ETV Bharat / state

পুৱাৰ 11 বজাৰ শীৰ্ষ 10 বাতৰি - বাঘজান তৈলখাদত উপস্থিত ছিংগাপুৰৰ বিশেষজ্ঞৰ দল

পুৱাৰ 11 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 11 AM
পুৱাৰ 11 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Jun 9, 2020, 11:13 AM IST

ভাৰতৰ সীমাত অনাধিকাৰ প্ৰৱেশ কৰাতো ল'ৰা ধেমালি নহয় : অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে কয় যে, নিয়ন্ত্ৰণ ৰেখাত চাৰ্জিকেল ষ্ট্ৰাইক আৰু উগ্ৰপন্থীৰ আক্ৰমণৰ প্ৰত্যুত্তৰত পাকিস্তানত এয়াৰ ষ্ট্ৰাইক কৰা ঘটনাই প্ৰমাণ কৰে যে, ভাৰতৰ ভূমিত অনাধিকাৰ প্ৰৱেশ কৰাটো ল'ৰা ধেমালি নহয় ৷ যিয়ে এনেকুৱা কৰে, তেওঁ শাস্তি ভোগ কৰিব লাগিব ৷

বাঘজান তৈলখাদত উপস্থিত ছিংগাপুৰৰ বিশেষজ্ঞৰ দল

অৱশেষত তিনিচুকীয়াৰ বাঘজান তৈল খাদৰ গেছ নিৰ্গত হোৱাৰ ঘটনা শাম কটাৰ দিশে ৷ বন্ধ কৰি দিয়া হ'ব তিনিচুকীয়া জিলাৰ বাঘজানৰ তৈলখাদ ৷ গেছ নিৰ্গমণৰ ঘটনা ৰোধ কৰিবৰ বাবে বিশেষজ্ঞ দলৰ প্ৰচেষ্টা অব্যাহত ৷

অনুমতি অবিহনে কয়লা খনন চলাই আছিল নেকি ক'ল ইণ্ডিয়াই ?

অনুমতি অবিহনে ক'ল ইণ্ডিয়া লিমিটেডে অব্যাহত ৰাখিছিল কয়লাৰ খনন ৷ ৰাজ্যজুৰি প্ৰতিবাদৰ পিচত পোহৰলৈ আহিছে আন এক তথ্য,কোন সঁচা কোন মিছা ? অনুমতি অবিহনে কয়লাৰ খনন চলাইছিল আছিল ক'ল ইণ্ডিয়াই ৷

আন্দোলন কৰি হোম কোৱাৰেন্টাইনলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 13 কৰ্মী

চৰকাৰী নীতি নিয়মৰ মাজেৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাই আন্দোলন কৰাৰ পাছতো অন্যায় ভাবে চাংসাৰি কোৱাৰেন্টাই কেন্দ্ৰলৈ অনাৰ অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটিয়া সাধাৰণ সম্পাদক মুকুট ডেকাৰ ৷

হোম কোৱাৰেণ্টাইনত মুখ্য়মন্ত্ৰী কেজৰিৱাল; কৰা হ'ব কৰ'ণা টেষ্ট

মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ COVID-19 ৰ টেষ্ট কৰা হ'ব । সোমবাৰৰ পৰা সামন্য জ্বৰ আৰু কাহত ভুগিছে মুখ্যমন্ত্ৰী গৰাকী । ইতিমধ্যে সোমবাৰৰ পৰা হোম কোৱাৰেণ্টাইত আছে অৰবিন্দ কেজৰিৱাল ।

অভিনেত্ৰী অনুষ্কা শৰ্মাৰ বিৰুদ্ধে তৰা গোচৰৰ ২ জুলাইত পুনৰ শুনানি

বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী, প্ৰযোজক অনুষ্কা শৰ্মাৰ বিৰুদ্ধে যোৱা ৩ জুনত জোনাই মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত তৰা হৈছিল এটা গোচৰ ৷ ২ জুলাইত পুনৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে অভিনেত্ৰী অনুষ্কা শৰ্মাৰ বিৰুদ্ধে তৰা গোচৰৰ ৷

গাভৰু কাণ্ডক সাম্প্ৰদায়িক ৰহন সনাৰ চেষ্টা একাংশ দুস্কৃতিকাৰীৰ

গাভৰু চাহ বাগিচাত সংঘটিত হোৱা দেবাশীষ গগৈৰ হত্যাকাণ্ডক উচিত তদন্তৰ লগতে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি বিহাৰ দাবীত আটছা আৰু আটাছুৰ যৌথ সভা ৷ সামাজিক মাধ্যমৰ যোগেদি নিজৰ ৰাজনৈতিক মুনাফা অথবা নিজ স্বাৰ্থ সিদ্ধিৰ বাবে সমগ্ৰ ঘটনাটোক সাম্প্ৰদায়িক ৰহণ সানিবলৈ চেষ্টা কৰা সকলক কঠোৰ সকীয়নি ৷

সোমবাৰৰ দিনটোত অসমত চিনাক্ত 154 গৰাকী ক'ভিড-19 আক্ৰান্ত

চন্দ্রপুৰত এজন যুৱকৰ দেহত ধৰা পৰিছে ক'ভিড-19 । আক্ৰান্ত লোকজনৰ ঘৰ চন্দ্ৰপুৰৰ হাজংবৰীত ৷ ৩১ মে ত অৰুণাচলৰ পৰা আহি মহানগৰীৰ পল্টন বজাৰৰ গীতাঞ্জলি হোটেলত কোৱাৰেণ্টাইন হৈ আছিল যুৱকজন ৷

কংগ্ৰেছ নেতাৰ বিৰুদ্ধে মহিলা চিকিৎসকক নিৰ্যাতনৰ অভিযোগঃ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

অন্ধ্ৰ প্ৰদেশৰ চিত্তৰত এগৰাকী চৰকাৰী চিকিৎসকক ওৱাই এছ আৰ চিপি নেতাই নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে সোমবাৰে ৰাজ্যখনৰ মুখ্য়মন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে ঘটনা সন্দৰ্ভত অপৰাধ অনুসন্ধান শাখাক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে ।

নগাঁৱত মধ্য অসমৰ আয়ুক্তৰ গুৰুত্বপুৰ্ণ বৈঠক

নগাঁও জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভা কক্ষত মধ্য অসমৰ আয়ুক্ত মলয় বৰাই জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া সকলৰ লগত এখনি বৈঠকত মিলিত হয়। বহিঃৰাজ্যৰ পৰা উভতি অহা যুৱক-যুৱতি সকলক বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে সেইসকলৰ জীৱন-নিৰ্বাহ পথ সুচল কৰি তুলিবলৈ পৰামৰ্শ দিয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.