বটদ্ৰৱাৰ কংগ্ৰেছ প্ৰাৰ্থী শিবামণি বৰাৰ বিৰুদ্ধে এজহাৰ দাখিল
নাগৰিকত্ব সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শিবামণি বৰাৰ বিৰুদ্ধে আৰক্ষী থানাত এজহাৰ দাখিল ।
ডিফুত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে আন্তৰ্জাতিক মল্লযুঁজ প্ৰতিযোগিতা
ডিফুত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হয় আন্তৰ্জাতিক মল্লযুঁজ ৷ এই মল্লযুজঁত হাৰিয়াণাৰ প্ৰদীপ সিঙক পৰাজিত কৰি বিজয়ীৰ খিতাপ লাভ কৰে পঞ্জাৱৰ বগ্গা সিঙে ৷
গুৱাহাটী প্ৰেছ ক্লাবত মুকলি ব্ৰেষ্ট ফিডিং কক্ষ
শনিবাৰে হেল্থ চিটি হাস্পতালৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত ব্ৰেষ্ট ফিডিং কক্ষ উদ্বোধন আৰু বিনামূলীয়া হৃদৰোগ পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয় ৷ বিশেষকৈ বিভিন্ন সময়ত গুৱাহাটী প্ৰেছ ক্লাবলৈ অহা মহিলা সাংবাদিকসকলৰ লগতে বিভিন্ন অনুষ্ঠানৰ বাবে অহা মহিলাসকলে ভূগি অহা কিছু অসুবিধাৰ সমস্যা সামাধানৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবত নিৰ্মাণ কৰা হৈছে ব্ৰেষ্ট ফিডিং কক্ষ ৷
ৰাইজৰ টকাৰে নিৰ্দলীয় প্ৰাৰ্থী হিলাল উদ্দিন লস্কৰ জনসভা
শনিবাৰে হাইলাকান্দিত নিৰ্দলীয় প্ৰাৰ্থী হিলাল উদ্দিন লস্কৰৰ নিৰ্বাচন কেন্দ্ৰীক জনসভা অনুষ্ঠিত হয় ৷ এই বিশেষ সভাখন এতিয়া হৈ পৰিছে চৰ্চাৰ বিষয় ৷ কিয়নো প্ৰাৰ্থী হিলাল উদ্দিন লস্কৰে নিজ টকা খৰচ কৰি নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ বিপৰীতে ৰাইজৰ দান-বৰঙনিৰে আয়োজন কৰা হৈছে এই সভা ৷
চামগুৰিত অনিল শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ
শনিবাৰে অনিল শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ও মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া উপস্থিত হৈ চামগুৰিৰ ভেলেউগুৰি স্থিত নাট্য মন্দিৰত প্ৰচাৰ চলাই ।
প্ৰমিলাৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে হাগ্ৰামা মহিলাৰীয়ে
শনিবাৰে ৩০ নং কোকৰাঝাৰ পূৱ(জনজাতি) বিধানসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ ধাউলিগুৰি খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷
ৰবিজিতা গগৈ-কৃপাল কলিতালৈ বিদ্যুৎ চক্ৰৱৰ্তী-শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা
অইল ইণ্ডিয়া লিমিটেড আৰু বিদ্যুৎ চক্ৰৱৰ্তী ক্ৰিয়েটিভ ট্ৰাষ্টৰ সহযোগত সূৰ্য ক্লাৱে বিশিষ্ট চলচিত্ৰ পৰিচালক কৃপাল কলিতাক 'বিদ্যুৎ চক্ৰৱৰ্তী উৎকৰ্ষ বঁটা' আৰু বিশিষ্ট নাট পৰিচালক ৰবিজিতা গগৈক 'শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা' ২০২১ প্ৰদান কৰে ।
২২মাৰ্চত অসমৰ চাহ বাগিচা বন্ধৰ ঘোষণা বাতিল আটছাৰ
২২ মাৰ্চত অসমৰ সমূহ চাহ বাগান বন্ধ দিয়াৰ ঘোষণা বাতিল আটছাৰ । চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি নকৰাক লৈ এই বন্ধৰ ঘোষণা কৰিছিল সংগঠনটোৱে ।
শূন্য আদালত: উচ্চ বিচাৰ বিভাগত ৪০ শতাংশ পদ খালী থকাৰ বাবে ন্যায় প্ৰদান প্ৰক্ৰিয়া বিলম্বিত হৈছে
ক’ভিড-১৯ অৰ কালচোৱাত আক্ষৰিক অৰ্থতে এক অচলাৱস্থাৰ গৰাহত পৰিব লগা হোৱা ভাৰতীয় ন্যায় প্ৰদান ব্যৱস্থাই ন্যায়াধীশ সকলৰ ব্যাপক অভাৱৰ সৈতে যুঁজিব লগা হৈছে ৷ যোৱাটো বৰ্ষলৈকে উচ্চতম ন্যায়ালয়কে ধৰি ২৫ খন উচ্চ ন্যায়ালয়ৰ বাবে অনুমোদিত মুঠ ১,০৮০ জন ন্যায়াধীশৰ ভিতৰত ৪৪১ টা অৰ্থাৎ প্ৰায় ৪০ শতাংশ পদেই পূৰণ নোহোৱাকৈ আছিল ৷
কলিয়াবৰত কংগ্ৰেছৰ ভেটিত ব্যাপক খহনীয়া:দলত পদত্যাগৰ জোৱাৰ
কলিয়াবৰত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰশান্ত কুমাৰ শইকীয়াই টিকট লাভ কৰাৰ পিছতেই একাংশৰ মনত উমি-উমি জ্বলি থকা জুইকুৰাই এতিয়া সমগ্ৰ কলিয়াবৰৰ কংগ্ৰেছক আগুৰি ধৰিছে ৷ তাৰেই যেন বহিঃপ্ৰকাশ ঘটিল শনিবাৰে ৷ ২০১১ চনৰ বিধানসভা নিৰ্বাচনত কলিয়াবৰ সমষ্টিৰ পৰা কেশৱ মহন্তৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা পূৰ্বৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী তথা কলিয়াবৰ যুৱ কংগ্ৰেৰ প্ৰাক্তন সভাপতি তপন বৰাই শনিবাৰে দলে-বলে এক বিশাল ৰেলীৰে মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত অগপ দলত যোগদান কৰে ৷