ৷ আমগুৰিৰ খনামুখত অনুস্থিত হোৱা অগপৰ এক মত বিনিময় অনুষ্ঠানত বড়াই অগপত যোগদান কৰে ৷ ৰাজ্যৰ নৱগঠিত আঞ্চলিক দলক বড়াৰ কটাক্ষ ৷ CAA ৰ বিৰুদ্ধে পূৰ্বৰ স্থিতিতে অটল থাকিব বুলি মন্তব্য বড়াৰ ৷
15 ডিচেম্বৰত বিটিচিত গঠন হ'ব জোঁটবন্ধনৰ পৰিষদ
বিটিচিৰ নতুন পৰিষদক লৈ ৰাজ্যপাল জগদীশ মুখীৰ টুইট ৷ টুইটৰ জৰিয়তে মুখীয়ে জনালে বিটিচিত ইউপিপিএল, গণ সুৰক্ষা পাৰ্টী আৰু বিজেপিৰ জোঁটবন্ধনে নতুন পৰিষদ গঠন কৰাৰ কথা ৷ 15 ডিচেম্বৰত বিটিচিত ইউপিপিএল, গণ সুৰক্ষা পাৰ্টী আৰু বিজেপিৰ জোঁটবন্ধনে নতুন পৰিষদ গঠন কৰিব ৷
ব্যতিক্ৰমী সংযোজনেৰে মানাহত আৰম্ভ হ'ল হস্তী প্ৰদৰ্শনী
মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে এক নতুন তথা ব্যতিক্ৰমী সংযোজন ঘটাই আৰম্ভ কৰা হ'ল হস্তী প্ৰদৰ্শনী ৷ অসমত পোন প্ৰথমবাৰৰ বাবে মানাহত আৰম্ভ কৰা হৈছে এই ব্যতিক্ৰমী অনুষ্ঠান ৷ হস্তী প্ৰদৰ্শনী বা Elephant Show ৰ জৰিয়তে পৰ্যটকে উপভোগ কৰিব পাৰিব গা ধুওৱা, খাদ্য খুওৱা, নখ কাটি দিয়া আদিৰ দৰে পোহনীয়া হাতীক কৰা পৰিচৰ্যা ৷
দে পদে মৃত্যুৰ ক্ষণ গণিছে এজনী মাইকী হাতীয়ে
কৰিমগঞ্জত এজনী মাইকী বনৰীয়া হাতীৰ দুৰাৱস্থা ৷ দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ আছে মাইকী হাতীজনী ৷ সম্প্ৰতি চাম্পাবাৰী এলেকাৰ চাকমা বস্তিত এডোখৰ বোকাময় ঠাইত পৰি উঠিব নোৱাৰা হৈছে অসুস্থ হাতীজনীয়ে ৷
তেলেংগানাত দুৰ্ঘটনাত পতিত হিমাচলৰ ৰাজ্যপালৰ বাহন
তেলেংগানাত দুৰ্ঘটনাত পতিত হ'ল হিমাচল প্ৰদেশৰ ৰাজ্যপাল বানদাৰু দত্তত্ৰেয়াৰ বাহন ৷ তেলেংগানাৰ খাইটাপুৰম গাঁৱত সংঘটিত হয় এই ঘটনা ৷ সৌভাগ্যক্ৰমে ঘটনাৰ ফলত কোনো লোক আহত হোৱা নাই বুলি জানিব পৰা গৈছে ৷