ETV Bharat / state

এক বজাৰ শীৰ্ষ দহটা বাতৰি... - Top 10 news @ 1 PM

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

Top 10 news @ 1 PM
এক বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Jun 23, 2020, 12:50 PM IST

কোভিডৰ সময়ত ভাৰতত ড্ৰোণৰ ব্যৱহাৰ

অদৃশ্য শক্তিৰ বিৰুদ্ধে হোৱা এই যুঁজখনত ড্ৰোণে বিভিন্ন ধৰণে সহায় কৰি আহিছে । ড্ৰোণ ব্যৱহাৰৰে কৰ’ণা ভাইৰাছ অধিক সংক্ৰমিত নহ’বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নানা ধৰণে সহায় কৰিছে। জানো আহক ড্ৰোণে কোভিড-১৯ ৰ বিৰুদ্ধে কেনেদৰে যুঁজত অৱতীৰ্ণ হৈছে ।

সৌৰভ দাসৰ পৰিয়ালক 5 লাখৰ চেক প্ৰদান উপায়ুক্তৰ

ডিব্ৰুগড়ৰ লেজাইত সংঘটিত সৌৰভ দাস নামৰ যুৱকজনৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি অব্যাহত থকাৰ মাজতে মঙলবাৰে পুৱাই চৰকাৰে আগবঢ়োৱা ক্ষতিপূৰণৰ চেক লৈ ডিব্ৰুগড় উপায়ুক্ত উপস্থিত হয় সৌৰভৰ বাসগৃহত ।

লেহ পৰিদৰ্শন কৰিব স্থল সেনা বাহিনীৰ মুখ্য জেনেৰেল মনোজ মুকুন্দ নাৰভানে

মঙলবাৰে লেহৰ সীমান্তৰ গালৱান ভেলী পৰিদৰ্শন কৰিব স্থল সেনা বাহিনীৰ মুখ্য জেনেৰেল মনোজ মুকুন্দ নাৰভানে । সেনা বাহিনীৰ কামাণ্ডোসকলৰ মাজত হোৱা এখন বিশেষ বৈঠকৰ পাচতে গালৱান ভেলী পৰিদৰ্শন কৰিব জেনেৰেল মনোজ মুকুন্দ নাৰভানে ।

চীনৰ সামগ্ৰী বৰ্জনৰ ফলত অধিক ক্ষতিগ্ৰস্ত হ’ব ভাৰতবৰ্ষঃ চীনা সংবাদপত্ৰ

যোৱা সপ্তাহত সীমান্তত সংঘটিত ৰক্তাক্ত সংঘাতত বিশজনকৈ ভাৰতীয় সৈন্য নিহত হোৱাৰ পাছত দেশত চীনা সামগ্ৰীৰ বিৰুদ্ধে এক জোঁৱাৰৰ সৃষ্টি হৈছে । কিন্তু চীনৰ চৰকাৰী মুখপত্ৰত দেওবাৰে ভাৰতক শান্তি বৰ্তাই ৰাখিবলৈ অনুৰোধ জনাই উল্লেখ কৰিছে যে চীনা সামগ্ৰী অবিহনে ভাৰতীয়সকল জীয়াই থকাটো প্ৰায় অসম্ভৱ ।

নুনমাটিত এজন লোকৰ দেহত কভিড পজিটিভ

নুনমাটিত কোনো ভ্ৰমণ বৃত্তান্ত নথকা এজন লোকৰ দেহত ধৰা পৰিছে Covid-19 পজিটিভ ৷

"গৰ্গ চেটাৰ্জীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাত ব্যৰ্থ সৰ্বা চৰকাৰ"-দেৱব্ৰত শইকীয়া

আহোম সম্পৰ্কত আপত্তিজনক মন্তব্য কৰা পশ্চিম বংগৰ গৰ্গ চেটাৰ্জীক শাস্তি প্ৰদানত ব্যৰ্থ সৰ্বানন্দ চৰকাৰ ৷ এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷

COVID-19ৰ ফলত সংকটাপন্ন 55 মিলিয়ন বনকৰা লোকৰ জীৱিকা : ILO

COVID-19ৰ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা লক ডাউনৰ ফলত প্ৰায় 55 মিলিয়ন বনকৰা কৰ্মীৰ জীৱিকা সংকটাপন্ন হোৱা বুলি তথ্য প্ৰদান কৰিছে আন্তৰাষ্ট্ৰীয় শ্ৰম সংস্থাই (ILO) ৷ এই 55 মিলিয়নৰ প্ৰায় 37 মিলিয়নেই মহিলাকৰ্মী ৷

দ্ৰাৱিড়ৰ অধিনায়কত্বৰ বাবে আমি তেওঁক অধিক কৃতিত্ব প্ৰদান কৰা নাই : গম্ভীৰ

ভাৰতৰ প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাৱিড় সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে । গম্ভীৰৰ মতে, ৰাহুল দ্ৰাৱিড়ৰ অধিনায়কত্বৰ বাবে তেওঁক যিমান কৃতিত্ব দিব লাগিছিল সিমান দিয়া নহ'ল । সেয়া এক দুৰ্ভাগ্য়জনক বুলি উল্লেখ কৰে প্ৰাক্তন ক্ৰিকেটাগৰাকীয়ে ।

মুম্বাইত ভয়ংকৰ অগ্নিকাণ্ড

মুম্বাইৰ মণ্ডলাৰ মানখুৰদ-ঘাটকোপাৰ লিংক ৰোডত মঙলবাৰে পুৱা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ অঞ্চলটোৰ এটা গুদামত সংঘটিত হয় এই অগ্নিকাণ্ড । ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ পাঁচখন গাড়ী উপস্থিত হৈ তিনি ঘণ্টাৰ পাছত নিৰ্বাপন কৰে জুই ৷

গণসংক্ৰমণঃ মঙলবাৰৰ পৰা গুৱাহাটীৰ ৭ টা ৱাৰ্ডত লকডাউন

ৰাজধানী চহৰ গুৱাহাটীত COVID-19 ৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত মহানগৰীৰ সাতটাকৈ ৱাৰ্ডত লক ডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে । সোমবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক'ভিড পৰিস্থিতিৰ বুজ লবলৈ অনুষ্ঠিত কৰা এক পৰ্যালোচনা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.