ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা আপলৈ বৈছে জনতাৰ সোঁত
আপলৈ ধাৱমান হৈছে ৰাজ্যৰ শতাধিক ৰাইজ (Joining in AAP in Nalbari) ৷ বাদ পৰি ৰোৱা আন ৰাজনৈতিক দলৰ সদস্য তথা কৰ্মী ৷ মঙলবাৰে নলবাৰীৰ ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক সদস্যই সমূহীয়াভাৱে পদত্যাগ কৰি যোগদান কৰে আম আদমী পাৰ্টীত (AAP Joining program in Nalbari) ৷
PM Modi's Assam visit : ডিব্ৰুগড়ত প্ৰস্তুতিৰ অন্তিম বুজ ল'লে সোণোৱাল-মহন্তই
28 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আহিব অসমলৈ আৰু ৰাজ্যৰ কেইবাখনো কেন্সাৰ হাস্পতাল উদ্বোধন কৰিব (PM Modi's Assam visit) ৷ প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ ইতিমধ্যে সাজু হৈছে ৰাজ্য চৰকাৰ ৷ বুধবাৰে পুৱাই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ ডিব্ৰুগড় কৰ্কট চেণ্টাৰত উপস্থিত হৈ বুজ লয় অন্তিম প্ৰস্তুতিৰ (Sarbananda Sonowal and Keshab Mahanta inspects PM Modi's meeting spot in Dibrugarh) ।
Covid Positive in AMCH : প্ৰধানমন্ত্ৰীৰ জনসভাৰ প্ৰাকক্ষণত ডিব্ৰুগড়ত চিনাক্ত কৰ’ণা ৰোগী
শংকিত ডিব্ৰুগড়বাসী ৷ দীৰ্ঘ বিৰতিৰ মূৰত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিনাক্ত হৈছে ক'ভিড-19 ত আক্ৰান্ত ৰোগী (Covid Positive cases Increase in AMCH ) ৷
Jignesh mevani latest news : জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত চিপিআইএমৰ প্ৰতিবাদ
বৰপেটাত মঙলবাৰে চিপিআইএমৰ বৰপেটা জিলা সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰধানমন্ত্ৰীক উদ্দেশ্যি কৰা এটা টুইটক লৈ গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিয়ে(CPIM protests demanding release of Jignesh Mevani) বাওঁপন্থী দলটোৱে ৷
Controversial Facebook post against Satradhikar : মাজুলীৰ আউনীআটী সত্ৰত প্ৰতিবাদী সভা
মাজুলীৰ সত্ৰাধিকাৰক লৈ সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰা নয়নজ্যোতি বৰা ৰাইজৰ ৰোষত পৰিছে (Controversial Facebook post on Satradhikar) ৷ মাজুলীৰ সত্ৰাধিকাৰ, দল-সংগঠনৰ লগতে বৈষ্ণৱ সমাজেও নয়নজ্যোতি বৰাৰ বিৰুদ্ধে এতিয়া থিয় হৈছে ৷ যাৰ বাবে বুধবাৰে মাজুলীৰ আউনীআটী সত্ৰত আয়োজন কৰা হয় এক প্ৰতিবাদী সভা ৷
গ্ৰীষ্মকালত আপোনাক সজীৱ কৰি ৰাখিবলৈ গ্ৰহণ কৰক এই 8 বিধ ফল
গ্ৰীষ্মকালত অকল পানী সেৱন কৰাটোৱে যথেষ্ঠ নহয় ৷ গৰমৰ দিনকেইটাত নিজকে সজীৱ কৰি ৰখাতো যথেষ্ঠ গুৰুত্বপূৰ্ণ ৷ যাৰ বাবে তৰল পদাৰ্থ গ্ৰহণৰ লগতে শৰীৰটোৱে প্ৰয়োজনীয় পুষ্টি লাভ কৰাতো নিতান্তই প্ৰয়োজন ৷ গৰমৰ দিনকেইটাত বজাৰত এনে কিছুমান সতেজ ফল উপলব্ধ হয়, যিয়ে আপোনাক সজীৱ কৰি ৰখাৰ লগতে পৰিপুষ্টি সাধন কৰে ৷
বিজেপি গমন : প্ৰধানমন্ত্ৰীৰ সভাত যোগদান নহ'ব বিস্মিতাৰ
প্ৰাক্তন কংগ্ৰেছ বিধায়িকা বিস্মিতা গগৈয়ে বিজেপিত যোগদান কৰিব (Former Congress MLA Bismita Gogoi to join BJP) । প্ৰধানমন্ত্ৰীৰ ডিব্ৰুগড়ৰ সভাতে বিস্মিতা গগৈয়ে গেৰুৱা দলত যোগ দিয়াৰ চৰ্চা চলিছে । পিছে প্ৰধানমন্ত্ৰী এই ভ্ৰমণৰ কাৰ্যসূচীত বিজেপিত যোগদান কৰিব নোৱাৰিব বিস্মিতা গগৈয়ে ।
PM Modi to be visit Dibrugarh : 28 এপ্ৰিলত ডিব্ৰুগড়ত স্থানীয় বন্ধ ঘোষণা
প্ৰধানমন্ত্ৰীৰ আগমন(Modi's visit to Dibrugarh)ক লৈ 28 এপ্ৰিলত ডিব্ৰুগড়ত স্থানীয় বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী 28 এপ্ৰিলত ডিব্ৰুগড়লৈ আহি উদ্বোধন কৰিব 7 খনকৈ কেন্সাৰ হাস্পতাল ৷
Cannes 2022 : বিচাৰকৰ আসনত বলীউড ডিভা দীপিকা পাডুকন
বলীউড ডিভা দীপিকা পাডুকনে ৭৫ তম কান চলচ্চিত্ৰ মহোৎসৱত বিচাৰকৰ আসন শুৱনি কৰিব (75th Cannes Film Festival) । কান ২০২২ ৰ আন বিচাৰক সদস্যসকলৰ সৈতে থকা তেওঁৰ ফটো অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰে অভিনেত্ৰী গৰাকীয়ে ৷
জীয়ৰীৰ বলীউডত আত্মপ্ৰকাশ : অজয় দেৱগণে কি বিচাৰে ?
অৱশেষত জীয়ৰী নায়েশাৰ প্ৰসংগত মুখ খুলিলে অজয় দেৱগণে (Ajay Devgn on his daughter bollywood debut) ৷ অভিনেতাজনৰ লগতে পত্নী কাজলক সন্তান নায়েশা আৰু যুগৰ বলীউডত আত্মপ্ৰকাশ ঘটোৱাৰ ক্ষেত্ৰত কি মতামত বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত কয় যে, তেওঁলোক দুয়োৱে কেতিয়াও সন্তান দুটিক চাপ নিদিয়ে ৷