ETV Bharat / state

দিনৰ 1 বজাৰ মুখ্য দহটা বাতৰি

author img

By

Published : Aug 7, 2020, 1:01 PM IST

দিনৰ 1 বজাৰ মুখ্য বাতৰিসমূহ

Top 10 news at 1 pm
দিনৰ 1 বজাৰ মুখ্য দহটা বাতৰি

কোভিড 19ঃ ভাৰতৰ সামগ্ৰিক তথ্য

ভাৰতীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি সম্প্ৰতি দেশত কোভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা 20,27,075 গৰাকী ৷ ইয়াৰ বিপৰীতে 41,575 গৰাকী লোকৰ এইপৰ্যন্ত মৃত্যু হৈছে ৷

অপৰাধমূলক কাৰ্যকলাপৰ ঘাটিলৈ পৰিণত সত্ৰনগৰী বৰপেটা

সত্ৰনগৰী বৰপেটা চহৰৰ সমীপৰ কান্দাপাৰা বজাৰত অবাধ পয়োভৰ ঘটিছে তীৰ, শেষ নম্বৰৰ লটাৰীকে ধৰি অপৰাধমূলক কাৰ্যকলাপৰ ৷ দীৰ্ঘদিনে চলি অহা এইসমূহ কাৰ্যৰ বিৰুদ্ধে গাঁওবাসীয়ে আৰক্ষীক অভিযোগ দাখিল কৰিছে যদিও গুৰুত্ব প্ৰদান কৰা নাই আৰক্ষীয়ে ৷

এতিয়াও জলমগ্ন ৰাজ্যৰ 10 খন জিলাৰ 158 গাঁও

ৰাজ্যৰ 33 খন জিলাৰ ভিতৰত 10 খনৰ 158 খন গাঁও এতিয়াও জলমগ্ন হৈ আছে । যোৰহাট জিলাৰ নিমাতিঘাটত বৰ্তমানেও বিপদসীমাৰ ওপৰেৰে বৈ আছে মহাবহু ব্ৰহ্মপুত্ৰ ।

মাজুলীৰ কুলামৰাত ভয়ংকৰ অগ্নিকাণ্ড

মাজুলীৰ কুলামৰাত মোহন পেগু নামৰ এজন লোকৰ ঘৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত জাহ যায় প্ৰায় লক্ষাধিক টকাৰ সা-সম্পত্তি ৷

ৰাভা ছাত্ৰ সন্থাই জব্দ কৰিলে চোৰাং কাঠৰ ঘাটি

চোৰাং কাঠ ব্যৱসায়ীৰ পৰা মাহেকত বামুণীগাঁৱৰ ৰেঞ্জাৰ কুশল দাসে ২০ হেজাৰ টকাকৈ আদায় লোৱাৰ অভিযোগ ৰাভা ছাত্ৰ সন্থাৰ ৷ তপন কলিতা নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা 50 হাজাৰ টকাৰ কাঠ জব্দ কৰি বন বিভাগক গতাই দিলে সংগঠনটোৱে ৷

শিৱসাগৰত পুনৰ সক্ৰিয় লোহা চুৰি চক্ৰ

শিৱসাগৰত পুনৰ সক্ৰিয় হৈ পৰিছে লোহা চুৰি চক্ৰ ৷ বৃহস্পতিবাৰে নিশা শিৱসাগৰ জিলা দণ্ডাধীশ পংকজ বৰাৰ উপস্থিতিত পুৰণি পুখুৰীৰ পাৰত থকা এগৰাকী মহিলাৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় চুৰি কৰা লোহা,লোহা কটা সামগ্ৰীৰ লগতে পাঁচটাকৈ চিলিণ্ডাৰ ৷

ডিমা হাছাওত ক'ভিড-19ত আক্ৰান্তৰ সংখ্যা 202 লৈ বৃদ্ধি

ডিমা হাছাওত বৰ্তমানলৈকে ক'ভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা 202 গৰাকী ৷ ইয়াৰ ভিতৰত আৰোগ্য লাভ কৰিছে 174 গৰাকীয়ে আৰু হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে 28 গৰাকী ৰোগী ৷

শিলচৰত গাতত পুতি থোৱা অৱস্থাত উদ্ধাৰ পাঁচ মহীয়া শিশুৰ মৃতদেহ

শিলচৰত উদ্ধাৰ পাঁচ মহীয়া শিশুৰ মৃতদেহ ৷ গাতত পুতি থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো ৷ উদ্ধাৰ হোৱা মৃতদেহটো বিগত 4 আগষ্টত কাজিডহৰৰ পৰা ঘৰৰ খিৰিকি ভাঙি অপহৰণ কৰি শিশুটোৰ মুক্তিৰ দাবীত 10 লাখ টকা দাবী জনাইছিল বুলি উল্লেখ কৰে আৰক্ষীয়ে ৷

ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্য়াই অতিক্ৰম কৰিলে 20 লাখৰো অধিক

ভাৰতত শুকুৰবাৰ পৰ্যন্ত কৰ'ণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 20,25,409 গৰাকীৰো অধিক ৷ covid19india.org ত প্ৰকাশ পাইছে এই তথ্য ৷

বন্দুক দেখুৱাই দুৰ্বৃত্তই লুটি নিলে স্কুটিসহ নগদ ধন

গোৰেশ্বৰত ভূমিধৰ কলিতা নামৰ শিক্ষকজনে মহৰিপাৰাৰ পৰা নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাত তিনিজনীয়া ডকাইতৰ দলে তেখেতক বাট আগচি ধৰে ৷ তেখেতক প্ৰাণে মৰাৰ ভাবুলি প্ৰদান কৰি ডকাইতৰ দলটোৱে লুটি নিয়ে স্কুটিসহ নগদ 20 হাজাৰ টকা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.