বেদখলকাৰীৰ কবলত ৰাজ্যৰ প্ৰায় ৩১ লাখ বিঘা চৰকাৰী ভূমি
ৰাজ্যৰ প্রায় ৩১ লাখ বিঘা চৰকাৰী ভূমি বেদখলকাৰীৰ কবলত আছে । বিশেষকৈ নামনি অসমত বেদখলীকৃত চৰকাৰী ভূমিৰ পৰিমাণ প্ৰতিদিনে ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ৷
বিশেষ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব 22,810 গৰাকী শিক্ষাৰ্থী
পহিলা অক্টোবৰৰ পৰা 11 অক্টোবৰলৈ ৰাজ্যত অনুষ্ঠিত হ’ব বিশেষ মেট্ৰিক অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC) । ৰাজ্যৰ মুঠ 302 টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা । বিকল্প মূল্যায়ন ব্যৱস্থাৰ ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীসকলৰ বাবে অনুষ্ঠিত হ’ব এই বিশেষ পৰীক্ষা । ইফালে হাই মাদ্ৰাছা(Madrasa) পৰীক্ষাত অৱতীৰ্ণ হ’ব 43 গৰাকী পৰীক্ষাৰ্থী ৷
ৰোহিনী আদালত কাণ্ড : ঘটনাৰে জড়িত দুজনক গ্ৰেপ্তাৰ
শুকুৰবাৰে দিল্লীৰ ৰোহিনী আদালতত সংঘটিত গুলীয়াগুলিৰ ঘটনাৰে জড়িত আন দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দিল্লী আৰক্ষীৰ বিশেষ শাখা ৷
দুগৰাকী অসমীয়াৰ দুটা ভাল লগা খবৰ...
অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয় ৷ দুই ভিন্ন ক্ষেত্ৰৰ দুই সুযোগ্য অসমীয়াই কঢ়িয়াই আনিছে দুটাকৈ ভাল খবৰ ৷ এগৰাকীয়ে ক্ৰীড়াক্ষেত্ৰত নিজৰ প্ৰতিভাৰে উজলি উঠিছে, আনগৰাকীয়ে বৌদ্ধিক ক্ষেত্ৰখনত অনবদ্য অৱদান আগবঢ়োৱাৰ লগতে অসমীয়া সাহিত্য জগতৰ ভঁড়ালো চহকী কৰাৰ গৌৰৱ কঢ়িয়াই আনিছে ৷
তালিবানী বিজেপি...গেৰুৱা দলটোক প্ৰত্যক্ষ আক্ৰমণ মমতা বেনাৰ্জীৰ
ভাৰতীয় জনতা পাৰ্টী(Bharatiya Janata Party)ক তালিবান(Taliban)ৰ সৈতে তুলনা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী(West Bengal CM Mamata Banerjee)ৰ ৷ তালিবানী বিজেপিয়ে ভাৰতত শাসন কৰিব নোৱাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷ বিজেপিক পৰাভূত কৰিবলৈ তৃণমূল অকলেই যথেষ্ট বুলিও বেনাৰ্জীয়ে মন্তব্য কৰিছে ৷
শীঘ্ৰে গুৱাহাটী মহানগৰীত মুকলি হ'ব আন এখন উৰণীয়া সেঁতু
দিনে-নিশাই চলি আছে দিছপুৰ ছুপাৰ মাৰ্কেট উৰণীয়া সেঁতুৰ নিৰ্মাণ কাৰ্য । সম্পূৰ্ণ হৈছে ৮৫ শতাংশৰো অধিক নিৰ্মাণকার্য । দীপাৱলীত মুকলিৰ লক্ষ্য ।
গৰুখুঁটিৰ হিংসাত্মক পৰিস্থিতিৰ বাবে এটা বিশেষ সংগঠনক দোষাৰোপ মুখ্যমন্ত্ৰীৰ
দৰং জিলাৰ গৰুখুঁটিত উচ্ছেদৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বাবে এটা বিশেষ সংগঠন দায়ী । সংগঠনটোৱে উচ্ছেদ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দি লোকসকলৰ পৰা ২৮ লাখ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।
মণিপুৰত মাৰণাস্ত্ৰসহ আটক NSCN, কুকি উগ্ৰপন্থী
শেহতীয়াকৈ মণিপুৰত আটক চাৰি কুকি উগ্ৰপন্থীৰ লগতে এজন শীৰ্ষ NSCN-IM কেডাৰ ৷ ধৃত দলটোৰ পৰা মাৰণাস্ত্ৰৰ লগতে সজীৱ গুলি উদ্ধাৰ কৰা হৈছে ৷ ইয়াৰ বিপৰীতে চলোৱা আন এক অভিযানত অসম ৰাইফলছে মণিপুৰৰ সেনাপতি জিলাৰ মাৰামত 2 নং ৰাষ্ট্ৰীয় ঘাইপথত National Socialist Council of Nagalim অৰ্থাৎ ইছাক মুইভাৰ এজন শীৰ্ষ কেডাৰক আটক কৰে ৷
ত্ৰিপুৰাত ষ্টীল ষ্টকয়াৰ্ড স্থাপনৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ
ত্ৰিপুৰাৰ ভ্ৰমণৰ সময়ত ভাৰতৰ তীখা মন্ত্ৰী ৰাম চন্দ্ৰ প্ৰসাদ সিঙে ৰাজ্যখনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে । ষ্টীলৰ চাহিদাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ত্ৰিপুৰাত ষ্টীল ষ্টকয়াৰ্ড স্থাপনৰ পোষকতা কৰে মন্ত্ৰীগৰাকীয়ে ।
পাকিস্তানী সৈন্যৰ ওপৰত Baloch Liberation army ৰ আক্ৰমণ
Baloch Liberation army ৰ আক্ৰমণত নিহত পাকিস্তানৰ ফ্ৰণ্টিয়াৰ কৰ্প(Pakistan's Frontier Corps)ৰ চাৰিজনকৈ জোৱান ৷ সেনাৰ বাহনক লক্ষ্য কৰি সংঘটিত বোমা বিস্ফোৰণত চাৰিজনকৈ জোৱান নিহত হোৱাৰ বিপৰীতে দুজন সৈনিক আঘাতপ্ৰাপ্ত হৈছে ৷