ETV Bharat / state

7 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

7 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

7 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
7 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Jan 9, 2021, 7:27 PM IST

অখিল গগৈয়ে জেলত কটোৱা প্ৰতিটো দিনৰ উত্তৰ 21ত ৰাইজে দিবঃ চিত্ত ৰঞ্জন বসুমতাৰী

সমত নতুনকৈ জন্ম লাভ কৰা আঞ্চলিক দল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মাজত মিত্ৰতা প্ৰায় চূড়ান্ত হোৱাৰ দিশে। মৰাণৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা ৰাইজৰ দলৰ অভিৱৰ্তনৰ তৃতীয় দিনা অসম জাতীয় পৰিষদৰ সম্পাদক চিত্ত ৰঞ্জন বসুমতাৰী উপস্থিত হৈ ৰাইজৰ দলক শুভেচ্ছা জ্ঞাপন কৰে ৷

ৰাইজৰ দলে ২১ৰ নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনাবঃ ভাস্কো ডি শইকীয়া

ৰাজ্যৰ সকলো জিলা প্ৰতিনিধিৰ সৰ্বসন্মতি ক্ৰমে অখিল গগৈক দলটোৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰে দলটোৱে । একেদৰে দলটো গঠন হোৱাৰ পৰাই মুখ্য আহ্বায়কৰ দায়িত্বত থকা ভাস্কো ডি শইকীয়াক ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি দায়িত্ব প্ৰদান কৰে ।

মাৰ্ঘেৰিটাৰ ভোগালী উৎসৱত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

সমাগত বিহুক লৈ ৰাজ্যবাসীৰ মাজত উখল-মাখল পৰিৱেশ ৷ মাৰ্ঘেৰিটাতো ব্যাপক প্ৰস্তুতি ৷ মাৰ্ঘেৰিটাবাসীৰ সৈতে বিহু উদযাপন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

জুক' ভেলীৰ জুই: নিৰাপত্তা বাহিনী নিয়োগ

জুক' ভেলীৰ জুই নিৰ্বাপনৰ বাবে স্পিয়েৰ কৰ্পচৰ নিৰাপত্তা বাহিনীৰ দল নিয়োগ ৷ জুই নিৰ্বাপনৰ বাবে এনডিআৰএফৰ সৈতে স্পিয়েৰ কৰ্পচৰ নিৰাপত্তা বাহিনীৰ দল নিয়োগ ৷ জুক' নদীৰ উত্তৰ অংশৰ এক বৃহ অঞ্চলত জুই নিৰ্বাপন ৷ 29 ডিচেম্বৰৰ পৰা বনজুইয়ে এফালৰ পুৰি নিছে সেউজীয়াৰ উপত্যকা জুক' ভেলীক ৷

অসমৰ প্ৰতিজন নাগৰিকৰ মুৰত ২৪ হাজাৰ টকাৰ ধাৰৰ বোজা

বিগত চাৰে চাৰি বছৰীয়া শাসনকালত ৰাজ্য চৰকাৰখনে মূলতঃ হিতাধিকাৰী সৃষ্টিৰ বাবে যিমানবিলাক অভিলাষী আঁচনি ঘোষণা বা ৰূপায়ণ কৰিছে তাৰে বেছিভাগেই চলিছে ধাৰৰ টকাৰে । বিগত ২০২০ বৰ্ষৰ ৭ ছেপ্টেম্বৰ পৰ্যন্ত বিভিন্ন বিদেশী বেংকৰ পৰা ৰাজ্য চৰকাৰে লোৱা ধাৰৰ পৰিমাণ হ'ল প্ৰায় ৪,৩১৪.০৬ কেটি টকা ।

উপায়ুক্ত কাৰ্যালয়ৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত বিধায়ক অশোক শৰ্মাৰ প্ৰতিক্ৰিয়া

এইয়া সৎ পথেৰে আগবাঢ়িব নোৱাৰা কোনো অসাধু লোকৰ উদ্দেশ্য প্ৰণোদিত কাম বুলি মন্তব্য কৰিছে বিধায়ক অশোক শৰ্মাই ৷ আনহাতে এইয়া দুৰ্নীতি নহয় কেৱল মাত্ৰ যান্ত্ৰিক বিজুতি বুলি দাবী কৰিছে বিধায়ক গৰাকীয়ে ৷

বিহপুৰীয়া সমষ্টিটো অগপক এৰি দিয়াৰ আহ্বান প্ৰাক্তন বিধায়ক কেশৰাম বৰাৰ

এক সংবাদমেলত মিত্ৰজোঁটৰ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি আহ্বান জনাইছে প্ৰাৰ্থীত্ব প্ৰত্যাশী অগপ নেতা গৰাকীয়ে ৷ আনহাতে যোৱা নিৰ্বাচনত বিজেপিক যথেষ্ট সহায় কৰা বুলি দাবী কৰিছে বিধায়ক গৰাকীয়ে ৷

চৰ্চাত মৰিগাঁও জিলাৰ এখন চৰকাৰী বিদ্যালয়

মায়ং প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনৰ পকৰীয়া মৌজাৰ অন্তৰ্গত এই বিদ্যালয়খন ৷ এই চৰকাৰী বিদ্যালয় খনক ন-ৰূপেৰে সজাই নতুন মাত্ৰা প্ৰদান কৰিছে বিদ্যালয় খনৰ প্ৰধান শিক্ষক গৰাকীয়ে ৷

কা' বাতিলৰ দাবীত শিৱসাগৰত AJYCPৰ প্ৰতিবাদ

কা' বাতিলৰ দাবীত শনিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ এই উপলক্ষে জিলা উপায়ুক্তৰ কার্যালয়ৰ সন্মুখত AJYCP ৰ প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে'কাৰ্ড লৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

বন-ৰাজহ বিভাগৰ চকু থলুৱা অসমীয়া ব্যৱসায়ীৰ ম‍্যাদী পট্টাৰ ভূমিত

বন বিভাগ আৰু ৰাজহ বিভাগে কোনো ক্ষয়-ক্ষতি নিদিয়াকৈ ম‍্যাদী পট্টাৰ মাটিত উচ্ছেদ চলোৱাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি অভিযোগ উত্থাপন হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.