বিটিচিত 17 বছৰে হাগ্ৰামাই গান্ধীৰ শাসন চলাইছিল: প্ৰমোদ বড়ো
সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰমোদ বড়োৱে বিগত সোতৰ বছৰে হাগ্ৰামাই গান্ধীৰ শাসন চলাইছিল নেকি বুলি কটাক্ষ কৰে ৷ প্ৰমোদ বড়োৱে কয় যে, এতিয়া কি শাসন চলিছে সকলোৱে দেখিছে । এতিয়া সকলোৱে পৰিৱৰ্তন আৰু উন্নয়ন বিচাৰিছে ৷ দৰাচলতে নিজৰ দোষ ঢাকিবলৈ হাগ্ৰামাই এনে মূল্যহীন মন্তব্য কৰা বুলি বিটিআৰৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে মন্তব্য কৰে ৷
মিচিং জনগোষ্ঠীক বিশ্বাসঘাটকতা কৰিলে ভূৱন আৰু ৰণোজ পেগুৱে
কংগ্ৰেছ দলৰ ‘অসম বচাও’ শীৰ্ষক অভিযানৰ অংশ হিচাপে শুকুবাৰে ধেমাজি আৰু চিলাপথাৰৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাংসদ প্ৰদ্যুত বৰদলৈয়ে ৷ ধেমাজি নগৰৰ লিলি চিনেমা হ’লৰ সন্মুখত সন্ধিয়া অনুষ্ঠিত হোৱা এখন সভাত বিজেপি দলক সমালোচনা কৰিবলৈ গৈ সদ্য গেৰুৱা বসন পিন্ধা জোনাইৰ বিধায়ক ভূৱন পেগু আৰু ধেমাজিৰ বিধায়ক ৰণোজ পেগুৰ বিৰুদ্ধে সৰৱ হৈ পৰে সাংসদ প্ৰদ্যুত বৰদলৈয়ে ৷
দুষ্কৃতিকাৰীয়ে ফালিলে অসম জাতীয় পৰিষদৰ বেনাৰ
বৃহস্পতিবাৰে নিশা 124 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ লিডু কলেজ পথ আৰু কলপৰা গাঁৱৰ পদপথত লগোৱা অসম জাতীয় পৰিষদৰ বেনাৰসমূহ কোনো দুষ্কৃতিকাৰীয়ে ফালি পেলোৱাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷
ধুবুৰীত জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আন্দোলন
দুদিনীয়া কাৰ্যসূচীৰে চৈধ্য দফীয়া দাবী পূৰনৰ দাবীত ধুবুৰী জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ অসহযোগ আন্দোলন। এই আন্দোলনৰ ফলত একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে বিভিন্ন জিলা প্ৰশাসনিক কাৰ্যালয়সমূহ।
এচিড আক্ৰমণৰ বলি হোৱা মহিলাৰ ওচৰত মন্ত্ৰী পিয়ুষ হাজৰিকা
ডিব্ৰুগড় আমোলাপট্টী নাট্য মন্দিৰৰ সন্মুখত 14 ফেব্ৰৰুৱাৰীৰ দিনা সন্ধিয়া এচিড আক্ৰমণৰ বলি হোৱা মহিলা গৰাকীৰ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী পিয়ুষ হাজৰিকাই ৷ সম্প্ৰতি মহিলা গৰাকী বিপদ মুক্ত বুলি জনাইছে চিকিৎসকে ৷ এনে ভয়ংকৰ ঘটনা অসমত নজৰবিহীন বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মহিলা গৰাকীৰ চিকিৎসাৰ সকলো খৰচ অসম চৰকাৰে বহন কৰিব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ
মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগতকৰণ কৰিব বিচৰা চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে বিক্ষোভ সমাৱেশ চিৰাঙত । বৃহস্পতিবাৰে চিৰাং জিলাত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে কাজলগাওঁৰ পৰা সমদল উলিয়ায় চিৰাং জিলা সমগ্ৰ শিক্ষা অসম কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ সমাৱেশ ৰূপায়ন কৰে । CITU জিন্দাবাদ, মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগত কৰণ নচলিব, এনজিও গ’ বেগ, আমাৰ দাবী মানিবই লাগিব, অসম চৰকাৰ হায় হায়, অসম চৰকাৰ কাম নাই আদি শ্ল’গানেৰে চিৰাং জিলা সমগ্ৰ শিক্ষা অসম কাৰ্যালয়ৰ সন্মুখত এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে ।
কাছাৰৰ শালচাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 2
বৃহস্পতিবাৰে কাছাৰ জিলাৰ শালচাপৰাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । অট’ ৰিস্কা আৰু ট্ৰেভেলাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় দুই যাত্ৰী ৷
নিৰ্বাচনক লৈ তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাসন
নিৰ্বাচনক লৈ তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাসন। ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপালা ঝাই সংবাদ মাধ্যমৰ আগত অৱগত কৰে যে, আগন্তুক বিধানসভা নিৰ্বাচনক লৈ জিলাখনৰ প্ৰশাসন সাজু হৈ পৰিছে।
ৰামৰ নাম লৈ গৰুৰ ছিণ্ডিকেট চলায় বিজেপিয়ে: লুৰীণজ্যোতি গগৈ
বৃহস্পতিবাৰে বকোৰ ছমৰীয়াত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে দলটোৰ জাতীয় সমাৱেশত উপস্থিত থাকি শাসকীয় দল বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় ৰামৰ নাম লৈ গৰুৰ ছিণ্ডিকেট চলায় বিজেপি নেতাই ৷ ছিণ্ডিকেটৰ ধনৰ অংশ উচ্চ পৰ্যায়ৰ নেতালৈকে পায় বুলিও মন্তব্য এজেপিৰ সভাপতি গৰাকীৰ ৷
ছিকিমত ভাৰতীয় সেনাই উদ্ধাৰ কৰিলে 447 গৰাকী পৰ্যটকক
ভাৰতীয় সেনাই ছিকিমৰ নাথুলাৰ ভাৰত-চীন সীমান্তৰ পৰা 447 জন যাত্ৰীক ভয়াৱহ হিমবাহৰ পৰা উদ্ধাৰ কৰে । উদ্ধাৰ কৰা আটাইকেইগৰাকী যাত্ৰীকে বৰ্তমান ভাৰতীয় সেনাই শিবিৰত ৰাখি থকা-খোৱাৰ ব্যৱস্থা কৰিছে ৷