ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Jun 3, 2021, 11:07 AM IST

11 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 11 PM
11 বজাৰ দহটা শীৰ্ষ বাতৰি

যোৰহাটৰ এক বৃদ্ধ দম্পতীৰ কৰুণা গাঁথা

চৰকাৰে দৰিদ্ৰ লোকৰ বাবে কল্যাণকামী আঁচনি গ্ৰহণ কৰিছে যদিও কাৰ্যত এইবোৰ আঁচনিয়ে ঢুকি নাপায় সমাজৰ একাংশ লোকক । যোৰহাটৰ বৃদ্ধ দম্পতীৰ দুৰৱস্থা দেখিলে চকু সেমেকিব আপোনাৰ । ভগা বেৰ, ঘৰৰ চালৰ জৰাজীৰ্ণ অৱস্থা । উৰুখা পজাত অতি কষ্টেৰে দিন অতিবাহিত কৰিছে বৃদ্ধ দম্পতীয়ে ।

চিকিৎসকক আক্ৰমণকাৰীক কঠোৰ সকীয়নি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

গিয়াছ উদ্দিন নামৰ এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উদালী ক’ভিড কেয়াৰ কেন্দ্ৰত চিকিৎসকৰ ওপৰত জঁপিয়াই পৰে মৃত গিয়াছ উদ্দিনৰ আত্মীয় । যিয়ে যেনেকৈ পাইছে কেৱল প্ৰহাৰ কৰিছিল কৰ্তব্যৰত চিকিৎসকজনক । ক’ভিড কেয়াৰ কেন্দ্ৰটোৰ ভিতৰৰ পৰা প্ৰহাৰ কৰি বাহিৰলৈ উলিয়াই আনি মাটিত পেলাই আক্ৰমণ কৰিছিল চিকিৎসকজনক ।

এক লাখ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ: ৮৯৬ পদৰ প্ৰথমটো বিজ্ঞাপন প্ৰকাশ

এক লাখ নতুন নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰথমটো পদক্ষেপ হিচাপে ইতিমধ্যে স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে প্ৰথমটো বিজ্ঞাপন । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইছ এম) ৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে ৮৯৬ টা ষ্টাফ নাৰ্চ পদৰ বাবে বিজ্ঞাপন ।

মাজুলীত এমজিএনৰেগাৰ অধীনত হোৱা নিৰ্মাণৰ কামত গাফিলতি

মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাৱনাপাৰ পঞ্চায়তৰ বৰবিলা বচাদলনীত এমজিএনৰেগাৰ অধীনত নিৰ্মাণ হোৱা প্লেটফৰ্মৰ কাম অতি নিম্নমানৰ হোৱাৰ অভিযোগ ৷ নিৰ্মাণৰ নামত আৱন্তিত সমুদায় ধন বিভাগীয় বিষয়া আৰু মধ্যভূগীয়ে মিলি আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

চিকিৎসক নিগ্ৰহ কাণ্ডৰ তদন্তৰ দায়িত্ব অৰ্পন বিবেকানন্দ দাসক

লংকাৰ উদালিত সংঘটিত হোৱা চিকিৎসক প্ৰহাৰৰ ঘটনাৰ উচিত তদন্তৰ বাবে চি আই ডি বিভাগৰ বিষয়া বিবেকানন্দ দাসক প্ৰদান কৰা হ’ব দায়িত্ব ৷ সংবাদ মাধ্যমযোগে এই কথা প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷

চিকিৎসক নিগ্ৰহৰ বিৰুদ্ধে ৰাজ্যজুৰি চিকিৎসকৰ প্ৰতিবাদ

বুধবাৰে ৰাজ্যজুৰি চিকিৎসকসলে ক’লা বেজ পৰিধান কৰাৰ উপৰি চিকিৎসাল সমূহৰ সাধাৰণ বহিঃবিভাগ পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে উদালী কাণ্ডৰ বিৰুদ্ধে । ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ বিভিন্ন প্ৰান্তত প্ৰতিবাদত বহা দেখা গৈছে চিকিৎসক আৰু চিকিৎসাকৰ্মী সকলক ৷

লকডাউনে এতিয়া বিপাঙত পেলাইছে ধিঙৰ খেতিয়কক

মহামাৰী কভিড নিয়ন্ত্ৰণৰ বাবে ৰাজ্যত ঘোষণা হোৱা মিনি লকডাউনত অধিক জুৰুলা হৈছে খাটিখোৱা লোকসকল ৷ বিপাঙত পৰিছে ধিঙৰ খেতিয়ক সকল ৷ পথাৰতে পকি, পথাৰতে গেলিছে উৎপাদিত ফচল ৷ গৰু-ছাগলীৰ খাদ্যলৈ ৰূপান্তৰিত খেতিয়কৰ কষ্টোপাৰ্জিত ফচল ৷

মাজুলীত নিৰ্মাণ হৈছে ভাম্যমান নৌকা চিকিৎসালয়

৩৬ লক্ষ্য টকা ব্যয় সাপেক্ষে মাজুলীত নিৰ্মাণ হৈছে ভাম্যমান নৌকা চিকিৎসালয় । মাজুলী শালমৰা শিল্পীয়ে নিৰ্মাণ কৰি উলিয়াইছে এই নৌকা চিকিৎসালয় খন । এই চিকিৎসালয়খনে চৰ-চাপৰিকে ধৰি দূৰ্গম অঞ্চলত বসবাস কৰা লোকৰ বাবে হ’ব অধিক সহায়ক ।

ডুমডুমাত দুৰ্বৃত্তৰ চুৰিকাঘাটত যুৱক আহত

এফালে কৰ’ণা মহামাৰীৰ বাবে মানৱ জীৱন বিপন্ন হৈ পৰিছে; কিন্তু একে সময়তে ৰাজ্যত আইন শৃংখলা ভংগ কৰি আহিছে বিভিন্ন দুষ্কৃতিকাৰীৰ লগতে বিকৃত মানসিকতাৰ এচাম লোকে ৷ শেহতীয়াকৈ, হত্যা, ধৰ্ষণ, চিকিৎসক নিগ্ৰহৰ দৰে ঘটনাই উত্তাল কৰিছে ৰাজ্য ৷ এনে সময়তে ডুমডুমাৰ এখন হোটেলত সংঘটিত হৈছে কাম কৰি জীৱন নিৰ্বাহ কৰা এজন যুৱকক দুৰ্বৃত্তই চুৰিকাঘাট কৰাৰ ঘটনা ৷

চিকিৎসাকৰ্মীক পুনৰ প্ৰহাৰ: আটক চাৰিজন

লংকাৰ ফুলতলী ক’ভিড কেয়াৰ চেন্টাৰৰ পাচতেই কাছাৰৰ কাটিগড়াৰ কালাইন হাস্পতালত সংঘটিত হৈছে চিকিৎসকক আক্ৰমণৰ আন এক ঘটনা ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে চাৰিজন অভিযুক্তক আটক কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.