ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 বাতৰি

3 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS
3 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Oct 3, 2021, 3:09 PM IST

ভেংকায়া নাইডুৱে উদ্বোধন কৰিলে মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰ

ব্ৰিটিছৰ দিনতে নিৰ্মিত গুৱাহাটীৰ ঐতিহাসিক পুৰণি উপায়ুক্তৰ বাংলোত সজীৱ হৈ থাকিব অসমৰ গৌৰৱোজ্বল বহু ইতিহাস । ব্ৰহ্মপুত্ৰৰ কিম্বদন্তি আৰু শৌৰ্যৰ নামত উৎসৰ্গিত ঐতিহ্য কেন্দ্ৰটো ৰাইজৰ বাবে মুকলি কৰে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে ।

গুৱাহাটীৰ বিমান বন্দৰত উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুক উষ্ম আদৰণি

দেওবাৰে পুৱা গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু ৷ ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উষ্ম আদৰণি জনায় উপ-ৰাষ্ট্ৰপতিগৰাকীক । তিনিটা কাৰ্যসূচী লৈ গুৱাহাটীত উপস্থিত উপ-ৰাষ্ট্ৰপতিগৰাকী ।

Jaisi Karni Waisi Bharnii : প্ৰশান্ত ফুকন

বিধায়ক শ্বেৰমান আলিক গ্ৰেপ্তাৰৰ পাচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিব্ৰুগড়ৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনে । "Jaisi Karni Waisi Bharnii" বুলি মন্তব্য কৰি বিধায়কগৰাকীয়ে কয় যে, শ্বেৰমান আলিৰ শেহতীয়া প্ৰতিক্ৰিয়া আৰু বক্তব্যসমূহে তেওঁ কিমান চেৰাই গৈছে তাকেই প্ৰমাণ কৰিছে ।

Police Medal for Outstanding Service বঁটা লাভ কলিয়াবৰৰ দুই আৰক্ষী বিষয়াৰ

অসম আৰক্ষী দিৱস(Assam Police Day) ৷ ৰাজ্যৰ প্ৰায় 3.3 কোটি জনতাৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দি থকা আৰক্ষী বিষয়াসকলৰ বাবে এই দিৱসটো উদযাপন কৰা হয় ৷ জনসাধাৰণৰ সুৰক্ষাৰ হকে ৰাজ্যৰ প্ৰতিটো কোণতে নিয়োজিত এই খাকী পোছাক পৰিহিত বিষয়াসকলৰ অৱদান অতুলনীয় ৷

বন্ধ বাঘবৰ : শ্বেৰমান আলীৰ গ্ৰেপ্তাৰৰ বিৰোধীতাৰে প্ৰতিবাদ

গৰুখুটিৰ ঘটনাৰ পিছত অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাকে ধৰি 855 গৰাকী শ্বহীদক ঘাতক আখ্যা দিয়াৰ অভিযোগত বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক শনিবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰ পাচতেই উত্তপ্ত হৈ পৰে বাঘবৰ সমষ্টি ৷

পুষ্টিহীনতাত ভোগা শিশুক চৰকাৰে যোগান ধৰিব চকলেট

পুষ্টিহীনতাত ভোগা শিশুক পুষ্টি যোগানৰ বাবে বিশেষ চকলেট যোগান ধৰিব চৰকাৰে ৷ গোলাঘাট সমন্বয় ক্ষেত্ৰত ৰাজ্যিক পোষণ মাহৰ আনুষ্ঠানিক সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য মন্ত্ৰী অজন্তা নেওগৰ ৷

আমগুৰিত বৃহৎ পৰিমাণৰ বিলাতী সুৰাসহ এজন আটক

অবৈধ সুৰাৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ আমগুৰিৰ হালোৱাটিং আৰক্ষীয়ে শনিবাৰে অভিযান চলাই প্ৰায় 30 হাজাৰ টকাৰ বিলাতী সুৰা বটল জব্দ কৰে ৷

উপ-নিৰ্বাচনত ইউপিপিএলৰ কোনো বিৰোধী নাই : ইউ জি ব্ৰহ্ম

উপ-নিৰ্বাচনত ইউপিপিএলৰকোনো বিৰোধী নথকাত দলে নতুনকৈ একো প্ৰস্তুতি কৰিবলগীয়া নাই বুলি মন্তব্য চিৰাঙৰ অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্মৰ ৷ শনিবাৰে জিলাখনৰ সদৰ কাজলগাঁওস্থিত জিলা কেন্দ্ৰৰ সভাকক্ষত অসম চৰকাৰৰ প্ৰাৰ্থনা আঁচনিৰ শুভাৰম্ভ কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে ৷

শ্বেৰমান আলীক মুক্তিৰ দাবীত বাঘবৰত ৰাইজৰ প্ৰতিবাদ

শনিবাৰে প্ৰতিবাদত উত্তাল হ’ল বৰপেটা জিলাৰ বাঘবৰ ৷ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰ কৰাক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বাঘবৰ সমষ্টিৰ ৰাইজে ।

বুৰ্জ খলিফাত উজলিল মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জন্ম জয়ন্তী উপলক্ষ্যে বিশ্ব ভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ইয়াৰ মাজতে আৰৱৰ বুৰ্জ খলিফাও আলোকিত হ'ল মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.