ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Apr 5, 2021, 5:14 PM IST

5 বজাৰ দহটা শীৰ্ষ বাতৰি

5 বজাৰ দহটা শীৰ্ষ বাতৰি
5 বজাৰ দহটা শীৰ্ষ বাতৰি

অপহৃত ৰাম কুমাৰক মুকলি কৰি দিলে আলফা(স্বা)এ

বহু জল্পনা কল্পনাৰ অন্তত কুইপ'ৰ আনজন অপহৃত বিয়ষা ৰাম কুমাৰক মুকলি কৰি দিলে আলফা(স্বা)এ ৷ নাগালেণ্ডৰ মন জিলাৰ লংৱা গাঁৱৰ পৰা উদ্ধাৰ কৰা হয় অপহৃত কুইপ' বিষয়া ৰাম কুমাৰক ।

পঞ্চভূতত বিলীন বীৰ শ্বহীদ বাবলু ৰাভাৰ নশ্বৰ দেহ

সোমবাৰে গোৱালপাৰৰা দামৰাৰ আঞ্চলিক শ্মশান ঘাটত হাজাৰ হাজাৰ গুণমুগ্ধৰ উপস্থিতিত শেষকৃত সম্পন্ন কৰা হয় বীৰ শ্বহীদ বাবলু ৰাভাৰ ৷

বৰক্ষেত্ৰী সমষ্টিৰ চৰাঞ্চললৈ ৰাওনা প’লিং বিষয়া

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ই ভিএম লৈ নাওঁৰে চৰাঞ্চললৈ যাত্ৰা নিৰ্বাচনী বিষয়া সকলৰ । নলবাৰী জিলাৰ মুকালমুৱাৰ কাপলাবড়ী পাৰঘাট ইভিএম সহ দেখা গ’ল প’লিং বিষয়াসকলক ৷

নগাঁৱত সংযোজন পাঁচখনকৈ অত্যাধুনিক মৃত্যুঞ্জয় সেৱা

নগাঁৱত সংযোজন পাঁচখনকৈ অত্যাধুনিক মৃত্যুঞ্জয় সেৱা । ক’ভিড ১৯ৰ বাবে অধিক শক্তিশালী ৰূপত সাজু নগাঁও স্বাস্থ্য বিভাগ । এডভান্স লাইফ চাপ'ৰ্ট চিষ্টেম এম্বুলেঞ্চ সেৱা এতিয়া চৰকাৰী স্বাস্থ্য খণ্ডতো উপলব্ধ । অত্যাধুনিক চিকিৎসা ব্যৱস্থা থকা এম্বুলেঞ্চ সেৱা মুকলি হোৱাত আশাৰ বতৰা কঢ়িয়াই আনিছে নগাঁওবাসীলৈ ।

'অৱশেষত ১৪ দিনৰ বনবাসৰ সামৰণি পৰিল'-কাৰ্তিক আৰিয়ান

বলীউড অভিনেতা কাৰ্তিক আৰিয়ানৰ COVID-১৯ ৰ ১৪ দিনীয়া কোৱাৰান্টাইনৰ সামৰণি । ১৪ দিনৰ কোৱাৰান্টাইনৰ অন্তত COVID-১৯ নেগেটিভ ধৰা পৰে ।

যোৰহাটত বহাগী মেলা

হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ৷ ৰাজ্যবাসীয়ে এইবাৰ নিৰ্বাচনৰ গৰম বতাহৰ মাজতে পালন কৰিব আদৰৰ ৰঙালী বিহু ৷ বিগত বছৰত কৰ'ণাৰ বাবে ৰাজ্যবাসীয়ে পালন কৰিব পৰা নাছিল হেঁপাহৰ ৰঙালী বিহু তথা বহাগী মেলা ৷ কিন্তু এইবাৰ পালন কৰা হ'ব অসমীয়া প্ৰাণৰ উৎসৱ ৰঙালী বিহু ৷ এইবেলি অসমৰ সাংস্কৃতিক নগৰী হিচাপে খ্যাত যোৰহাট জিলাত ক্ৰাফ্ট কাউঞ্চিল নৰ্থ ইষ্ট নামৰ সংস্থাটোৱে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত আয়োজন কৰিছে বহাগী মেলা ৷ ১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই বহাগী মেলাত বিহু কৰ্মশালাৰ উপৰিও অনুস্থিত হ'ব বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ৷

অজিত কুমাৰ ভূঞাৰ সৈতে আছুতীয়া সক্ষাৎকাৰ...

ইটিভি ভাৰতৰ সৈতে ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাৰ আছুতীয়া সক্ষাৎকাৰ ৷ কি হ'ব 2021 নিৰ্বাচনৰ ফলাফল ? চৰকাৰ গঠন কৰিব পাৰিব নে মহাজোঁটে ? আচলতে কিহক লৈ ৰাজনীতি কৰে বিজেপিয়ে ? সকলো কথা সামৰি নয়নজ্যোতি ভূঞা সৈতে চাওঁক এই বিশেষ অনুষ্ঠান...

অক্ষয়ৰ পাছত এইবাৰ কৰ'ণাত আক্ৰান্ত 'ৰামসেতু'ৰ ৪৫ গৰাকী কলা-কুশলী

কৰ'ণাত আক্ৰান্ত বলীউড ছুপাৰষ্টাৰ অক্ষয় কুমাৰক সম্প্ৰতি মুম্বাইৰ এক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । অভিনেতা গৰাকীৰ পিছতে তেওঁৰ আহিবলগীয়া ছবি 'ৰামসেতু'ৰ ৪৫ গৰাকী কলা-কুশলী কৰ'ণাত আক্ৰান্ত হয় ।

চাৰি ৰাজ্যৰ নিৰ্বাচনৰ মাজতে মহাৰাষ্ট্ৰৰ ৰাজনীতিত পট পৰিৱৰ্তন

সোমবাৰে মহাৰাষ্ট্ৰ কেবিনেটৰ পৰা পদত্যাগ কৰিলে গৃহমন্ত্ৰী অনিল দেশমুখে ৷ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ হাতত নিজ পদত্যাগ পত্ৰ প্ৰদান কৰে দেশমুখে ৷

মিছাইল আক্ৰমণৰ পৰা জাহাজক সুৰক্ষিত কৰিবলৈ নতুন প্ৰযুক্তিৰ উদ্ভাৱন

ডিআৰডিঅ'য়ে শত্ৰুৰ মিছাইল আক্ৰমণৰ প্ৰতিহত কৰি জাহাজৰ সুৰক্ষাৰ বাবে এক উন্নত শ্বাফ প্ৰযুক্তি উদ্ভাৱন কৰিছে । তিনি প্ৰকাৰৰ অতি গুৰুত্বপূৰ্ণ প্ৰযুক্তি যেনে চৰ্ট ভেৰিয়েণ্ট শ্বাফ ৰকেট, মধ্যম পৰিসৰৰ শ্বাফ ৰকেট আৰু দীঘলীয়া পৰিসৰৰ শ্বাফ ৰকেট । শেহতীয়াকৈ, ভাৰতীয় নৌবাহিনীয়ে নৌ জাহাজত আৰৱ সাগৰত এই তিনি প্ৰকাৰৰ প্ৰযুক্তি পৰীক্ষণ কৰিছিল আৰু প্ৰদৰ্শন সন্তোষজনক লাভ কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.