ETV Bharat / state

দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি...

দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি...

দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি...
দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি...
author img

By

Published : Apr 9, 2021, 2:57 PM IST

অসমত ক্ৰমাৎ বৃদ্ধি পাইছে কভিড আক্ৰান্তৰ সংখ্যা

অসমত আৰম্ভ হৈছে ক'ভিড ১৯ ৰ দ্বিতীয়টো ঢৌ ৷ যোৱা সপ্তাহত প্ৰতিদিনে গড়ে ৭০ জনকৈ ক'ভিড আক্ৰান্ত ধৰা পৰিছিল যদিও চলিত সপ্তাহত এই সংখ্যা ১১৫ লৈ বৃদ্ধি পাইছে । এই কথা সদৰি কৰিছে ডাঃ লক্ষ্মনন এছয়ে ৷

পশ্চিম বংগৰ সুভেন্দু অধিকাৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ জাননী

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক স্পষ্টীকৰণৰ বাবে জাননী জাৰি কৰাৰ পাচতেই নিৰ্বাচন আয়োগে এইবাৰ বিজেপিৰ নেতা সুভেন্দু অধিকাৰীক জাননী জাৰি কৰিছে ৷ নিৰ্বাচনী প্ৰচাৰ সভাত কিছু সাম্প্ৰদায়িক মন্তব্যৰে ভাষণ দিয়াৰ বাবে সুভেন্দু অধিকাৰীক জাননী জাৰি কৰিছে নিৰ্বাচন আয়োগে ৷

চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত এগৰাকী বিশেষভাৱে সক্ষম মহিলা

শোণিতপুৰ জিলাৰ ৰঙাপৰাত আজিলৈকে চৰকাৰী সাহাৰ্যৰ মুখ দেখা নাই এগৰাকী বিশেষভাৱে সক্ষম মহিলাই ৷ জয়মতী কৰোৱা নামৰ দুয়োটা চকুৰে নেদেখা মহিলা গৰাকীয়ে কটাই আছে এক দুৰ্বিসহ জীৱন ৷

এগৰাকী পলাতক লোকৰ ঘৰৰ পৰা উদ্ধাৰ পোহনীয়া জন্তু, চৰাই

পেৰিণ্টালমান্নাত অৱস্থিত ‘Emergency Rescue Force’ নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই এটা ঘৰৰ পৰা এটা ঘোঁৰা, ঘোঁৰাৰ পোৱালি, তিনিটা কুকুৰ আৰু এটা পোৱালী আৰু প্ৰেমিক চৰাই উদ্ধাৰ কৰে । পোহনীয়া জন্তু আৰু চৰাইৰ গৰাকীজন কেইবাটাও গোচৰত অভিযুক্ত হোৱা হেতুকে 5 দিন পূৰ্বে পলাই যোৱা বুলি জানিব পৰা গৈছে ৷

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ ভাতৃসহ স্থানীয়ক আত্মসমৰ্পণৰ বাবে মছজিদলৈ প্ৰেৰণ

শ্বোপিয়ানত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হোৱা গুলিবৰ্ষণত এটা সন্ত্ৰাসবাদীৰ ভায়েক আৰু ইমাম নামৰ এজন স্থানীয় লোকক এটা মছজিদৰ ভিতৰত পঠিয়ায় জম্মু-কাশ্মীৰ আৰক্ষীয়ে৷ মছজিদত লুকাই থকা সন্ত্ৰাসবাদীসকলক আত্মসমৰ্পণ কৰিবলৈ এই পন্থা হাতত লয় আৰক্ষীয়ে ৷

২৮ এপ্ৰিলৰ পৰা নিউজিলেণ্ডে ভ্ৰমণৰ নিষধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা

নিউজিলেণ্ডত ভাৰতৰ পৰা যোৱা লোকৰ প্ৰৱেশৰ ক্ষেত্ৰত জাৰি কৰা অস্থায়ী ভ্ৰমণ নিষেধাজ্ঞা অহা ২৮ এপ্ৰিলৰ পৰা প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা প্ৰকট কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে । শেহতীয়াকৈ নিউজিলেণ্ডত COVID-১৯ত আক্ৰান্ত হোৱা ২৩ জন লোকৰ ভিতৰত ১৭ জন লোক ভাৰতৰ পৰা যোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতে দেশখনৰ চৰকাৰে ভাৰতীয় ভ্ৰমণকাৰীৰ ক্ষেত্ৰত অস্থায়ী নিষেধাজ্ঞা জাৰি কৰে ।

বিহুৱান বোৱাত ব্যস্ত ধিং-বটদ্ৰৱাৰ একাংশ মহিলা

বিহুৱান বোৱাত ব্যস্ত নগাঁৱৰ ধিং-বটদ্ৰৱাৰ গোখাইখণ্ডাৰ একাংশ মহিলা ৷ আপোনজনৰ লগতে পৃথককৈ অন্য লোকৰ বাবেও হাজাৰখন গামোচা প্ৰস্তুত কৰিছে মহিলাসকলে ৷

ভেকচিন ফৰ অলঃ হোৱাটছএপত উপলব্ধ নতুন ষ্টিকাৰ

বুধবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত 'ভেকচিন ফৰ অল' শীৰ্ষক ষ্টিকাৰ পেক মুকলি কৰিলে ফেচবুকৰ মালিকানাধীন হোৱাটছএপে ।COVID-১৯ প্ৰতিষেধক বিষয়ক তথ্যৰ বাবে চৰকাৰ, আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সৈতে জনসাধাৰণক সংযোগ কৰাত সহায় আগবঢ়োৱাৰ বাবে হোৱাটছএপে এই নতুন ষ্টিকাৰ মুকলি কৰে ।

নিয়ন্ত্ৰণ ৰেখাৰ বিবাদিত ভূমিত চীনা সৈন্যৰ তহল আঁতৰোৱাতো বিচাৰিছে ভাৰতে !

বৃহস্পতিবাৰে পুনৰ পূৱ লাডাখৰ নিয়ন্ত্ৰণ ৰেখাৰ বিবাদিত ভূমিত চীনৰ সেনাই তহল দিয়া কাৰ্য বন্ধ কৰিবলৈ আহ্বান জনালে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে । লগতে ভাৰতীয় সেনাই তহল দিয়া কাৰ্য বন্ধ কৰাৰো পোষকতা কৰে । দুয়োখন দেশৰ সীমান্তত শান্তি-সম্প্ৰীতি অক্ষুণ্ণ থকাতো নিশ্চিত কৰিবলৈ এই আহ্বান জনালে মুখপাত্ৰগৰাকীয়ে ৷

জন্মৰ প্ৰমাণ-পত্ৰ বিচাৰি হাহাকাৰ এগৰাকী মহিলাৰ

যোৱা ১৭ মাৰ্চত ইণ্ডিগ'ৰ বাংগালুৰু-জয়পুৰ বিমানত এগৰাকী মহিলাই সন্তান প্ৰসৱ কৰে । বাংগালুৰুৰ পৰা জয়পুৰ অভিমুখী ৬ই-৪৬৯ বিমানখনত এগৰাকী মহিলাই সন্তান প্ৰসৱ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.