ETV Bharat / state

3 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

3 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

3 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
3 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Dec 1, 2020, 3:00 PM IST

কা বাতিল,মূল্যবৃদ্ধি হ্ৰাসৰ দাবীৰে তামুলপুৰত আছুৰ প্ৰতিবাদ

মঙলবাৰে বাক্সাৰ তামুলপুৰত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে মূল্যবৃদ্ধি হ্ৰাসৰ দাবীৰে তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

বিএচএফৰ 56 তম প্ৰতিষ্ঠা দিৱসত উপস্থিত নাথাকে অমিত শ্বাহ

বিএচএফৰ 56 তম প্ৰতিষ্ঠা দিৱসত উপস্থিত নাথাকে দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ অমিত শ্বাহ বিএচএফৰ 56 তম প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে থকাৰ কথা আছিল ৷

বাৰাণসীত ৰাজীৱ গান্ধীৰ প্ৰতিমূৰ্তি বিনষ্ট,অশোক গেহলোটৰ প্ৰতিক্ৰিয়া প্ৰকাশ

দেশৰ বাবে নিজৰ প্ৰাণ ত্যাগ কৰা মহান নেতাসকলক অপমান কৰা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে ৷ বাৰাণসীত ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ প্ৰতিমূৰ্তি দুৰ্বৃত্তই বিনষ্ট কৰা কাৰ্যত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গোহলোটে ৷

ফিল'বাৰীত গোৰ্খা সকলৰ "দেউচি বিদায় উৎসৱ" উদযাপন

তিনিচুকীয়াৰ ফিল'বাৰীত গোৰ্খা সকলৰ অন্যতম উৎসৱ "দেউচি বিদায় উৎসৱ" উদযাপন কৰে ৷ উক্ত অনুষ্ঠানত গোৰ্খা সকলৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে ৷

চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে সততাৰে ওভতাই দিলে 40 হাজাৰ টকা

ভুলবশত একাউন্টত সোমোৱা ৪০ হেজাৰ টকা পুনৰ প্ৰকৃত গৰাকীক ওভতাই দি সততাৰ পৰিচয় দিলে শিৱসাগৰৰ এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ সংৰক্ষণৰ উৎকৰ্ষকতাৰ বঁ‌টা

মানাহ ৰাষ্ট্ৰীয় উদ্যানে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত দেখুওৱা সফলতাৰ বাবে আন্তৰাষ্ট্ৰীয় সংস্থা গ্ল'বেল টাইগাৰ ৰিজাৰ্ভৰ তৰফৰ পৰা লাভ কৰিছে 'সংৰক্ষণৰ উৎকৰ্ষকতাৰ বঁ‌টা'। ২৩ নবেম্বৰত অনলাইনযোগে অনুষ্ঠিত অনুষ্ঠানৰ জৰিয়তে এই বটা প্ৰদাণ কৰা হৈছে সংস্থাটোৱে ।

24 ঘন্টাত দেশত 31,118 জন লোক ক'ৰণাত আক্ৰান্তঃ অসমত 159 জন

24 ঘন্টাত দেশত নতুনকৈ 31,118 জন লোক ক'ৰণাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 482 জন লোকৰ ৷ 24 ঘন্টাত আসমত 159 জন লোক ক'ৰণাত আক্ৰান্ত হৈছে যদিও মৃত্যু হোৱা নাই এজনো লোকৰ ৷

21ত অগপ-বিজেপিৰ মিত্ৰজোঁটেই চৰকাৰ গঠন কৰিব : সত্যব্ৰত কলিতা

2021ৰ নিৰ্বাচনত বিজেপি আৰু অগপৰ মিত্ৰজোঁটে জয়লাভ কৰি চৰকাৰ গঠন কৰিব বুলি মন্তব্য বিধায়ক সত্যব্ৰত কলিতাৰ ৷ বিজেপি আৰু অগপই একেলগে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব বুলি মন্তব্য কৰি কলিতাই কয় যে আগন্তুক নিৰ্বাচনৰ বাবে অগপই 40 খন আসনৰ বাবে পূৰ্ণ গতিত কাম কৰি আছে ৷

কৰিমগঞ্জত বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ ৰাস উদযাপন

পাথাৰকান্দিৰ উনাম গাঁৱত বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰে 83 সংখ্যক ৰাস মহোৎসৱ ৷

ক’ভিড প্ৰটকলৰ মাজেৰে আজি হায়দৰাবাদ পৌৰ নিগমৰ নিৰ্বাচন

হায়দৰাবাদ পৌৰ নিগমৰ অধীনস্থ 150 টা সমষ্টিৰ বাবে মঙলবাৰে অনুষ্ঠিত হয় নিৰ্বাচন ৷ এইবাৰ নিৰ্বাচনত 1,122 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব প্ৰায় 74 লাখ ভোটাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.