নিৰ্বাচনী প্ৰচাৰৰ সময়তো মাস্ক পৰিধান বাধ্যতামূলক : দিল্লী উচ্চ ন্যায়ালয়
মুখ্য ন্যায়াধীশ ডি এন পেটেল আৰু ন্যায়াধীশ জছমিত সিঙৰ বিচাৰপীঠে কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগক জাননী জাৰি কৰি উত্তৰ প্ৰদেশৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান বিক্ৰম সিং আৰু থিংক টেংক চেণ্টাৰ ফৰ একাউণ্টেবিলিটি এণ্ড চিষ্টেমিক চেঞ্জ (চিএএচচি) ৰ অধ্যক্ষৰ পৰা মাস্ক পৰিধান কৰা বাধ্যতামূলক আবেদনৰ সঁহাৰি বিচাৰিছে ।
ভাৰত-বাংলাদেশ সম্পৰ্ক: পাৰস্পৰিকভাৱে লাভাম্বিত দুয়ো দেশ
ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাত চেষ্টা অব্যাহত ৰাখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । প্ৰধানমন্ত্ৰী মোডীয়ে লুক ইষ্ট নীতিত কেইবাটাও উন্নতি সাধন কৰি এক্ট ইষ্ট নীতি গ্ৰহণ কৰিছে । শেহতীয়াকৈ বাংলাদেশৰ স্ৰষ্টা শ্বেখ মুজিবুৰ ৰহমানক মৰণোত্তৰভাৱে মহাত্মা গান্ধী শান্তি বঁটা প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ সম্পৰ্ক শক্তিশালী কৰাত অৰিহণা যোগাইছে ।
তিৰুপতি বালাজী মন্দিৰ দৰ্শনত নিষেধাজ্ঞা
অতিমাৰী ক'ৰণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তিৰুমালা তিৰুপতি দেৱস্থানামছে (টিটিডি)য়ে তিৰুপতি বালাজী মন্দিৰত সৰ্ব দৰ্শন টোকেন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । অহা ১১ এপ্ৰিলৰ পৰা টোকেন স্থগিত অৰ্থাৎ মন্দিৰ দৰ্শন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
কেৰালাত নিৰ্বাচনী হিংসা: হত্যাকাণ্ডৰ পিচতে উত্তপ্ত কান্নুৰ
মঙলবাৰৰ বিধানসভা নিৰ্বাচনৰ পিছতে কেৰালাৰ কুথুপাৰাম্বাত এজন মুছলিম লীগৰ কৰ্মীৰ নিৰ্মম হত্যা হত্যাক লৈ কান্নুৰত উত্তেজনাময় পৰিৱেশ । হত্যাকাণ্ডটোৰ তদন্তৰ বাবে এটা বিশেষ দল গঠন কৰিছে আৰক্ষীয়ে আনহাতে জিলা প্ৰশাসনে সকলো আগশাৰীৰ দলৰ সৈতে শান্তি বৈঠকৰ আহ্বান জনাইছে।
নিৰ্বাচন হোৱা ৰাজ্যসমূহৰ ভিতৰত কেৱল বংগত হিংসাৰ উদ্ভৱ হয় : অধীৰ ৰঞ্জন চৌধুৰী
চাৰিখন ৰাজ্য আৰু এটি কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ সময়চোৱাত কেৱল পশ্চিমবংগতহে হিংসাত্মক ঘটনা সংঘটিত হয় ৷ ইয়াৰ বাবে দায়ী বিজেপি আৰু তৃণমূল কংগ্ৰেছ । বুধবাৰে এই কথা ব্যক্ত কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে ৷
পৰ্যটকৰ বাবে বন্ধ মুম্বাই
দেশৰ অৰ্থনৈতিক ৰাজধানী মুম্বাই চহৰত কৰ’ণা সংক্ৰমিত ৰোগীৰ সংখ্যা পুনৰবাৰ অপ্ৰত্যাশিতভাৱে বৃদ্ধি পাবলৈ ধৰিছে ৷ মুম্বাই চহৰৰ পৰ্যটকৰ আকৰ্ষণস্থলী গেটৱে অৱ ইণ্ডিয়াৰ সমীপৰ এলেকা পুনৰবাৰ পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে ৷
তিৰুপতিত লোকসভা উপ-নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ চন্দ্ৰবাবু নাইডুৰ
তিৰুপতিৰ সাংসদ তথা ৱাইএছআৰচিপিৰ নেতা বালি দুৰ্গা প্ৰসাদ ৰাওৰ মৃত্যু হোৱাত সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে ৷ ১৭ এপ্ৰিলত তিৰুপতি লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।
আম্বানীৰ পদুলিত বোমা সম্পৰ্কীয় গোচৰৰ অন্যতম অভিযুক্ত মনচুখ হীৰেণ
ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই বিশেষ আদালতক জনোৱা মতে, আম্বানীৰ পদুলিত বোমাভৰ্তি বাহন ৰখোৱা সম্পৰ্কীয় গোচৰত নিলম্বিত আৰক্ষী বিষয়া শচীন ৱাজেৰ সৈতে ব্যৱসায়ী মনচুখ হীৰেণো জড়িত আছিল । NIAই ৱাজেৰ কোম্পানীৰ নামত থকা এটা বেংক একাউণ্টৰ স্বাক্ষৰ লাভ কৰিছে, যিটো একাউণ্টত 1.5 কোটি টকা জমা আছে ৷
নাহৰৰ দেশত স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আজি স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন । বিগত দুটা বৰ্ষৰ পাচত অনুষ্ঠিত হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন ৷
পদুলিত ৰঙালী : ঢোল নিৰ্মাণত ব্যস্ত বাদ্যশিল্পী
অসমীয়া হেঁপাহৰ ৰঙালী বিহুটিক লৈ ৰাজ্য়ত উখল-মাখল পৰিৱেশ ৷ জীয়াৰী-বোৱাৰী, কৃষক ৰাইজৰ লগতে ব্যস্ত হৈ পৰিছে ঢোল বনোৱা শিল্পী সকলো । নগাঁৱৰ ধিঙৰ ঢোল বনোৱা শিল্পী দীন দাস ব্যস্ত হৈ পৰিছে বিহুৰ আটাইতকৈ অপৰিহাৰ্য লোকবাদ্য ঢোল সজাত ৷