মৃত্যুৰ ওচৰত হাৰ মানিলে ৰাজকন্যাই খুন্দিয়াই ঘূণীয়া কৰা যোছেফ মাৰাকে
যোছেফ মাৰাক(Joseph Marak) আৰু নাই ৷ 1 অক্টোবৰৰ নিশা বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱা(Rajkanya Baruah)ই সুৰাৰ নিচাত মাতাল হৈ নিজৰ বাহনেৰে মহতিয়াই নিছিল আঠজনকৈ শ্ৰমিকক । এই আঠজন শ্ৰমিকৰ ভিতৰত আছিল যোছেফ মাৰাক, যিয়ে দুৰ্ঘটনাটোত দুয়োখন ভৰি হেৰুৱাবলগীয়া হৈছিল ৷
দেৰগাঁৱত বিহ দি নিধন শতাধিক শৰালি হাঁহ
শীতকালত ৰাজ্যলৈ আগমন ঘটে ভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ ৷ কিন্তু একাংশ দুৰ্বৃত্তই বিভিন্ন উপায়েৰে হত্যা কৰি আহিছে পক্ষীসমূহক ৷ তেনে এক ঘটনা সংঘটিত হৈছে দেৰগাঁৱত ৷ শেহতীয়াকৈ দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া নপমুৱা-শলমাৰীৰ বিলত হাজাৰ হাজাৰ পৰিভ্ৰমী শৰালি হাঁহ নিধন কৰিছে দুৰ্বৃত্তই ৷ খাদ্যত বিষ দি নিধন কৰা হৈছে এই পক্ষীসমূহক ৷
হোজাইৰ বেদখলৰ আঁৰত জড়িত ছিণ্ডিকেট চক্ৰ : শিলাদিত্য দেৱ
কোনো বিক্ষিপ্ত ঘটনা অবিহনে সমাপ্ত হ’ল হোজাইৰ উচ্ছেদ অভিযান ৷ বিশ্বনাথ, গৰুখুঁটিৰ পিছতে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি দুদিনীয়াকৈ হোজাইত চলিছিল এই উচ্ছেদ অভিযান ৷ উচ্ছেদকাৰ্যত প্ৰশাসনক সহায় আগবঢ়াইছিল বেদখলকাৰীসকলে ৷ তেওঁলোকে অস্থায়ী শিবিৰত বাহৰ পাতিছিল ৷ হোজাইৰ উচ্ছেদ সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে ৷
ত্ৰিপুৰাত নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে ২০ খনকৈ এজাহাৰ CPI(M)ৰ
বিজেপি আৰু চিপিআই(এম)ৰ মাজত অব্যাহত আছে সংঘাত । কৰ্মী আৰু প্ৰাৰ্থীক আক্ৰমণৰ অভিযোগত বিজেপিৰ বিৰুদ্ধে বিভিন্ন থানাত ২০ খনকৈ এজাহাৰ দাখিল কৰিছে চিপিআই(এম) দলে ।
তেজপুৰত উপস্থিত ‘বৰ্ডাৰ ৰোডছ’ৰ বাইক ৰেলী
দেশৰ 75 সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিগত 14 অক্টোবৰত সীমান্ত পথ নিৰ্মাণ সংস্থা 'বি আৰ অ'ৰ বাইক ৰেলীৰ ফ্লেগ অফ কৰিছিল দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ মঙলবাৰে এই দলটো নতুন দিল্লীৰ পৰা তেজপুৰত আহি উপস্থিত হয় ৷
নাছাই ২০২৫ চনলৈকে পিছুৱালে চন্দ্ৰত মহাকাশচাৰী অৱতৰণৰ সময়সূচী
স্পেচএক্সক (SpaceX) চন্দ্ৰ লেণ্ডাৰ নিৰ্মাণৰ বাবে প্ৰদান কৰা একক উৎসৰ চুক্তিক লৈ হোৱা প্ৰতিবাদৰ ফলত নাছাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে । পলম হোৱাৰ আন এটা কাৰণ ট্ৰাম্প প্ৰশাসনে নিৰ্ধাৰণ কৰা ২০২৪ চনৰ সময়সীমা, যিটো কাৰিকৰী সম্ভাৱ্যতাৰ ওপৰত আধাৰিত নাছিল ।
কৰিমগঞ্জত বাংলাদেশী দম্পতী আটক
মঙলবাৰে কৰিমগঞ্জৰ চুড়াইবাড়ীত দুই বাংলাদেশী নাগৰিক(Bangladeshi Citizen)ক আটক কৰা হয় ৷ আগৰতলাৰ পৰা শেৰওয়ালী ট্ৰেভেলছ নামৰ এখন নৈশ বাছত গুৱাহাটী অভিমুখে ৰাওনা হোৱাৰ সময়তে চুড়াইবাড়ী আৰক্ষী(Churaibari Police)য়ে আটক কৰে বাংলাদেশী স্বামী-স্ত্ৰীক ৷ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত দালালৰ সহযোগত অসমত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল দুই স্বামী-স্ত্ৰীয়ে ৷ সম্প্ৰতি দুয়োকে জিম্মাত ৰাখি সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফটোগ্ৰাফী প্ৰতিযোগিতাত জিলিকিল জ্যেষ্ঠ ফটো সাংবাদিক সৌৰভ দুৱৰা
বিশ্বৰ অন্যতম পুৰণি ফটোগ্ৰাফীৰ সংগঠন 'FIAP' ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত ইটালীৰ 'Foto Arte' য়ে আয়োজন কৰা ফটোগ্ৰাফী প্ৰতিযোগিতাত বিশ্বৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰিলে ডিব্ৰুগড়ৰ বিশিষ্ট আলোকচিত্ৰ শিল্পী তথা ডিব্ৰুগড়ৰ জ্যেষ্ঠ ফটো সাংবাদিক সৌৰভ দুৱৰাই ৷
ভাৰতীয় টি-20 দলৰ নতুন অধিনায়ক ৰোহিত শৰ্মা
বিৰাট কোহলীৰ পিছত ভাৰতীয় টি-20 দলটোৰ অধিনায়কৰ দায়িত্ব ল’বলৈ সাজু ৰোহিত শৰ্মা ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে খেলিবলগীয়া টি-20 শৃংখলাত দলটোক নেতৃত্ব প্ৰদান কৰিব ৰোহিত শৰ্মাই ৷
IIT গুৱাহাটীত চাৰিটাকৈ ড্ৰোণ টেকন’ল’জি কেন্দ্ৰ মুকলি
মঙলবাৰে গুৱাহাটী আই আই টিত চাৰিটাকৈ ড্ৰোণ টেকন’ল’জি কেন্দ্ৰ মুকলি কৰা হয় ৷ কেন্দ্ৰকেইটা উদ্বোধন কৰে কেন্দ্ৰীয় ৰাজ্যিক অসামৰিক বিমান পৰিৱহণ মন্ত্ৰী জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভি কে সিঙে ৷