২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ এখন গুৰুত্বপূৰ্ণ বৈঠকৰ ৷ বৈঠকত শিক্ষা, কৃষি, জলসিঞ্চনকে ধৰি কেইবাটাও গুৰুত্ব সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
নাবালিকা বিয়া কৰাবলৈ আহি আটকাধীন 7 গৰাকী লোক
শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ লালেটাপুত এগৰাকী নাবালিকাক বিবাহ কৰাবলৈ আহি আৰক্ষীৰ হাতত 7 গৰাকীকৈ লোক আটক হোৱা ঘটনাই তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে । অঞ্চলটোৰ দীঘলীচাপৰিৰ হাফিজুল ৰহমান নামৰ ৩৬ বছৰীয়া যুৱকজনৰ লগত লালেটাপুৰ এগৰাকী নাবালিকা কন্যা তথা চবিলাল এম,ই স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী গৰাকীৰ সৈতে বিবাহ সম্পন্ন হৈছিল ৷
পত্নীক দাৰে ঘপিয়াই নিৰ্যাতন চলোৱা ডাক্টৰ ছাৰে নিয়মিত লৈছিল ড্ৰাগছ
শেহতীয়াকৈ গ্ৰাহস্থ্য হিংসাৰ গোচৰত সাঙোৰ খাইছিল নগাঁৱৰ ৰহাৰ এগৰাকী চিকিৎসক ৷ জানিব পৰা গৈছে যে, পত্নী নিৰ্যাতনকাৰী ৰহাৰ ৰণথলী চিকিৎসালয়ৰ চিকিৎসক জনৈক নাথ আছিল ড্ৰাগছ আসক্ত । তেওঁ প্ৰতিদিনে নিয়মিত ভাৱে লৈছিল দুটাকৈ ড্ৰাগছৰ ইঞ্জেকচন ।
অৱশেষত আৰক্ষীৰ জালত ডিব্ৰুগড়ৰ SBI কাণ্ডৰ অভিযুক্ত
ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিৰ ভাৰতীয় ষ্টেট বেংকত মঙলবাৰে সংঘটিত সভ্য সমাজক লজ্জানত কৰা ঘটনাৰ খলনায়ক আৰক্ষীৰ জালত ৷
ফেৰী দুৰ্ঘটনা : উচিত তদন্তৰ দাবী মাজুলী যুৱ কংগ্ৰেছৰ
নিমাতীঘাটত ফেৰী দুৰ্ঘটনা সন্দৰ্ভত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক তদন্তৰ আওতালৈ অনাৰ দাবী জনাইছে মাজুলী যুৱ কংগ্ৰেছে ৷ মাজুলীৰ গড়মূৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে যুৱ কংগ্ৰেছে ৷
মই পৃথিৱীৰ বেছিভাগ কামেই জানো, সুশান্তই কেৱল দালালি কৰিব জানে: অখিল
থাওৰাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ তীব্ৰ বাক্যবাণ ৷ তূলা-ধুনা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা মন্ত্ৰী পীযুষ হাজৰিকা আৰু সুশান্ত বৰগোহাঁইক । শেহতীয়াকৈ অখিল গগৈৰ উপাৰ্জনৰ আহিলা আন্দোলন বুলি মন্তব্য আগবঢ়াইছিল ন-বিজেপি সুশান্ত বৰগোহাঁইয়ে ।
হাতী মানুহৰ সংঘাট ৰোধৰ বাবে "আৰণ্যক"ৰ বিশেষ পদক্ষেপ
ৰাজ্যৰ বহু কেইখন জিলাৰ লগতে নগাঁও জিলাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে হস্তী-মানুহৰ সংঘাট তথা বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ প্ৰতিদিনে বৃদ্ধি পোৱা এই সংঘাট ৰোধ কৰাৰ বাবে আগবাঢ়ি আহিছে "আৰণ্যক" নামৰ ৰাজ্যৰ এটি আগশাৰীৰ প্ৰসিদ্ধ স্বেচ্ছাসেৱী সংস্থা ৷
ত্ৰিপুৰাত তিনি NLFT উগ্ৰপন্থী সদস্যৰ আত্মসমৰ্পণ
উগ্ৰপন্থীৰ বিৰুদ্ধে সষ্টম ত্ৰিপুৰা আৰক্ষী । আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী স্থিতিৰ মাজতে তিনিটা দুৰ্ধৰ্ষ উগ্ৰপন্থীৰ আত্মসমৰ্পন । উগ্ৰপন্থী সংগঠনটোৰ শিবিৰৰ পৰা পলায়ন কৰিছিল উগ্ৰপন্থী কেইজনে ।
শুকুৰবাৰে ৰাজ্যজুৰি চলিব মেগা ভেকচিনেশ্যন অভিযান
প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী(Narendra Modi)ৰ জন্মদিনৰ দিনা ৰাজ্যৰ ৮ লাখ লোকক ক'ভিড-১৯ প্ৰতিষেধক(Covid-19 Vaccine) প্ৰদানৰ লক্ষ্য ৰাজ্য চৰকাৰৰ । কামৰূপ মহানগৰ জিলাত ৬০ হাজাৰ লোকক প্ৰতিষেধক প্ৰদানৰ বাবে মুকলি কৰা হৈছে ২১০ টা কেন্দ্ৰ ।
ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে 1500 পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল
বুধবাৰে ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ(Raj Kundra) বিৰুদ্ধে নতুনকৈ 1500 পৃষ্ঠাৰ চাৰ্জশ্বীট(Chargesheet) দাখিল মুম্বাই অপৰাধ শাখাৰ(Mumbai Crime Branch) সম্পত্তি কোষৰ(Property Cell) ৷ এস্প্লেনেড আদালতত(Esplanade Court) এই চাৰ্জশ্বীট দাখিল কৰা বুলি জানিব পৰা গৈছে ৷